দু:সময়ত কেতিয়াবা
চৌপাশৰ কোলাহল আৰু অস্হিৰতাত বিভ্ৰান্ত হ'লেও হেৰুওৱা নাই স্হিতি কাহানিও ।
মাটিতেই জনম আমাৰ!
চেনেহী মাতৃ,
তাৰ কোলাত হ'লো লালিত পালিত,
তেৱোঁ এই সুকোমল মাটিৰেই সন্তান।
তাহানিতে,
ককাদেউতাৰ হাতৰ স্পৰ্শত
উৰ্বৰা হোৱা এই মাটিতেই ঠন ধৰি উঠিছিল
আজিৰ সভ্যতা ;
নিৰৱধি নদীৰ সোঁতেও কঢ়িয়ায় মাটি আৰু মানুহৰ সপোন চিৰন্তন!
মাথোন,
সময়ৰ প্ৰেক্ষাপটত কেতিয়াবা থমকি ৰয়
জীৱনৰ আধা অঁকা ছবি।
বহুতো খ্যাত আৰু অখ্যাত কাহিনীৰ সৃষ্টি এই মাটিতেই,
ক্ষমতাৰ ৰাগিত ,
কুটুম্বে কুটুম্বৰ তেজেৰে ৰাঙলী কৰে মাটি,
অনেক বীভৎস আৰু নৃংশস ঘটনাৰ সাক্ষী হৈও ৰয় এই মাটি।
কেতিয়াবা মায়া-মমতাও বৰ্জিত হয় সংগোপনে !
তথাপিও,
মাটিৰ সৈতে আমাৰ প্ৰেম অভিন্ন।
স-গৌৰৱে ক'ব খোজোঁ ,
মাটিৰেই মানুহ আমি,
এৰা নাই কদাপি
মাটিৰ মায়া,
জাতীয়তাবোধৰ
চানেকিৰে
আছোঁ জিলিকি,
জন্মিলে মৰিব খোজোঁ এই মাটিতেই !
সততা আৰু নিষ্ঠাৰে কৰা প্ৰতিটো কামৰ খতিয়ানেৰে
আৰু
ওপজা মাটিৰ সুঘ্ৰাণ লৈ
যুগ-যুগান্তৰৰ বাবে !!
✍️ৰীতামণি বৰদলৈ।
গুৱাহাটী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