ক'ভিড -১৯ আৰু আগন্তুক দুৰ্গোৎসৱৰ প্ৰস্তুতি

Rinku Rajowar
0
সৌ সিদিনা নিয়ৰবোৰে দুবৰিত মুকুতাৰ দলিচা পাৰোঁতে, শেৱালিৰ স্নিগ্ধ সুবাসে চৌপাশে আমোলমোলাওতেই শৰত আহি পাইছিলহি। এই শৰতৰ আগমনৰ আমেজে প্ৰকৃতিৰ বুকুলৈ কঢ়িয়াই আনে এক নান্দনিক অনুভৱ। নিয়ৰৰ সিক্ততাৰ দৰেই প্ৰতি গৰাকী প্ৰকৃতি প্ৰেমীৰ হৃদয়ত শৰতে বুৰাই পেলাই এক ভিজা ভিজা অনুভৱেৰে। এই শৰতৰ বুকুতেই শেৱালিৰ শুভ্ৰতাই পবিত্ৰ সুগন্ধি বিলোৱাৰ সময়তেই আগমন ঘটে আহিনৰ।গোটেই বছৰটোৱেই যেন সকলোৱে অপেক্ষা কৰি থাকে আহিনৰ বাবে। কতজনৰ যে কিমান হেঁপাহ? সকলোৰে মন প্ৰাণ পুলকিত কৰি তোলা আহিনক লৈ কিমান যে সপোন, আশা! ৰঙা -নীলা বেলুনৰ দৰেই সকলোৰে মনবোৰ ৰঙীন কৰি তোলা আহিনৰ বাবে সকলোৱে যেন অধীৰ আগ্ৰহেৰে বাট চাই থাকে। কিয়নো এই আহিনৰ কোলাতেই আগমন ঘটে শাৰদী ৰাণী দুৰ্গাদেৱীৰ।

   শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ আগমনত কিদৰে আয়োজন কৰিব তাৰ বাবে উদ্যোক্তাসকলে গোটেই বছৰজুৰি পৰিকল্পনা কৰি থাকে। কিমান সুন্দৰ ৰূপেৰে সজাই পৰাই তুলিলে দুৰ্গাদেৱীৰ দৰ্শনৰ বাবে জনসমাৱেশ ঘটিব তাৰ বাবেও বহু প্ৰস্তুতি চলাবলগীয়া হয়। অসুৰক বধ কৰাৰ দৰেই দহোহস্তৰ অধিকাৰী দুৰ্গাই সমাজৰ সকলো অসূয়া-অপ্ৰীতি, হিংসা -অশান্তি সকলো বিনাশ কৰি শান্তিৰ সৌধ নিৰ্মাণ কৰিব ।কণ কণ শিশুসকলেও নানা ৰঙীন চোলা, বেলুনৰ দৰেই নিজৰ মনটোক ৰঙীন কৰি তোলাৰ বাবে আনন্দত আত্মহাৰা হোৱাৰ সমান্তৰালকৈয়ে অভিভাৱকসকলো নিজৰ সন্তানক দুৰ্গোৎসৱতে নতুন সাজ এযোৰ পিন্ধোৱাৰ যে কিমান উৎসুকতা থাকে। ঐশ্বৰিক শক্তিৰ উপাসনা কৰা সকলৰ শ্ৰদ্ধা, আগ্ৰহ বা অন্তৰৰ কামনাৰ কথা উল্লেখ নকৰিলেও সকলোৰে সহজবোধ্য। 

কিন্তু কোনেও কল্পনা নকৰা মানৱ সমাজ বিধ্বংসী অচিনাব্যাধিৰ আগমনে ২০২০ বৰ্ষটোত সকলোৰে জীৱনৰ ঘঁড়ীৰ কাঁটাডালেই সালসলনি কৰি পেলালে। ক'ভিড- ১৯ ৰ ত্ৰাসে মৃত্যুৰ বিভীষিকা কঢ়িয়াই আনি গোটেই বিশ্বকে স্থগিত কৰি তুলিলে। লকডাউন, সামাজিক দূৰত্ব,মাক্স পৰিধান, চেনিটাইজাৰৰ ব্যৱহাৰ আদিত খুউব কম সময়তে অভ্যস্ত হৈ পৰা মানুহৰ বাবে এতিয়া জীৱন- মৰণৰ তুলাচনীডালৰ ওজনো প্ৰায় সমানেই হৈ পৰিছে ।আন বছৰৰ দৰে জাক জমকতাৰে, পাৰ নোপোৱা মানুহৰ সমাগমেৰে শাৰদী ৰাণীক আদৰাটো সম্ভৱপৰ নহ'লেও ক'ভিড -১৯ ৰ সকলো নীতি-নিয়ম পালনেৰে দুৰ্গোৎসৱৰ প্ৰস্তুতি চলাইছে উদোক্তাসকলে। দেশৰ ভিতৰতে আটাইতকৈ উলহ -মালহেৰে পালন কৰা পশ্চিমবংগৰ চৰকাৰেও ক'ভিড -১৯ ৰ বিভীষিকাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ নীতি -নিৰ্দেশনা বান্ধি দিছে। মুকলিকে পেন্দেল নিৰ্মাণ কৰাৰ আদেশ দিছে যাতে সামাজিক আৰু শাৰিৰীক দূৰত্ব বজাই ৰাখিব পাৰে, তদুপৰি পূজাৰীয়ে মন্ত্ৰ পাঠ কৰোঁতে মাইক্ৰফোনৰ ব্যৱহাৰ কৰিলে সকলো উপাসকে শুনিব পাৰে।তদুপৰি বলি বিধানৰ পৰ্বও এইবছৰ নিষেধ কৰিছে দুৰ্গাদেৱীৰ পূজামণ্ডপ। দূৰ্গাদেৱীৰ চৰণত অৰ্পণ কৰাৰ বাবে সকলো উপাসকেই সেই ক্ষণৰ বাবে ৰৈ থাকিব লগা হয় ফলত মানুহৰ সমাগম অধিক হয়। গতিকে এইবাৰ পূজা কমিটিয়ে নিজে সজাগ হৈ কটকটীয়া নীতি -নিয়মৰ মাজেৰে ক'ভিড -১৯ ৰ প্ৰট'কল ৰক্ষা কৰি দুৰ্গোৎসৱৰ আয়োজন কৰিলেহে মহামৰ্দিনী দুৰ্গা দেৱীৰ উপাসনা কৰাৰ লগতে কৰ'ণা ভাইৰাছৰ সংক্ৰমণৰ সম্ভাৱনাও কিছু পৰিমাণে উপশম ঘটিব বুলি আশা কৰিব পাৰি৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)