যৌৱনা নাৰী-সান্নিধ্য শইকীয়া


ঐ,, তই হেনো যৌৱনা নাৰী?
কিন্তু তোৰ বাবে এই যৌৱন,,
বেদনাৰে ভৰা এটি হাঁহি।।
সুখে-দুখে পাৰ কৰি অহা,,
তোৰ এই যৌৱন,,
জীৱন গঢ়াৰ এক সংগ্ৰাম।।
হাজাৰটা আশাৰ বান্ধোনেৰে,,
হাজাৰটা প্ৰত্যাহ্বান।।
যৌৱনা নাৰী মনৰ লক্ষ্য,,
হঠাৎ,, ক'ত যে বিলীন হ'ল।।
ক'ত পায়,, ক'ত বাৰু যায়,,
আপোনজনৰ আশ্ৰয়।।
ই হেনো যৌৱনা নাৰীৰ যৌৱন।।
উঠলিছে যৌৱনা নাৰীৰ মন।।
পিছে হাত-বাউলি মাতিবও মন,,
গভীৰ তৃপ্তিৰ মাদকতাৰে ভৰা চাৱনি।।
তালৈ যাবও খুজিছে,,
লগতে এখোজ আগবাঢ়িছে,,
কিন্তু দুখোজ পিছুৱাই আহিছে।।
কিয়নো তাই ভৱিষ্যতৰ তৃপ্তিৰ মাদকতা,,
চেষ্টাৰ বিফল হৈ মৰহি থাকিল।।
পিছে যৌৱনা নাৰীয়ে স্বৰ্গৰ দৰে সুখ,,
আৰু প্ৰকৃত জীৱন পাইছে নে ?
কিন্তু তাই কান্দিবলৈ পাহৰি গ'ল,,
অশ্ৰুনো কি সেয়াও পাহৰি গ'ল,,
কি আচৰিত নহয় জানোঁ ?
অলপ গৈয়ে ৰৈ গ'ল,,
ভগা-ছিগা জীৱন সংগ্ৰামৰ ৰে'লখন
বিচাৰি নাপালে ৰ'বলৈ প্ৰকৃত স্থানত।।
ই হেনো যৌৱনা নাৰীৰ যৌৱন।।

✍️সান্নিধ্য শইকীয়া
শিৱসাগৰ

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send