তুমি আহিছা আকৌ মোৰ বাবে ,
মোৰ হিয়া জুৰাই কাণে কাণে ক'লে,
"শৰৎ তুমি আহিছা এই বাটেৰে "।
নিয়ৰৰ ৰুনুক -জুনুক নূপুৰৰ শৱদত মই সাৰপাই
খিৰিকী মেলি তুমি অহা বাটকে চাওঁ ;
তুমি কৰণি ভৰাই লৈ অহা মোলৈ এখন
নীলা ফৰকাল আকাশ ।
শৰৎ তুমি আহিছা শুভ্ৰ ডাৱৰ হৈ কলীয়া
ডাৱৰ আতঁৰাই মনমুগ্ধকৰ ৰূপ লৈ ।
সজীৱ বৰণীয়া কৰি ধৰাখনিক লৈ আহিছা মোলৈ । ঝৰঝৰকৈ পৰা বৰষুণ জাকত বানে ডুবাই ৰখা গাওঁ বোৰ নান্দনিক কৰি ।
চৌপাশৰ শুভ্ৰতাৰ নীলাভ বোৰ লৈ মোৰ খিৰিকীৰে তুমি অহা আহিনৰ কোঁচত জোনাক ফুলাই ভিজা ভিজা নিয়ৰৰ টোপালত ।
তোমাৰ গাতে আউজি ফুলি উঠা শেৱালিৰ
আমোল মোল মনপৰশা গোন্ধে মোক অনুভৱী কৰি তোলে , নিয়ৰসনা শুভ্ৰ,সুকোমল শেৱালি ফুলবোৰ সুবাস লৈ দুৱৰি বনৰ গাত পৰি পুৱাক সম্ভাষণ জনাই ।
শৰতঃ
মই সদায়েই ভাবোঁ তুমি আহিবা আহিনৰ
বোকোচাত নিয়ৰ -দুবৰি ,শেৱালি,কঁহুৱা,কুঁৱলি -
জোনাক হৈ - - -মোৰ দুচকুত সদায়ে অবিস্মিত
সৌন্দৰ্য্যৰ আকাৰ লৈ ।
তোমাৰ নিৰাভৰণ হৃদয়তো মই দেখোঁ
শুভ্ৰ মেঘফুলা চাপৰিত জিলমিলনি তোলা হেঙুলী
বেলিৰ আভা - - -তুমি আহিলে মনত প্ৰেম নিগৰে
পৰস্পৰৰ অতুলনীয় সান্নিধ্যত ।
তুমি কাষত থাকিলে মই এখন ধুনীয়া ধৰা সাজোঁ !
তৰা -জোনাক আকাশৰ মোহনাত উজ্জ্বল
হাঁহিটিৰে ৰৈ থকা নিশাৰ জোন , কঁপাহবুলিয়া মেঘৰ ফাঁকেৰে সৰি পৰা সেউজীয়া দুৱৰিত বাখৰুৱা নিয়ৰৰ কথোপকথন শেৱালিৰ
মিচিকি হাঁহিত সুগন্ধিৰ বোল !
তুমি আহিলে তোমাৰ সতে মই ওমলি
ফুৰো , শেৱালি ফুলে ৰূপোৱালী জুনুকা পিন্ধি
জলমলাই থকা নিয়ৰৰ টোপালৰ সতে পাতে প্ৰেমৰ কথা ।
আৰু তুমি যেতিয়াই আঁতৰি যোৱা
এক মিঠা শীতল সিঁচি যোৱা ফাগুন অহাৰ বাতৰি
দি ,ফাগুনৰ শুকান পাতে পাতে প্ৰেমৰ পছোৱা
বোৱাই নতুনৰ সেউজীয়া সাজ পিন্ধোৱা মোৰ
সোণোৱালী দেহৰ ভাজে ভাজে ।
গ্ৰীষ্মৰ তপত ৰ'দত মোৰ দেহ পুৰি পুৰি
দহি আকৌ মই পংগু হৈ পৰো ।
বাৰিষাৰ বানে গোটেই অসমক ডুবাই
ৰখা সময়ত মই ডেউকা ভগা পখীৰ দৰে ধপধপাই
পৰি ৰওঁ ---এটি নতুন জন্মৰ বাবে ।
বানে ধোৱা মোৰ দেশ খনে যেন মোক উপহাস কৰে ,
মানৱ জাতিটোক ধিক্কাৰ দিয়ে , মই আইৰ আঁচল
বিচাৰি মুখ ঢাকিব বিচাৰো ----লাজত নে বেদনাত
অনুভৱ কৰিব নোৱাৰো ।
