এনেকৈ নিদিবা মোক অন্তিম বিদায় (দৃশ্য -০৩)

Rinku Rajowar
0
যোগেশ্বৰহঁতৰ  কথা অনুসৰি মই কমাৰ গাঁও হাইস্কুলৰ পৰিৱৰ্তে হাপজান চাৰি আলি হাই স্কুলত নামভৰ্তি কৰিলোঁ ।  মোৰ লগত  হাপজান চাৰি আলি হাই স্কুলত নামভৰ্তি কৰিছিল মাজনীয়ে । হাইস্কুলীয়া জীৱন আৰম্ভ হ'ল  পূৰ্বৰ অৱস্থাৰ দৰেই । মোৰ হাইস্কুলীয়া সময়ছোৱা কটাবলৈ মন আছিল জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত । কিন্তু বিধিৰে লিখন চাগে আশা পূৰ্ণ নহ'ল । এইটো নহয় যে মই জয়পুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আসনৰ বাবে লোৱা বাচনি পৰীক্ষাত অনুত্তীৰ্ণ হ'লোঁ । এক কথাত ক'বলৈ গ'লে মই  নিজেই আসনৰ বাচনি পৰীক্ষাৰপৰা আঁতৰি থাকিলোঁ । কাৰণ তিনিটা আছিল। কিন্তু মুখ্য কাৰণ আছিল মোৰ সহপাঠিকেইজনৰ লগতে মোৰ পঢ়িবলৈ মন আছিল ।তেওঁলোকে যে পৰীক্ষাত পাছ নকৰে খাটাং । সেয়ে ময়ো বাদ দিলোঁ । দ্বিতীয়তে মোৰ আৰ্থিকাৱস্থা পয়া লগা হোৱা বাবে । তৃতীয়টো হ'ল  নিৰ্জুমণিৰ মনৰ আশা পূৰণৰ বাবে ।
         নিৰ্জুমণি মোৰ হৃদয়ৰ কঁহুৱা বনত বাহৰ পাতি বহা প্ৰথম পখিলা। আলফুলে ৰাখিবলৈ মন গৈছিল । কিন্তু নিয়তিয়ে চাগে তাইক মোৰ বাবে নহয় আন কাৰোবাৰ বাবেহে সৃষ্টি কৰিলে । 

জীৱনৰ একাদশ বছৰত ভৰি দিলোঁ । ছাত্ৰ হ'লো পঞ্চম শ্ৰেণীৰ । স্কুলৰ স্তৰ উচ্চ প্ৰাথমিক বিদ্যালয় য'ত থাকে পঞ্চম শ্ৰেণীৰপৰা সপ্তম শ্ৰেণীৰলৈকে। আমাৰ বিদ্যালয়খনৰ নাম সৰুখেৰেমীয়া এম ভি স্কুল। সেয়ে আমি এল.পি স্কুল শেষ কৰাৰ পাছত অন্য এখন স্কুললৈ যাব লগা হোৱা নাছিল । তাতে আমাৰ বিদ্যালয়খন ওচৰৰ স্কুল কেইখনতকৈ নামজ্বলা স্কুল । সেয়ে নিজৰ গাঁৱৰ স্কুলখন এৰি আমাৰ বিদ্যালয়খনত পঢ়িবলৈ নিকটৱৰ্টী গাঁৱৰ ল'ৰা-ছোৱালীবোৰ  আহে । সেইবাবে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বহুত  আছিল । কিছু ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ বাবে আসন নাপাই ঘূৰি যাব লগা হৈছিল । আমাৰ শ্ৰেণীৰ দুটা শাখা আছিল । আমি আছিলো  ' ক' শাখাৰ ছাত্ৰ- ছাত্ৰী। আমি মানে চতুৰ্থ শ্ৰেণীত একলগে পঢ়া সকলো ছাত্ৰ-ছাত্ৰীৰ কথাকে কৈছোঁ।
