জীৱ-জন্তু, কীট-পতংগ বা গছ-বনৰ উপকাৰিতা বা অপকাৰিতাৰ কথা আৰু পৰিৱেশলৈ অৰিহণা

©Admin
0
কাজিৰঙাৰ অগৰাতলী ৰেঞ্জৰ ফালে ২০১০ মানত এবাৰ মাক লৈ গৈছিলো । আজি দহ বছৰৰ আগৰ কথা - তেতিয়া মাই জিপচিত যাব পৰা হৈ আছিল । কেঁচা ৰাস্তা হলেও কেৰেপ কৰা নাছিল - কাজিৰঙাৰ জাক-জাক হৰিণা, বিলৰ পাৰ আদিত চৰি থকা হৰিণাৰ জাক দেখি মা অভিভূত হৈছিল ।
মাজে মাজে দুই এটা হাতী হাবিৰ ফালে বিলৰ পাৰত দেখা পোৱা গৈছিল - মাজে মাজে ভয়ো লাগে আক' চাবলৈও মন যায় । সেইদৰে ওচৰতে বা দূৰত হ'লেও গঁড় দেখা পাইছিলো ।
মাৰ্চ মাহ ।
বাট বোকা বুলিবলৈ নাছিল তেনেকৈ ।
তথাপিও, আগদিনাৰ বৰষুণৰ পানী অলপ-চলপ পাইছিলো, কিন্তু জিপচিৰ চকাৰ বাহাদুৰিত সেইবােৰে পাত্তা নাপায় ।
ঔ-টেঙা জোপাৰ তলত পৰা দুটামান বুটলি আনিছিলো - এওঁ কৈছিল পৰি থকা ঔ বােৰ ভাল নহয় , সেইবাবে হাতীয়ে সেইবােৰ নাখায় । যি জোপা গছৰ তলত ঔ এটাও নাথাকে সেই ঔৰ সোৱাদ ভাল । তেতিয়াহে বুজিছিলো সেই কথা । 
চাপৰিত জাকে জাকে হৰিণা ।
বিলত সেই সময়ত পানী তেনেই ক'ম।
বিলত বিভিন্ন ধৰণৰ হাঁহ জাকে জাকে ৰ’দ লৈছে বা গা ধোৱাই ধুইছে ।
বনৰীয়া হাঁহ ।
শৰালি, বন কুকুৰা আদিও দেখা পালো ।
Watch tower ৰ পৰা বন্য জীৱ জন্তু চোৱা মজাই বেলেগ ।
ৰাস্তাৰে আহি থাকোতে হঠাতে বন আৰু বিলৰ মাজত গড় লগ পাই যাওঁ ৷ তেতিয়া গাড়ীখন খৰধৰকৈ ৰখাবলৈ দিওঁ আৰু ল'ৰা বা তেওঁ ফতো লয় ।
বগলীৰ নিচিনা চৰায়ে বিলৰ মাজত থাকি বিলখন ভৰাই
প্ৰায় বগা কৰিয়েই পেলায় ৷ মুঠতে অগৰাতলী চৰাইৰ ধুনীয়া বিচৰণ ভূমি । য'ত মাছ - ত'তেই
মাছ খোৱা বিভিন্ন চৰাইৰ জাক ।
দেশী -বিদেশী পৰিভ্ৰমী চৰাইৰে ভৰি পৰে সেই সময়ত । 

শুনি আচৰিত হ'ব !!
আমি কি কাম কৰিছাে ??
তুমি কি কাম কৰিছা ???
তেওঁ কি কাম কৰিছে ?????
বা IAS অফিচাৰে কি কাম কৰিছে ???
তাতকৈ ডাঙৰ কাম মৌমাখি বা অন্য কীটে ইমান ডাঙৰ কাম কৰি আছে - জানেনে (?),
সেইবােৰ নথকা হ'লে গছ-গছনিৰ বংশ বিস্তাৰেই নহ'লে হয় --- কাৰণ সেই কীট বিলাকে গছ-বনৰ বংশ বিস্তাৰৰ দৰে বিৰাট ডাঙৰ কাম পৃথিৱীত কৰি আছে -- যিটাে সাধাৰণ মানুহে সাধাৰণ মগজুৰে চিন্তা কৰি নাপায়!!
#মুঠতে কীট সমূহে বংশ বিস্তাৰৰ দৰে কামবােৰ কৰি পৃথিৱীক সেউজীয়া কৰি ৰাখিছে ৷
সেইবােৰে কাম নকৰাহেতেন পৃথিৱী ধ্বংশ হৈ গ'লে হয় ৷ পৃথিৱী সেউজীয়া হৈ নাথাকিলে হয়॥॥

