সুখানুভূতি ~ অণুগল্প - কানন বৰুৱা

আজি নিশাৰ মুখত এটি প্ৰষ্ফুটিত পোহৰে আৱৰি
আছিল।কথাবোৰতো বেছ সুখানুভুতিৰ ভাব প্ৰকট
হৈছিল। নিশাৰ মুখলৈ চাই মালিকনী প্ৰেমবালাই শুধিলে-"নিশা, অ' নিশা তই আজি বৰ দেৰিকৈ কামলৈ আহিলি যে কিয়? তাই কলে-"বাইদেউ মই আজি পইচা পালোঁ। বাৰ হেজাৰ টকা । গেছৰ বাৰ্ণাৰ কিনিবলৈ গৈ দেৰি হৈ গ'ল। পোষ্ট অফিচত পইচা যে জমা কৰিছিলোঁ প্ৰতি মাহে-আপুনি দিয়া পইচাৰে দুশ টকাকৈ থৈ পাঁচ বছৰৰ মূৰত বাৰ হাজাৰ টকা পালোঁ। তাৰে এটা বাৰ্নাৰ,এডাল বাচন থোৱা ৰেক্ ল'ম।পূজাৰ বাবদ আপোনাৰ বাবে এটা আল্টা,এটা সেন্দুৰ আনিলোঁ।
              ইমানেই আপোনাক উপহাৰ দিব পাৰিলোঁ , আৰু নো কি দিম বেয়া নাপাব ।আপোনালোকৰটো একো চিন্তাই নাই ।মোৰ বহুদিনৰ এটা সপোন আছিল। আজি পূৰা হ'ল জানে।খৰিৰে চৌকাত ৰন্ধাবঢ়া কৰি কৰি বহুত কষ্ট হয়।এতিয়া কিছু সকাহ পাম।
             প্ৰেমবালাই মুখৰ ভিতৰতে বিৰবিৰাই ক'লে- তই কি বুজিবি আমাৰ চিন্তাবোৰ তহঁতৰ সমান হ'লে ভালেই আছিল বুজাব নোৱাৰোঁ তোক। মূৰৰ ওপৰত অলেখ চিন্তাই বাহৰ পাতি আছে। তহঁতৰ সুখবোৰ অলপ বেলেগ। তাই একো নুবুজিলে-একেথৰে চাই ৰ'ল প্ৰেমবালাৰ মুখলৈ।

✍️ কানন বৰুৱা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send