ছয়গাঁৱতঃ বিজয়া নৱমী ~ প্ৰবন্ধ - হেমেন হাজৰিকা

©Admin
1
    বৃহত্তৰ দক্ষিণ কামৰূপ অঞ্চলৰ ছয়গাঁও এটা উল্লেখযোগ্য নাম | কাৰণ ইয়াতেই অৱস্থিত অসম বিখ্যাত চণ্ডিকা দেৱালয় আৰু চান্দো সদাগৰৰ মেৰঘৰ | আমি আগৰ কিছু লেখাত ইতিমধ্যে দক্ষিণ কামৰূপত উল্লেখিত বিভিন্ন ঠাই , বিভিন্ন মঠ-মন্দিৰকে আদি কৰি বিভিন্ন কথা লিখিছোঁ | 
   চণ্ডিকা এক ঐতিহাসিক দেৱালয় | ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোৰম | এক শান্ত সৌম্য পৰিৱেশত এই দেৱালয় অৱস্থিত | ইয়াত নিত্য নৈমিত্তিক পূজা অৰ্চনা চলি থাকে | ইয়াৰ উপৰিও ইয়াত দূৰ্গা পূজাও অনুষ্ঠিত কৰে | অগণন ভক্তৰে উদুলি মুদুলি হয় ছয়গাওঁ | ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পশ্চিম দিশত প্ৰায় এক কিল'মিটাৰ সোমাই গ'লেই পোৱা যায় চণ্ডিকা দেৱালয় | মা দূৰ্গাদেৱীৰে অন্য ৰূপ চণ্ডিকা বুলি প্ৰচলিত | 
     বৃহত্তৰ ছয়গাঁৱৰ ৰাইজ আৰু আন আন ভক্তপ্ৰাণ ৰাইজৰ যুটীয়া সহযোগত খুউব উলহ মালহেৰে দূৰ্গা পূজা অনুস্থিত কৰে | অগণন ভক্তৰে উদুলি মুদুলি হৈ পৰে এই চণ্ডিকা দেৱালয়ৰ প্ৰাঙ্গন |
আন আন ঠাইৰ দৰে ইয়াতো নিত্য নৈমিত্তিক পূজা অৰ্চনা চলে | ওজাপালি সদাই সন্ধিয়া কৰা হয় | ঢুলীয়া প্ৰদৰ্শন আদি | ৰাতিলৈ যাত্ৰাপাৰ্টী প্ৰদৰ্শন কৰে | নাট্য সংস্কৃতি অন্যতম ইয়াত অতি আদৰৰ | এই অঞ্চলৰ প্ৰায় প্ৰতিটো সাংস্কৃতিক অনুষ্ঠানতে নিশাৰ ভাগলৈ যাত্ৰাপাৰ্টী প্ৰদৰ্শিত হয় | এয়া এক অন্যতম পৰম্পৰা | দূৰ্গাপূজাৰ অন্তত এটা অগতানুগতিক পৰম্পৰা অনুষ্ঠিত কৰে ইয়াৰ ধৰ্মপ্ৰাণ ৰাইজে | ধৰ্মপ্ৰাণ ৰাইজে সেইদিনা আবেলিৰ ভাগত দুটা ফৈদত বিভক্ত হয় | এটা শিৱৰ ফৈদ আৰু আনটো পাৰ্বতীৰ ফৈদ | মূল মণ্ডপৰ গেটত পঠালিকৈ এদাল গোটা জাতিবাঁহ বান্ধি দিয়ে | দুফালে দুটা ফৈদ | শিৱৰ ফৈদটোৱে ফুৰি চাকি আহি ভিতৰত সোমাবলৈ চেষ্টা কৰে | কিন্তু পাৰ্বতীৰ ফৈদৰ মানুহে তেওঁলোকক সোমাবলৈ নিদিয়ে | এইবাৰ অতিমাৰি ক'ভিড ১৯ৰ বাবে খেলাখন বেছি আমোদজনক হৈ পৰিছে | কেঁচাবাঁহ দালৰ দুটাফালে দুটা ফৈদ | এটাই সোমাবলৈ চেষ্টা কৰে আনটেৱে নিদিয়ে | ফলত বাঁহদালত লৈ ঠেলাঠেলি আৰম্ভ হয় | এনেদৰে ঠেলাঠেলি কৰি থাকোঁতে গোটাবাঁদাল ফালি চিৰাচিৰ দিয়ে | তেতিয়া দুয়োটা ফৈদৰ মানুহৰ তামাম স্ফুৰ্তি | বাঁহদাল ফালি যোৱাৰ পিছত তাৰ অকণমান বাঁহ নিবৰ কাৰণে হেতা ওপৰা লাগে | স্থানীয় লোকৰ এক পৰম্পৰাগত বিশ্বাস যে সেই বাঁহৰ অকণমান টুকুৰাটো নি ঘৰৰ কোনে এক পৱিত্ৰ স্থানত ৰাখিলে আগন্তুক বৰ্ষটোৰ বাবে পৰিয়ালটোৰ কোনো অপায় অমংগল নহয় | এই বাঁহভঙা চাবলৈ ইমান মানুহৰ ভিৰ হয় তাক নিজে নেদেখিলে , আনে ক'লে বিশ্বাস কৰিব নোৱাৰি | এনেদৰে উলহ মালহেৰে অন্ত পৰে বাঁহভঙা নৱমীৰ অনুষ্ঠানটো |

✍️হেমেন হাজৰিকা 
মিৰ্জা

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. গোটেই লিখনিটো বৰ মনোগ্ৰাহী হৈছে।উপস্থাপন শৈলী অতি সুন্দৰ।এটা অঞ্চলৰ প্ৰচলিত ধ‌্যান ধাৰণা আৰু বিশ্বাসৰ ভেটিত গঢ়ি উঠা পৰম্পৰাৰ নিদৰ্শন সুন্দৰ।লিখকৰ অনিশ্চাকৃত এটা শব্দ দুৰ্গাৰ সলনি দূৰ্গা হোৱা দেখা গৈছে।

    ReplyDelete
Post a Comment