শৰতৰ বুকুতে ফাগুনৰ ৰং বিচাৰো , সজলা -সুষমা বিচাৰো আইৰ বুকুত ।
দেশৰ নদন-বদন যেন মৰুভূৰ মাজৰ দৌৰি ফুৰা
এটি মৰীচিকা ।
শৰত তুমিয়ে বাৰু বিচাৰি আনি দিব পাৰিবা নে
মোৰ দেশৰ বাবে এটি ফিনিক্স পখী ৰ দৰে সুখৰ
খবৰ ।
শৰত তুমি অনন্য মোহনীয় ।তুমি ঋতুৰাণী
সদ্যস্নাতা ,তুমি শুভ্ৰ তুমি পবিত্র ।
শৰত তুমি আকৰ্ষণীয় ,যেনেদৰে তোমাৰ গাতে
লাগি অহা প্ৰকৃতিৰ অপৰূপ ৰূপ ।তোমাৰ বুকুত
মই চগাৰ দৰে জাহ যাবলৈ বিচাৰো উদ্দিপ্ত হৈ ।
চুমি ৰৈ যাওক মোৰ হৃদয়ত শাৰদীয় গোন্ধ
এটিয়ে ।মন যায় তোমাক দোকমোকালিতে দুবৰি
গচকি গচকি স্পৰ্শ কৰিবলৈ ।মই পৰম আকুলতাৰে নিয়ৰৰ মুকুতা খিনিৰ সতে মনৰ কথা
পাতিম পৰম আত্মীয়তাৰে ।অনুভৱ বোৰ পুৱাৰ
বেলিটোৰ কিৰণৰ দৰে ৰং সানি জিলিকি জিলিকি
থাকে মোৰ বুকুত যেন এক অনাবিল প্ৰশান্তি হে ।
তুমি যাবা গৈয়ে দেখো অলপ বেছি সময় আৰু ৰৈ যাৱ নোৱাৰা নে , তুমি জানা নে তোমাৰ বাবে বাট চাই ৰৈ থাকো তুমি যোৱা বাটকে চাই ,নাযাবা আতৰি সোনকালে ,মোৰ বাবে অলপ ৰৈ যোৱা অ" ,শৰত !
নহলে তুমি থাকিয়ে যোৱা মোৰ হৃদয়ৰ সতে ।তুমি গুচি গ'লে প্ৰকৃতিৰ সুবাস বোৰো দেখো বৰণহীন হৈ পৰে ।গছ -লতা শুকাব ধৰে ,
মদাৰ -পলাশ -শিমলুৰ ৰঙে জুই হৈ আৱৰি ঢাকে ।
তেতিয়া ও মাদকতাৰে ভৰে মোৰ হিয়া খনি ----
অনুভৱ কৰো জুই বোৰো ফুলহৈ শব্দৰ নিজৰা
বোৱায় ।
শৰত তুমি যোৱাৰ বাটেৰে মোৰ মায়াসনা মনটো তোমাৰ নিজস্ব আৱেদনেৰে নিৰ্মল অনুভৱৰে আলিংগনেৰে আৱৰি পেলোৱা মোৰ হৃদয়
উপবন । সিঁচি দি যোৱা সিক্ত শীতল চুমাৰে ।
আমাক দেখি নৈ খনো উজাই যাওঁক ন-
পানী পাই , আকাশ খনেও নিয়ৰ সিঁচি দি মোক
তিয়াই পেলাওঁক ।
দিগন্তৰ সীমনালৈ উৰি যোৱা শৰালি
জাকেও আমাক দেখি ডেউকাৰে মুখ লুকুৱাওক ।
শৰৎ তুমি আহিলে নিয়ৰ সৰে নে
নিয়ৰ সৰিলে শৰৎ আহে । মই ভাবো তুমি অহা
আহিনৰ আচঁলত ধৰি শেৱালিৰ বাবে ।জোনাকে
মোক কাণে কাণে কৈ গ'ল তুমি অহা মোৰ বাবে ।
মানুহে কয় শৰৎ মানে শেৱালি,নিয়ৰ,
জোনাক , তোমালোকৰ এক মোহিনীয় নিবিড়
সম্পৰ্ক । সেয়েহে শৰৎ তুমি অহাৰ সময়ত হে
শেৱালিয়ে শুভ্ৰ হৈ সুগন্ধি বিলাই নিয়ৰৰ টোপালেৰে দুবৰি ভিজায় ।
বতাহ জাকে মোক তুমি আহিলে চুই
চুই জোকাই যায় --কোৱা শৰৎ তোমাৰ মোৰ সম্পৰ্ক বাৰু কি ?
