আশাৰ বোকোচাত উঠি
সপোনবোৰ দুলিছে
নৈৰাশ্যৰ অৰণ্যত
কোলাহলবোৰ নিঃশব্দে ঝুলিছে
অই সুখ,
দিঠকৰ পদূলিত
কেতিয়া সিঁচিবি ভৱিষ্যতৰ বীজ?
কোলাহলবোৰ সামৰি
মেলি দিবিচোন নৈশব্দৰ আঁচল.....!!!
আনন্দৰ স্ফুলিংগত বিস্ফোৰিত হওঁক
দুখৰ বীজ
আৰু.....
ছটিয়াই দিবি এমুঠি প্ৰশান্তি
নিস্তব্ধতাৰ প্ৰকোপত ছাঁই হৈ যাওঁক
বুকুৰ সমস্ত বিষাদ.....।।
✍️ প্ৰজ্ঞা দেৱী ভূঞা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