নৈতিক মূল্যবোধ শিক্ষা-০৪

©Admin
0

শিশুমনৰ নৈতিকতাৰ অনুভূতি আৰু ইয়াৰ ক্ৰমবিকাশ প্ৰক্ৰিয়া মন কৰিবলগীয়া বিষয়। কাৰণ শিশু স্বাভাৱিকতেই সুন্দৰ, পৱিত্ৰ আৰু নৈতিকতাৰে পৰিপূৰ্ণ কিন্তু তেনে নহয়  আমাৰ চৌপাশৰ অসুস্থ আৰু কলুষিত প্ৰভাৱে শিশুটোক  ক্ৰমে অনৈতিক কৰি তোলে। শিশুটোক যদি উচিত মূল্যবোধ শিক্ষা প্ৰদান কৰা হয় তেন্তে নিশ্চয় শিশুটোৱে নিজ বিবেক-শক্তিৰ দ্বাৰা পৰিচালিত হৈ সৰুৰে পৰা ন্যায়-অন্যায়ৰ বিচাৰ ক্ষমতা লাভ কৰিব পাৰে। জন্মগতভাৱে শিশু এটাই জন্মগতভাৱে কেইটামান গুণ লৈ আহে  হয়তো সেই গুণবোৰত কিছু বেয়া আৰু কিছু ভাল গুণ সমাহিত থাকে ৷  অনুশাসন আৰু নিয়ন্ত্ৰণ ব্যৱস্থাৰ দ্বাৰা শিশুটোক নৈতিকতাৰ পথলৈ আনিব পাৰি। বাস্তৱ ক্ষেত্ৰত ক’ব পাৰি যে চালুকীয়া শিশু প্ৰকৃততে নৈতিক অথবা অনৈতিক কোনো অৱস্থাতে নাথাকে। নৈতিক মূল্যবোধ  প্ৰকৃত বিচাৰ-বিবেচনাৰ বাবে কিছু বৌদ্ধিক ক্ষমতাৰ প্ৰয়োজন হয় যাক চালুকীয়া শিশুৰ পৰা আশা কৰিব নোৱাৰি। তথাপিও চেষ্টা অব্যাহত ৰাখিব লাগে যাতে উত্তম মূল্যবোধ শিক্ষাৰ দ্বাৰা হয়তো শিশুটোৰ চৰিত্ৰত পৰিবৰ্তন হব 

পাৰে ৷

গতিকে মূল্যবোধ শিক্ষাৰে শিশুৰ সামাজিক বিকাশৰ লগত তাৰ নৈতিক , চৰিত্ৰ গঠন আৰু ব্যক্তিত্ব বিকাশ আদিৰ দিশত সুপৰিবৰ্তন আনিব পাৰি ৷

 মূল্যবোধ শিক্ষা  শিশু বিকাশৰ দৃষ্টিকোণৰ পৰা বিশেষ তাৎপৰ্যপূৰ্ণ। ইয়েই শিশু ব্যক্তিত্ব গঠন আৰু তাৰ পৰৱৰ্তী বিকাশ সুনিশ্চিত কৰি তোলে। 

                    আগলৈ••

🖊️দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)