শিশুবোৰ ফুলৰ দৰে ( দহজনে পাৰে যিটো )

©Admin
0

বাস্তৱ , চাওঁ এইফালে আহাঁ  
বাস্তৱ বেঞ্চৰ পৰা উঠি আহি ছাৰৰ কাষত ঠিয় হ'ল।
ছাৰ--- বাস্তৱ ।
 বাস্তৱ--- ছাৰ ।
ছাৰ-- মই যোৱাকালি বুজাই দিয়া কবিতাটোৰ প্রথম দহশাৰী মুখস্থ মাতা ।
বাস্তৱ--- ছাৰ, মই মাতিব নোৱাৰিম মুখস্থ হোৱা নাই।
ছাৰ-- কিয় নোৱাৰা তুমি ?
বাস্তৱ মনে মনে থাকিল । শিক্ষকে এইবাৰ বিদিশাক মাতিলে ।
ছাৰ-- বিদিশা। 
বিদিশা--- ছাৰ ।
ছাৰ--- আহা , তুমি মাতাহি । 
বিদিশা নিজৰ ঠাইৰ পৰা উঠি আহিল আৰু ছাৰৰ ওচৰত ঠিয় হৈ কবিতাটো মাতি যাবলৈ ধৰিলে ।

           নোৱাৰোঁ
   নোৱাৰোঁ কথাটি হেৰা বেয়া কথা বৰ ,
   কদাপি নহয় সিটো কথা মানুহৰ ।।
   এলেহুৱা যিটো হয় নোৱাৰোঁ সিটোৱে কয় ,
তেনেহ'লে তুমি কিয় নোৱাৰোঁ বুলিবা ,
 এলেহুৱা হৈ কিয় জীৱন ধৰিবা ।।
  ভাল নাম পাবলৈ যদি কৰা মন ,
  তেনেহ'লে তুমি কিয় নোৱাৰো বুলিবা
  এলেহুৱা হৈ কিয় জীৱন ধৰিবা ।।
.......................................
একেবাৰে নোৱাৰিলে এশবাৰে কৰা
এনেদৰে এজন এজনকৈ প্রায় কেইজন ছাত্ৰ/ ছাত্ৰীয়ে শিক্ষকৰ নিৰ্দেশ মৰ্মে কবিতা মুখস্থ মাতিলে।বাস্তৱ শিক্ষকৰ ওচৰত ঠিয় হৈ থাকিল ।এইবাৰ শিক্ষকে বাস্তৱক ক'লে দেখিলানে বাস্তৱ , আজি তোমাৰ সন্মুখতে তোমাৰ বন্ধু/ বান্ধৱীসকলে কবিতা মুখস্থ মাতিলে আৰু তুমি ভাল ল'ৰা হৈও মাতিব নোৱাৰিলা । মই ভাবি আছিলো বাস্তৱে পাৰিবই ।কিন্তু তুমি নোৱাৰিলা ।তাৰমানে এইটো নহয় যে তুমি নোৱাৰা ।মই ভাৱিছো , কবিতাটো তুমি পঢ়িবলৈ চেষ্টা কৰা নাই ।সেয়েহে তুমি পৰা নাই।একো কথা নাই বাস্তৱ , আজি পৰা নাই তুমি কালিলৈ পাৰিবা । হয়নে নহয় ?
বাস্তৱ-- ছাৰ , হয় ।
বাস্তৱে ছাৰক সঁচা কথা ক'লে ।
ছাৰ কালি ৰাতি মই কবিতাটো পঢ়িব নোৱাৰিলো । 
 ছাৰ-- কিয় নপঢ়িলা ? তুমি সঁচা কথা কোৱা বাবে মই তোমাক ভাল পাইছোঁ ।মই জানো তোমাৰ ক্ষেত্ৰত ক'ৰবাত কিবা এটা হৈছে । কিবা গণ্ডগোল হৈছে ।নহ'লে তুমি নোৱাৰাৰ কথা নাই ।বাৰু কোৱাচোন তুমি কিয় পঢ়িব নোৱাৰিলা ।
বাস্তৱ--- ছাৰ কালি ৰাতি মাৰ খুউব জ্বৰ ,মই মাৰ ওচৰত বহি থাকি কপালত কাপোৰৰ পটী দি আছিলো , তাৰোপৰি ৰাতি কাৰেণ্ট নাছিল , বিল দিব নোৱাৰাৰ বাবে ঘৰৰ কাৰেণ্টৰ কানেকঞ্চন কাটি দিছে ।
ছাৰ--- অ' হয় নেকি ? বাৰু যোৱা তুমি বহাগৈ ।
তাৰ পিছত ছাৰে সকলোকে উদ্দেশ্যি ক'বলৈ ধৰিলে।ছাত্ৰ/ ছাত্ৰীসকল , আজি তোমালোকে দেখিলা , তোমালোকৰ বন্ধু বাস্তৱে কবিতাটো মুখস্থ মাতিব নোৱাৰিলে । কথাটো বেয়া হৈছে , নহয় জানো ?কিন্তু তথাপিও মই বাস্তৱক একো নকলো , শাস্তিও নিদিলো । কিয় জানানে ? কাৰণ বাস্তৱে মোক সঁচা কথা কৈছে ।মিছা মতা নাই ।যোৱা ৰাতি বাস্তৱে মাকক শুশ্ৰূষা কৰিছে ।মাকৰ অসুখ , ঘৰত কাৰেণ্ট নাই , তাৰ ফলত সি কিতাপ পঢ়িব পৰা নাই।সেইকাৰণে কবিতাটো তাৰ মুখস্থ নহ'ল ।গতিকে ছাত্র/ছাত্ৰীসকল সদায় সঁচা কথা ক'বা । তেতিয়া কষ্ট নোপোৱা ।মিছা মাতিলে বেয়া । মিছা মাতি ধৰা পৰিলে শাস্তিও পাবা আৰু আনে তোমাক মিছলীয়া বুলিব ।
    তাৰোপৰি কিবা এটা কাম আমি এবাৰত কৰিব নোৱাৰাটো ডাঙৰ কথা নহয় । তাৰবাবে চেষ্টা এৰি দিব নালাগিব ।যদি এবাৰতে আমি হাৰ মানো তেতিয়া কামটো আৰু কোনোদিনে হৈ নুঠিব।তাৰবাবে চেষ্টা অব্যাহত ৰাখিব লাগিব । এলেহুৱাইহে কাম কৰিব নোৱাৰোঁ বুলি কয় । বাকী দহজনে যদি এটা কাম কৰিব পাৰে তুমি কিয় কৰিব নোৱাৰিবা ।এবাৰত নোৱাৰা
 কাম বাৰে বাৰে চেষ্টা কৰা । তুমি সফল হ'বাই ।ইংৰাজীত কয় Try Try Again .

 ✍️হেমেন হাজৰিকা
    মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)