            আমাৰ গ্ৰোপটোৰ লগত নতুন ছাত্ৰী নিৰ্জুমণি অন্তৰ্ভুক্ত হয় । সময়বোৰ বৰ সুন্দৰ আছিল ।  সকলোৱে একেলগে থাকি বহুত ভাল লাগিছিল । দিনবোৰ কেনেকৈ পাৰ হৈ গৈছিল ওমানেই পোৱা নাছিলোঁ । দিন বাগৰি যোৱাত  ল'ৰালিৰ মৰম যেন যৌৱনৰ মৰমলৈহে পৰিণত হৈছিল । ক'ব নোৱাৰাকৈয়ে আকৰ্ষিত হৈ পৰিছিলোঁ নিৰ্জুমণিৰ প্ৰতি । ভাল লাগিছিল এনেকুৱাকৈ, নেদেখিলেই  বুকুৰপৰা যেন কিবা হেৰাই গ'ল তেনে অনুভৱ হৈছিল । বহু ল'ৰাই নিৰ্জুমণিক ভাল পোৱা প্ৰস্তাৱ দিছিল কিন্তু সফল হোৱা নাছিল । 
     ভাল পোৱা কি নাজানিছিলোঁ । মাথোঁ জানিছিলোঁ লগত নাথাকিলে , নেদেখিলে মনটো ভাল নালাগে । কথা নাপাতাকৈ থাকিলে মনত বিষাদে ঘেৰি ধৰে । আনৰ লগত বেছিকৈ কথা পাতি থাকিলে মনত অভিমান জাগি উঠি মনটো খঙাল হৈ উঠে । সেই সময়ত এইখিনিয়ে ভাল পোৱা বুলি ভাবি লৈছিলোঁ । মোৰ মনটো এনেদৰে নিৰ্জুমণিৰ প্ৰেমত নিমজ্জিত হৈছিল যে পঞ্চম শ্ৰেণীত একেবাৰে পৰীক্ষা বেয়া হৈ গ'ল । দ্বিতীয় স্থানৰ পৰা পঞ্চম স্থান পালোঁগৈ । পঢ়াৰ সময়বোৰ বেছিভাগ নিৰ্জুমণিৰ কথাকে স্মৰণ কৰি থাকোঁতেই অতিৱাহিত হৈছিল। একেলগে এঝাৰ গছৰ তলত বহি  টিফিন খোৱা , ধেমালিতে বহী-কিতাপ টনা-আজোঁৰা কৰা ইত্যাদি ইত্যাদি কথাবোৰ মনলৈ আহি থাকে । বছৰটোত মোৰ সপোনৰ বন্ধুৰ কথাও পাহৰি গ'লোঁ । মাথোঁ মন দাপোণত জিলিকি আছিল নিৰ্জুমণি ।
   
     পঞ্চম শ্ৰেণীৰপৰা ষষ্ঠ শ্ৰেণীলৈ পঞ্চম স্থানত উত্তীৰ্ণ হ'লোঁ । ছাৰ-বাইদেউহঁতৰপৰা বহুত গালি -শপনি শুনিলোঁ । মনত দুখ লাগিছিল । ভালদৰে পঢ়িম বুলি থিৰাং কৰোঁ , কিন্তু পঢ়াৰ সময়কণ নিৰ্জুমণি সম্পৰ্কে ভিন্ন ভিন্ন চিন্তা কৰোঁতে গুচি যায় । যোগেশ্বৰহঁতেও মোক কয় ,  তই আজি কালি নোৱাৰা হৈ গৈছ । আমি গোট পৰীক্ষাত কম কম নম্বৰ পাইছোঁ । আনে বেছি পাইছে । আচলতে আমি গোট পৰীক্ষাৰ  পাঠ্যসূচীখন ভাগ কৰি লৈছিলোঁ । প্ৰত্যেকে আধা আধা এটা পাঠৰ দায়িত্ব লৈছিলোঁ । যিহেতু পৰীক্ষাত একেলগে বহিছিলোঁ । সেয়ে  পঁচিছৰ ভিতৰত পঁচিছে পাইছিলোঁ । কাৰণ প্ৰত্যেকে নিজৰ অংশটো খৰচি মাৰি পঢ়িছিলোঁ আৰু প্ৰত্যেকেই প্ৰত্যেকক দেখুৱাইছিলোঁ । কিন্তু দিনে দিনে মই মোৰ দায়িত্বৰ পাঠবোৰ মই  সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ । গতিকে মোৰ অৱহেলাৰ বাবে সকলোৱে কম নম্বৰ পাইছিলোঁ । ছাৰ-বাইদেউহঁতে আমাক পঞ্চপাণ্ডৱ বুলি মাতে । কাৰণ আমি - যোগেশ্বৰ , বলিন , প্ৰৱিত্ৰ , মুকুন্দ আৰু মই  একেখন বেঞ্চতে বহিছিলোঁ । বিশেষকৈ শ্ৰেণীকক্ষত মই বেঞ্চৰ প্ৰথমত বহিছিলোঁ । কিন্তু গোট পৰীক্ষাত হ'লে মাজত বহোঁ । মোৰ সোঁ কাষত পৱিত্ৰ , বাওঁ কাষত  বলিন বহে ।  