এই সাধাৰণ বুলি ভৱা কীট পতংগৰ অৰিহণা বহু পণ্ডিত, বিজ্ঞানী,আদিতকৈওঁ বহুত ওপৰত ।॥॥॥॥
#বনৰ_বিভিন্ন_কথা
হৰিণাই ঘাঁহ খায় ।
বাঘে হৰিণা খায় ।
হৰিণা যদি বাঘে নাখালে হয় গোটেই ঠাই হৰিণাৰে ভৰি পৰিলে হয় আৰু সিহঁতৰ ঘাঁহনি কমি গ'লে হয় ।
সেইবােৰ প্ৰকৃতিৰ নিয়ম হেনো ।

যি জোপা গছত ক'লা পৰুৱাই বাঁহ লয় সেইজোপা গছত অন্য পোকে আক্ৰমণ কৰিব নোৱাৰে ॥॥॥
#গছ_বনৰ_কথা ::
নাহৰ গছৰ পাত অন্য ৰোগ খুব ক'ম হয়- কাৰণ তাৰ পাতবােৰ খুব ঘনকৈ আৰু তৰপে-তৰপে থাকে আৰু ক'লা ডাঙৰ মাটি ৰঙৰ পৰুৱাই বাহ লয় আৰু সেই গছত তেতিয়া চৰায়েও বাহ ল'ৱ নোৱাৰে ।
#গছ_অন্য_পোক_পৰুৱা_কীট_পতংগৰ_মুঠতে_আশ্ৰয়থলী_॥॥
থুজা (Thuja) গছ ornamental গছ হিচাবে মানুহে ফুলনিত ৰোৱে । কিন্তু এই গছ ঘৰৰ একেবাৰে কাষত বা অহাযোৱা কৰা ৰাস্তাত ৰুৱ নালাগে - কিয়নো এই গছতো চৰায়ে বাহ সাজে আৰু এই এৰি যোৱা বাহত পৰুৱাই বাহ লয় । তাৰোপৰি থুজা গছত বিভিন্ন পোক আদিয়েও সহজে বাহ লৈ ভাল পায় । বিশেষকৈ পুৰণি থুজা গছৰ গা-গছত কুমজেলেকুৱাই থাকি ভাল পায় ।এনেবােৰ কাৰণত কিছুমান গছ ঘৰৰ একেবাৰে গাতে লগাই ৰুৱ নালাগে ।
#বগৰী_গছ_ঘৰৰ_চৌদহত_ৰুৱ_নাপায়_বা অশুভ বুলি গণ্য কৰে কিয় ???

বগৰী গছৰ ফুল ফুলা সময়ত বহুত ধৰণৰ কীট পতংগ আহে । বগৰী ফুলাৰ সময়ত ফুলৰ পৰা সুগন্ধৰ বদলি অলপ দুৰ্গন্ধহে ওলায় । ক'লা পৰুৱাৰ বাহো বগৰী গছত দেখা পোৱা যায় ।
তাৰোপৰি বগৰী গছত বছৰত দুবাৰকৈ এবিধ পোক বা পলু জাতীয় পতংগই পাত খায় ।সেইবিধ পোকৰ মথেৰে আহিন মাহত ভৰি পৰে আৰু আহিন-কাতি মাহত সেইবিধ পোকেৰে গছ ভৰি থাকে । সেইবাবে ফেংচুইৰ মতেওঁ বগৰী গছ ঘৰৰ চৌদহত থকাতো অশুভ বুলি মানে ।
গছ উদ্ভিদৰ বাবেই মানুহ জীয়াই থাকে হয় - সেইদৰে কিছুমান গছ মানুহৰ বাবে ভাল নহয় আৰু বাস্তু শাস্ত্ৰৰ মতে আঠবিধ গছ ঘৰৰ পদুলিত থাকিলে বহুত অপায় অমঙ্গল হয় বুলি কয় ॥॥॥

✍️ মীনা পামে গাম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)