চুটিগল্প-ৰহস্য

©Admin
0

গীতালি আৰু মনোজৰ প্ৰেম বিবাহ হৈছিল ।
গীতালিৰ দুটা ল'ৰা সন্তান, সুখৰ সংসাৰ, অট্টালিকা সদৃশ ঘৰ । মনোজে ব্যৱসায়ৰ বাবে অসমৰ বাহিৰত মাহৰ ২৫ দিনেই থাকে । বিয়াৰ আঠ বছৰ মানৰ পাছত নিজকে বহুত ব্যস্ত দেখুৱাই থাকে, আনকি গীতালিৰ স'তেওঁ কথা পাতিবলৈ সময় নোপোৱা কৰিলে । গীতালিয়েও ভাৱিলে, হয় বহুত কাম থাকে বাবেই নেকি (?) তেওঁ বাহিৰত থাকে । মনে মনে মনৰ একোণত সন্দেহ এটা জন্ম হোৱা হেন লাগিল আৰু মনোজৰ ব্যস্ততা লৈ কোনোৱা এদিন তৰ্কা-তৰ্কিও লাগিল । মনোজে ব্যস্তৰ কাৰণো ক'লে, কিন্তু গীতালিৰ হজম নহ'ল !! তেনেকৈয়ে চলি আছিল - ।।
মন ৰহস্যৰ আৱৰ্তত !!!!!!!!
এদিন লগৰ বান্ধৱী পল্লৱীৰ ফেচবুক চাই আছিল আৰু প্ৰফাইলত তাইৰ বহুত ফটো, বিয়াৰ ফতোখন দেখি গীতালিৰ চকু থৰ হৈ গ'ল -- পল্লৱীৰ দৰাজন আন কোনো নহয় -"মনােজ" !!!!!
গীতালিৰ সেইদিনাখন উৰহী গছৰ ওৰ উলিয়াবলৈ বেছি সময় নালাগিল...!!!!!!

🖋️মীনা পামে গাম,চিপাঝাৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)