বুজিও নোবুজা তুমি , কিয় অভিমানি হোৱা ?

ভালপাওঁ বুলি ক'লেও নুবুজা তুমি 
শিলাকৃতি হৃদয়ৰ গৰাকী নেকি তুমি  ?
পাঁচ বছৰীয়া সাঁচতীয়া মৰমক উদঙালেও 
কোৱা তুমি কি পাগল নেকি  ?
ঠন ঠনাই উঠে বুকু , সিঁচৰিত  হৈ পৰে  হৃদয়ত বিষাদ ।

অষ্টম নৱম দশম  একাদশ আৰু দ্বাদশ  যৱনিকাত 
হিয়াৰ কোমল দুৱাৰখন খুলি দিলোঁ 
তুমি সোমাবা বুলি 
কিন্তু  তুমি  সোমোৱাই দিলা বিষাদৰ ভাইৰাচ।

ব্ৰহ্মপুত্ৰত জাঁপ দিওঁ ক'লেও  কোৱা 
পাগল হৈছা নেকি  ? 
মৰিব মন গৈছে যদি মৰা 
মোক আমনি নকৰিবা ।
ভাবোঁ , জাপেই দি দিওঁ ।
কিন্তু ----- ভাবোঁ 
 সমাজৰ  প্ৰতাৰণাত তুমি যন্ত্ৰণাত ডুবিবা ,
অনুতপ্তত  কান্দি ক্লান্ত হ'বা  ।
সেয়ে যন্ত্ৰণাপীড়িত জীৱনক প্ৰাণ দি ৰাখোঁ ।

ভাল পাওঁ তোমাক  এবুকু  নহয়  অসীম ,
স্বাৰ্থত নহয় , তৃপ্তিত নহয়  মাথোঁ  মধুৰ  সম্পৰ্কত ।
 জীৱন থাকে মানে দুৱাৰ খোলা থাকিব 
 প্ৰৱেশত তোমাৰ কোনো হেঙাৰ নাথাকিব ।                                                                                   
🖊️ মিণ্টু দোলাকাষৰীয়া                                          ডিব্ৰুগড়

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send