যান্ত্ৰিকতা আৰু আত্মীয়তা~অনুভৱ-প্ৰিয়ংকা গায়ন

©Admin
0
নেটৱৰ্ক,সামাজিক মাধ্যম,ইণ্টাৰনেট এইসমূহৰ মাজতে আজিৰ মানৱ সমাজ ব্যস্ত।কাৰোৰে মনতে নপৰে মাহী,পেহী,জেঠাই,মামা,ককা-আইতালৈ।মনত পৰিবই বা কিয়?আজিৰ দিনতটো আগৰ দৰে চিঠি আহিব বুলি ডাকোৱাললৈ ৰৈ থকাৰ সময় নাই।মন কৰিলেই কথা পাতিব পাৰি, চাবও পাৰি।আজিকালি পেহী ভতিজাৰ মাজৰ সম্পৰ্কও এনেকুৱা নহয় যে একেখন কাঁহীতে ভাত খাব!মামা, মাহীৰ কথাটো দূৰতেই একেলগে থকা ককা - আইতাৰ লগত কথা পাতিবৰ বাবে আজিৰ নাতিৰ সময় নাই।
       সকলো ব্যস্ত কেৱল নিজক লৈ।আত্মীয়তাবোৰ হেৰাই যাব ধৰিছে।মৰমবোৰত ঘূণে ধৰিছে,আজিৰ মৰমবোৰৰ মাজত যেন কৰ'বাত নহয় কৰ'বাত স্বাৰ্থ থাকে।স্বাৰ্থবিহীন মৰমবোৰ আজি নাইকিয়া হৈ যাব ধৰিছে।আধুনিকতাৰ পৰশত আত্মীয়তাৰ যি অনুভূতি আছিল তাতো আজি কৃত্ৰিমতা আহি পৰিছে।
         ককা - আইতাৰ সাধু শুনাৰ পৰা আজি নাতি - নাতিনী সকল বঞ্চিত।পেহীৰ নিৰ্ভেজাল মৰমৰ পৰা যেন আজি ভতিজা - ভতিজী সকল প্ৰতাৰিত।মাহী - জেঠাইহঁতৰ যি হেঁপাহ আজি সেইবোৰৰ বাবে ভাগিনবোৰে হাবাথুৰি খাব লাগে।
           সকলো সময়ৰ পাকচক্ৰত পৰি সলনি হৈ গৈ আছে।আগৰ মাহী, পেহীৰ সলনি আজি "aunt"শব্দ কেতিয়াও আন্তৰিকতাৰে ভৰপূৰ হ'ব নোৱাৰে।"uncle","aunt"এই শব্দবোৰৰ মাজত সেই আত্মীয়তাও বিচাৰি নাপাওঁ।সময়ৰ সোঁতত আজি সকলো বহ্নিমান সুঁতিৰ দৰে বৈ গৈছে।ঠায়ে-ঠায়ে সুঁতি সলাই অন্য পথ গ্ৰহণ কৰি আগুৱাই গৈছে।বৰ্তমানৰ যান্ত্ৰিক মনত এয়াই আত্মীয়তা।

✍️প্ৰিয়ংকা গায়ন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)