প্ৰৱিত্ৰৰ কাষত যোগেশ্বৰে মোৰ আসনখন লয় । আনহাতে , বলিনৰ কাষত মুকুন্দ বহে ।  ইয়াৰ কাৰণটো হৈছে -- মুকুন্দ আৰু  যোগেশ্বৰ অলপ চোকা । সেয়ে সিহঁতক কাষত দি বলিন আৰু পৱিত্ৰই মোৰ কাষত বহে । প্ৰশ্নবোৰ কৃষ্ণফলকত লিখি দিয়া লগে লগে আলোচনা হয় কোনে কোনটো পাৰিম । যোগেশ্বৰ আৰু মুকুন্দই জনাখিনি নিজে লিখি লয় । বলিন আৰু প্ৰৱিত্ৰই মই লিখা ধৰণে প্ৰথমে মোৰ পৰা প্ৰতিলিপি কৰি লিখে। মই জনাবোৰ লিখি শেষ হ'লে প্ৰৱিত্ৰৰ পৰা নাজানা প্ৰশ্নৰ উত্তৰবোৰ শ্ৰীঘ্ৰে চাই চাই লিখি লওঁ যিবোৰ যোগেশ্বৰ পৰা প্ৰৱিত্ৰই লিখি ৰাখে । এনেদৰে ইজনে -সিজনৰ পৰা নজনা প্ৰশ্নৰ উত্তৰবোৰ কৰা হয় । একে সমানেই নম্বৰ পাওঁ । সেয়ে  বহী দিওঁতে কয় যুধিষ্ঠীৰ বহীবোৰ লৈ যোৱাহি নম্বৰ একে পঞ্চ পাণ্ডৱৰ । কেতিয়াবা এক দুই ইফাল -সিফাল হ'লে কয় -- পাণ্ডৱৰ ৰচীডাল অলপ ঢিলা হৈছে ।  ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাতো আমাৰ টিকটবোৰ ক্ৰমান্বয়ে ওচৰা-ওচৰিকৈ পৰিছিল । ইজনে -সিজনক দেখুৱাব পাৰিছিলোঁ । তথাপিও আমাৰ নম্বৰৰ তাৰতম্য ঘটিছিল । বন্ধুত্বৰ এনে এডাল ৰছী শৈশৱত শেষ হ'ব বুলি ভাবা নাছিলোঁ ।

                    জীৱনৰ আশাক সফল কৰাৰ উদ্দেশ্যেৰে মই নিৰ্জুমণিৰ প্ৰতি থকা কেঁচা মৰমৰ ভাৱনাবোৰ মচি দিবলৈ প্ৰয়াস কৰিলোঁ । কিন্তু বুকুত উঠা ঢৌৱে এনেকৈ কোবায় যে মই নিবিচাৰিলেও দুগালত অশ্ৰুৰ জুৰি সৃষ্টি হয় । বাৰম্বাৰ চেষ্টা কৰা পাছতো যেতিয়া মনক বুজাব নোৱাৰোঁ , তেতিয়া  এটুকুৰা নিৰৱ ঠাইত উচুপি কান্দোঁ । মনক ধমক দি কওঁ কিয় বাৰু নুবুজা তুমি  -- মই মোৰ বন্ধুক বিচাৰোঁ । জীৱনৰ আৰু কিছু খোজ যাব খুজিছোঁ । মনটোক কওঁ - কিয় বাৰু  নিৰ্জুমণিক নেদেখিলেই তুমি শুকাকুল হৈ মোক আমনি কৰা । পঢ়াত বেয়া হৈছোঁ কিয় ?  ছাৰ-বাইদেউৱে মোক গালি পাৰিছে কিয় ? মই আগৰদৰে নম্বৰ লাভ কৰিব পৰা নাই কিয় ?   উত্তৰ নোপোৱাকৈ বহু প্ৰশ্ন  উদয় হৈ  মনতে স্তৰ যায় ; কিন্তু মনক শান্তনা দিব নোৱাৰোঁ ।
জীৱনৰ ষষ্ঠ শ্ৰেণীৰ সময়ছোৱা আৰম্ভ হৈ  দুমাহ গ'ল । মাৰ্চ মাহৰ তৃতীয় দিন । হৃদয়খনত বৰ আঘাত হানি গ'ল যোগল ছাৰৰ কথাটোৱে --" দিনে দিনে পঢ়াত কিয় মন নবহা হৈছে । আজি তোমালোকক পিটোতে মই বুঢ়া আঙুলীটোত আঘাত পালোঁ ,  ইয়াৰ মূল্য কোনে দিব ? আজিৰ পৰা তোমালোকে একেলগে নবহিবা ,  বহা দেখিলে পিটি পিটি বাহিৰত ওলিয়াই দিম । এটা এটা কৈ প্ৰতিখন বেঞ্চৰ প্ৰথমত বহিবা । "
