এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড -৩০)পূৰ্ণিমা হালৈ

©Admin
0
ঘৰ পালোহি। গোটেই বাটটো কথাবোৰ ভাবি ভাবি আহিছো। ঘৰলৈ অহাৰ পাছতো কথাবোৰে লগ এৰা নাই। কেনেকৈ এইবোৰ হ'বলৈ পালে? পাখিয়ে মোক এনেই কোৱা নাইতো।যদি কথাবোৰ মিছা হয় তেতিয়া তাই এইবোৰ কিয় কৰি আছে? মোৰ লগত তাইৰ কি শত্ৰুতা আছে? তাতে অচিনাকি ফোন নম্বৰটোৰ পৰা অহা মেচেজে চিন্তাত পেলাই দিছে। কোন হব পাৰে সেইটো? পতককৈ ফোন এটা লগাই চালো। অফ হৈ আছে সেইটো নম্বৰ।কি কৰোঁ একো উপায় নাইকিয়া হৈছে। কথাবোৰ ভাবি থকাৰ মাজতে হঠাতে নয়নলৈ মনত পৰিল। সি কালি ঘৰলৈ আহোঁতে প্ৰান্তিকৰ খবৰ সুধিছিল। সি টো প্ৰান্তিকৰ নাম নাজানে। তেতিয়া হলে...........?
নয়নৰ কথাটো আৰু অচিনাকি ফোন নম্বৰটোৰ কিবা মাজত নিশ্চয় কিবা ৰহস্য লুকাই আছে। সেইদিনা প্ৰান্তিক বুলি নয়নে মোলৈ মেচেজ কৰিছিল নেকি? নাই সি আকৌ মোৰ ফোন নম্বৰ ক'ত পাব?নয়ন হব নোৱাৰে। স্বাগত দাই ফোন নম্বৰটো মিলাই চোৱাত সেইয়া যে প্ৰান্তিক নহয় মই নিশ্চিত হ'লোঁ। পাখিৰ ফোনত সেইদিনা মই মেচেজ চাওঁতে এইটো ফোন নম্বৰে দেখিছিলো। তেতিয়াহ'লে এই নম্বৰটো তাইৰে কোনোবা চিনাকি মানুহৰ হয়।তাই আন কাৰোবাক লগাই মোৰ লগত এইবোৰ কৰাই আছে। কেনেকৈ তাই অন্য কাৰোবাৰ লগত মেচেজত অশ্লীলতাৰ সীমাৰ বাহিৰত কথা পাতিব পাৰে? ফোন নম্বৰটো তাই মোক দেখুৱাবলৈ "p" বুলি ছেভ কৰা নাইতো। মোক কিয় কৈছিল তাই প্ৰান্তিকৰ লগত সম্পৰ্কত আছো বুলি আৰু সেইদিনা তাই তেতিয়া কাক লগ কৰিবলৈ গৈছিল? হয়টো সেইদিনা মোলৈ অচিনাকি নম্বৰ টোৰ পৰা পাখিয়ে কাৰোবাৰ হতুৱাই মেচেজ কৰি মোক কিবা প্ৰমাণ কৰাব বিচাৰিছিল। কাৰণ সেইদিনাৰ পৰা সেইটো নম্বৰত আৰু মোলৈ কোনোদিনে ফোন মেচেজ অহা নাই।নয়নৰ পৰা আৰম্ভ কৰি পাখিৰ অচিনাকি নম্বৰটোলৈকে ইটোৰ লগত সিটোৰ কিবা মিল আছে।
_____________ উফ..... মই পাগল হৈ যাম এতিয়া।এগালমান প্ৰশ্ন,প্ৰশ্ন কেৱল প্ৰশ্ন। কিন্তু উত্তৰত শূন্য। এটা কথা গম পালো পাখিয়ে কথা পাতি থকাজন প্ৰান্তিক নহয়। পাখি প্ৰান্তিকৰ লগত সম্পৰ্কত নাই।তেতিয়াহ'লে প্ৰান্তিক মোৰ পৰা কিয় আঁতৰি আছে? যোৱা তিনিমাহত তেওঁ কত আছিল? ঘৰলৈ অহাৰ পাছত কিয় তেওঁ মোক এবাৰো লগ কৰিব বিচৰা নাই? পাখিয়ে মোক কিয় মিছা কথা কৈ আছে? মই একো ভাবি পোৱা নাই কিন্তু নিজৰ প্ৰশ্নৰ উত্তৰ বোৰ নিজেই বিচাৰি লব লাগিব।

         দুটা দিন পাৰ হল। এই দুদিনত মই একো সুং সূত্ৰ উলিয়াব নোৱাৰিলো ফোন নম্বৰটোৰ বিষয়ে। হিমাংশু দালৈ ফোন কৰিও নম্বৰটোৰ বিষয়ে সুধিছিলো। তেৱোঁ চিনি নাপাওঁ বুলি ক'লে। পাখিৰ লগত হিমাংশু দাৰ এতিয়া একো সম্পৰ্ক নাই।পাখিয়ে তেওঁক প্ৰতাৰণা কৰিলে বুলি ক'লে। কিন্তু মই কাৰণটো সোধাত তেওঁ ভাল কৈ নাজানো বুলি কলে।। হিমাংশু দাই পাখিৰ পৰা মোক অলপ এৰাই চলিব কৈছে।কথাটো মোৰ অলপ আচহুৱা লাগিল। তেওঁ কিয় কৈছে আৰু মই সুধি নাথাকিলো।এনেও তেওঁ এতিয়া পাখিৰ নামেই শুনিব নিবিচাৰে। পাখিয়ে মোৰ লগত কৰা বিশ্বাসঘাটকতাখিনি মই আৰু তেওঁক নক'লো। পাখি আৰু হিমাংশু দাৰ সম্পৰ্কটো যদিও বেছি দীঘলীয়া নাছিল কিন্তু দুয়োটাৰে মাজত ভাল সম্পৰ্ক আছিল।এতিয়া পাখিয়ে জানিব তাই হিমাংশু দাক কিয় এৰিলে। সকলো প্ৰশ্ন পাখিৰ পৰাই আৰম্ভ হয় আৰু পাখিতে শেষ হয়। পাখিক সুধিলে মই একো উত্তৰ নাপাম সেইটো মই জানো। কিন্তু যথা সময়ত সকলো প্ৰশ্নৰ উত্তৰ তাইয়ে দিব লাগিব। 

 ৰাতিপুৱা ভাতকেইটা খাই আকৌ বিছনাখনতে শুই আছো। তেনেতে কোনোবা আলহী অহা শুনিলো। প্ৰায় ১৫ মিনিট মান হ'ল।মায়ে কথা পাতি আছে। কোন আলহী আহিছে মই দেখাও নাই, মাতটোও ভাল কৈ বুজি পোৱা নাই আৰু উঠি গৈ চাবলৈও এলাহ লাগিছে। শুইয়েই আছো।
" জীউ এইফালে চা হি আহ কোন আহিছে"। 
মাৰ মাতত মই বিছনাৰ পৰা নামি ওলাই গ'লো।
___________ তুমি......?

আগলৈ.......

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)