দোকমোকালিতে শুই উঠিয়ে তোমাক মেৰিয়াই লওঁ মই আহিনতে নিয়ৰ সনা
দুৱৰিত খোজ কাঢ়ি ।
অহঃ শৰত সেই সময়ত মন মোৰ
দুখেৰে ভৰি পৰে ,---সেই নিয়ৰ সনা দুৱৰিত মোৰ
ভৰি দিবলৈ দেখো মন নাযায় , খোজ দিলেই যেন
মৰহিব দুৱৰি ডৰা সৰি গলিব নিয়ৰৰ মুকুতা।
শৰত তোমাৰ মোৰ সম্পৰ্ক আজন্ম ,
মই যে তোমাৰ চিৰন্তন প্ৰেয়সী --ঠিক ৰাধা আৰু
কৃষ্ণৰ দৰে ।
অনুভৱ বোৰ মোৰ বৰ আপোন,বুকুৰ মাজত
মই তোমাক লুকুৱাই ৰাখোঁ ----মাথোঁ মোৰ বাবে ।
সময় বোৰ পাৰ হয় তোমাৰ স'তে মোৰ অনুভৱৰ মাজেৰে ।শীত হৈ অহা ধৰাৰ
বুকুত মই মুখ গুজি ভাবো তোমাৰ মোৰ প্ৰেমক
কোনেওতো কেতিয়াও বাধা দিয়া নাই । শীতেও
মোক আলিংগন কৰি চুমি যায় তেতিয়া ও টো
আভাস দিয়া নাই যে _এয়া মাথো মোৰ এক স্বপ্নবিভোৰ প্ৰতিভাসিক ।
পৃথিৱীৰ সুন্দৰ মাদকতা বোৰ হেৰাই যায়
কিয় ? কিয় বাৰু বীভৎস কৰি তোলে মানুহে
সেউজীয়া বোৰ ধ্বংস কৰি ।পৃথিৱী খনক স্বতঃস্ফুট ভাবে জী থাকিবলৈ দিব নোৱাৰো নে আমি !
শৰৎ তোমাৰ স'তে মোৰ সম্পৰ্ক
তাহানিৰে পৰা । অ' --শৰৎ কিযে এক মিঠা শব্দ ,
তুমিটো ঋতুৰাণী মায়াবিনী , তুমি আহিনৰ
বোকোচাত উঠি অহা মোৰ জীৱনৰ সিৰাই সিৰাই।
নিয়ৰ নিয়ৰ --চৌদিশে বিচ্ছুৰিত
নিয়ৰৰ এটি মিঠা গোন্ধ ।টোপাল টোপাল শিহৰণ
সিঁচি দিয়া মোৰ সপোন বোৰক গভীৰ কৰি তোলা ।
শৰৎ তোমাৰ স'তে মোৰ সপোনবোৰ বৰ মৰমৰ । মই তোমাক লুকুৱাই ৰাখিব বিচাৰো
আইৰ জপাত --মাথোঁ মোৰ বাবে ।এখন পাতল
ওৰণিৰে কেনেদৰে ধৰাৰ বুকু সাৱটি কঢ়িয়াই
আনা সতেজতা । মোকো আৱৰা সপোনৰ মায়াৰে,
প্ৰতিটো মূহূৰ্তই মোৰ বাবে সপোনৰ চকামকা ।
বাস্তৱ পৃথিৱীখন আজি ঘাট -প্ৰতিঘাটেৰে উপচি পৰিছে । মহামাৰী , নানা ঘাট-প্ৰতিঘাটেৰে , বানপানী, দূৰ্নিতীৰে মেৰিয়াই ধৰিছে আজি মোৰ দেশ মাতৃক ।
শৰৎ মই তোমাক ভালপাওঁ ।
কাণে কাণে বতাহে আহি মোক ক'লে
শৰৎ আহিছে । সঁচাকৈ আজি মোৰ চোতালত
শৰত আহিছে । চৌপাশে অনুৰনিত হৈছে সেই
একেই শব্দ ---শৰত আহিছে ।
অ -শৰৎ আনিছা তোমাৰ বোকোচা ভৰাই
নিয়ৰ --শেৱালিৰ সুবাস --নৈ পৰীয়া কঁহুৱাৰ বাহ,
তলভৰি ভৰি থকা জোনাকৰ সফুঁৰা লগতে আনিছা শীতৰ মাদকতা পৰিভ্ৰমী খঞ্জৰী পক্ষীৰ
ডেউকাত গাঁঠি ।
শৰৎ তুমি আহিছা ?
মই আয়োজন কৰিছো তোমাক আদৰাৰ ।
শৰৎ এতিয়া তুমি কি ভাবিছা ?
চোৱা তুমি অহাত ধৰাখনেও উশাহ এটি লৈছে ,
জীয়াই থকাৰ হেঁপাহ জাগিছে ।
জানা শৰৎ ভয় লাগে ৰৌদ্ৰোজ্বল
দুপৰীয়া বোৰক ।নিয়ৰ আৰু কুঁৱলীক দুপৰীয়া
তপত ৰ'দে দহি শুকুৱাই পেলায় সিহঁতৰ মায়া সনা
মধুৰতা বোৰ ।
শৰৎ তুমি যাবা ; দি থৈ যাবা শীতৰ
সেমেকা নিশাবোৰ ।প্ৰাৰ্থনা কৰিছো অহাবাৰ আকৌ আহিবা , ৰৈ থাকিম হেঁপাহেৰে তুমি অহাৰ
বাটকে চাই ।লগতেলৈ আহিবা শেবালিৰ সুবাস ,
জোনাক আৰু নিয়ৰৰ নূপুৰ পিন্ধাই মোৰ দেহত
ৰূপোৱালী ৰহণ সানিবলৈ ।
🖋️হীৰামনি শৰ্মা উপমন্যু
গুৱাহাটী/বেলতলা-28
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