সেই দিনটোৰ পৰাই ছাৰৰ গণিত আৰু বিজ্ঞানৰ কলাংশ দুটাত আমি পৃথক পৃথকৈ বহোঁ । নিৰ্জুমণিৰ আগত মাৰ খোৱা বাবে বৰ লাজ পালোঁ । তাইৰ চুকুলৈ চাব নোৱাৰা হ'লোঁ । মই কেইবা বাৰো তাইৰ ফালে লক্ষ্য কৰিছিলোঁ । তাই মোৰ ফালে চকু ফুৰাই আছিল । কিন্তু অন্য দিনৰ দৰে চকুত চকু থৈ এটা হাঁহি মাৰিব পৰা নাছিলোঁ , জিভাখন উলিয়াই  লৰাই দেখুৱাব পৰা নাছিলোঁ । মাথোঁ নিৰৱতাৰে তল মূৰ কৰি আছিলোঁ । ছাৰ গুচি গ'ল । যোগেশ্বৰহঁতে আকৌ নিজৰ বেঞ্চত বহিলগৈ । কিন্তু মই উঠি যাব খুজা নাছিলোঁ , মুকুন্দই মোৰ বেগটো নি বেঞ্চত থ'লেগৈ । বাধ্যত পৰি উঠি গৈ তাত বহি থাকিলোঁ । সিহঁতি কথা পাতি পেতপেতাই থাকিল । দুখ মনেৰে দুটা ক্লাছ পাৰ কৰিলোঁ । বিৰতিৰ কলাংশৰ ঘণ্টা বাজিল । সকলো সহপাঠী ওলাই গ'ল । মই বেঞ্চতে মূৰটো থৈ শুই আছিলোঁ । নোচোৱা চলেৰে নিৰ্জুমণিলৈ চাইছিলোঁ । অনুভৱ কৰিছিলোঁ , তাইয়ো মনত দুখ কৰিছে । কিন্তু মোৰ মনে তাইৰ যন্ত্ৰণা দূৰ কৰাৰ কথা ভাবা নাছিল , মাথোঁ ভাবিছিলোঁ কিয় বাৰু পঢ়োঁতেও তাইৰ কথা মনত পৰি থাকিব লাগে । ছাৰ- বাইদেউৱে পঢ়াই থাকোঁতেও বাৰু  কিতাপলৈ মন নিদি কিয় তাইৰ ফালে চাই থাকিব লাগে । নিৰ্জুমণিয়ে মোৰ ফালে চাইছিল ; কিন্তু মই  নেদেখা ভাও দি তল মূৰ কৰিলোঁ ।
               বিৰতিৰ কলাংশত নিৰ্জুমণিয়ে বান্ধৱীসকলৰ লগত দোকানলৈ নগৈ ঘূৰি আহিল । মই   নজনাকৈয়ে আহি মোৰ কাষত বহিলহি । পিঠিত হাতখন দি লাহেকৈ কয় - " চাওঁ হাতখন বেছিকৈ দুখ পালা নেকি ?  মন মাৰি থাকিব নালাগে দিয়া । যোগেশ্বৰহঁতৰ লগত নগলা যে ? "
               
                     লাহীৰ হাতৰ পৰশত মূৰটো ওপৰলৈ উঠিল । ক'ব নুখুজিলেও নিজে নিজে বাগৰি আহিল ওঁঠ দুটা মেল খাই মাথোঁ এটা ধ্বনি  - "  নাই " । দুয়ো অলপ পৰ কোনেও মাত নিদিয়াকৈ ৰ'লোঁ । মোৰ কাষতে নিৰ্জুমণিয়ে বহি আছিল । তাইৰ চকুযুৰিলৈ প্ৰত্যক্ষ কৰিলোঁ ,  এনে অনুভৱ হ'ল তাই যেন  কিবা  ক'ব খুজিছে । কিন্তু ক'বলৈ মনত সাহস পোৱা নাই ,  সেয়ে মনৰ দুখে মুখমণ্ডলক কৰি তুলিছিল এক বেদনাৰ সমুদ্ৰ । ময়ে মনত শান্তনা দিবলৈ লাহেকৈ ক'লোঁ ," তুমি কিয় নগলা । "

" তুমি মন মাