মোবাইল চলোৱা ছোৱালীজনী-এন হক ( জান)

©Admin
0
                    
লাজবোৰ একাষৰীয়া কৰি সৌন্দৰ্য্যৰ প্ৰতিযোগিতা 
তাইৰ আভিজাত্য দেহাত 
ৰাজআলিৰ গতিৰোধকবোৰে বাধা দিলেই 
ওফন্দি উঠে কৰদৈ যোৰ । 

শগুণীয়া লক্ষ্যবোৰ ঢুকি নোপোৱাকৈ 
অনৰ্গল স্পৰ্শ কৰি যায় 
মোবাইলৰ কীপেড । 

তাইৰ ভাৱনাৰ অৰণ্যত আউল নলগাকৈ 
অবাধ্য চুলিকোচা বতাহত উৰি আহি
চুই যায় তাইৰ দুগাল । 

শিহৰিত হয় ঢেঁকুৰাৰ কলিজা 
ওঁঠ চেলেকি তৃপ্তি পুৰায় 
প্ৰেমপ্ৰত্যাশী অনৈতিক অনুৰক্ত.....

সিহঁতৰ বাৰু অপৰাধ কি ?  
বৰফত উষ্ণতাৰ উচ্চ-চাপত বিগলিত তো হ'বই 
প্ৰয়োজন এখন সেউজীয়া পোচাক । 

গভীৰৰ পৰা গভীৰতমলৈ সোমাই যোৱা
মোবাইল চলোৱা ছোৱালীজনীৰ 
পূৰঠ আধুনিকতাই চৰিত্ৰ অৱক্ষয়ৰ 
স্বাক্ষৰ বৈ 
ক্ৰমশঃ 
খহি পৰে নৈতিক দৃষ্টিত। 

✍ এন হক ( জান)
হেলনাৰ পাম, হাউলী, বাক্সা 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)