দূৰদৰ্শন (টি ভি)

©Admin
0
দূৰদৰ্শন (TV) এই চিনাকি যন্ত্ৰ দূৰদৰ্শন বিধৰ  লগত আমাৰ স্মৃতি জড়িত কাহিনী আছে । আমি বিদ্যালয়লৈ যোৱাৰ আৰম্ভণি দিনৰ কথা, আমাৰ ঘৰতটো নাছিল নাই, ওচৰতো দূৰদৰ্শন নাছিল । প্ৰায় ২ কিলোমিটাৰ খোজ কাঢ়ি গৈ বৰনামঘৰত আৰু নাট্যমন্দিৰত চাইছিলো । ধাৰি পাটীত সকলোৱে দেওবাৰে বহি পৰো  দূৰদৰ্শনটোৰ আগত, ল'ৰা ছোৱালী মিলাই প্ৰায় ৫০জন মান মানুহ ৰৈ থাকো  দূৰদৰ্শনটো অন কৰিব পৰা মানুহজনৰ কাৰণে, দূৰদৰ্শনটো গাঁৱৰ সকলো মানুহে অন কৰিব নাজানিছিল। দুজন মানুহৰ ওপৰতে নিৰ্ভৰশীল আছিলো । তেওঁলোক অহাৰ পিছত ভাগৰ মাৰি বহিব, চাধা খাই অন কৰে দূৰদৰ্শনটো । চেণ্টাৰ মিলাব লাগে। এণ্টেনা দুজনমানে ঘূৰাব লাগে ।প্ৰায় পোন্ধৰ মিনিটমান লাগি যায় প্ৰগ্ৰেম চাবৰ বাবে, তাৰ পিছত চলি যায় নিৰন্তৰে দিনৰ ২ বজালৈকে মহাভাৰত, শক্তিমান লগতে চিনেমা ইত্যাদি । আমাৰ দেওবাৰৰ দিনটো এইদৰে পাৰ হৈ যায় । তাৰপিছত বিদ্যালয়ৰ সন্মুখৰ আমলখি জোপা খেজুৰ জোপা ব্ৰাহ্মণৰ ঘৰৰ অমৰা জোপা ফৰ্মুতি মাৰি ফল-মূল বিচাৰি ঘৰ পাওঁহি । পিছদিনা খনৰ পৰা পঢ়িবলৈ বিদ্যালয়লৈ যাওঁ। অপেক্ষা কৰি থাকো দেওবাৰৰ দিনটোৰ কাৰণে । পিছলৈ ওচৰৰ মানুহৰ ঘৰত দূৰদৰ্শন আহিল। সকলোবোৰ সহজ হৈ পৰিল।তাৰ পিছত মোবাইলটো চাব পৰা হ'ল ।

✍️শ্ৰী উৎপল দাস
কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)