উপহাৰ

Rinku Rajowar
0
এখন মুকলি আকাশ
উপহাৰ দিবা
সজাই তুলিম
বন পক্ষীৰ এখন ধুনীয়া দেশ
কোলাহলৰ পৰা বহু দূৰত
ৰামধেনুৰ সতে সংগীতৰ
মূৰ্ছনা তুলিম
সুখী হব এখন সেউজীয়া দেশ
ৰঙা-চিঙা ৰ'দ জাকত
প্ৰেমে জীয়াই থকাৰ
সান্নিধ্য বিচাৰিব
ৰাধাচূড়াত বাঁহ সাজিব
ভালপোৱাৰ এজাক টোকোৰা চৰাই
জুৰুলি-জুপুৰি হ'ব
সোণবৰণীয়া মাছ
এখন পৃথিৱী উপহাৰ দিবা
বিনিময়ত এখন সাগৰ দিম
আবেগৰ অক্টোপাছ বোৰক
জীয়াই থকাৰ স্বীকৃতি দিম

🖋️ববিতা শইকীয়া,দেৰগাঁও।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)