শাৰদীয় অনুভৱ-জাচিংফা গগৈ

©Admin
0
শাৰদীয় দিনবোৰ মোৰ উভতি আহিব,
শৰতৰ অনুভূতিবোৰ উজ্জীৱীত হ'ব
সেমেকা পুৱাৰ টুপ টুপ টুপালে নিয়ৰৰ মুকুতা
জিলিকাই তুলিব
শাৰদীয় অনুভূতিবোৰে পুনৰ প্ৰাণ পায় উঠিব।
তল সৰা শেৱালিয়ে সুবাস বিলাব
ভিজা ভিজা দূবৰিয়ে ৰহণ সানিব প্ৰকৃতিক,
বতৰে গাব গীত আহিনৰ ।
শুকুলা ডাৱৰে চানি ধৰিব
সৌ নীলা আকাশখনি।
সেউজীয়া হ'ব মনৰ পথাৰখন
সোণালী বেলিটিয়ে স্পৰ্শ কৰিব মোৰ
মৰমৰ চোতালখন
নৈ-পৰিয়া কোমল কহোঁৱাবনেও 
আলিঙ্গন কৰিব শৰতক
প্ৰকৃতিৰ আমেজসনা
এই মাদকতাত হেঁপাহবোৰ জাগি উঠিব,
সপোনবোৰেও সাৰ পাব
আকুল মনত সুখৰ হাঁহি ভাঁহি আহিব...
যেতিয়া ,
শৰতত শেৱালি ফুলিব।

✍️জাচিংফা গগৈ।
জিলা- তিনিচুকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)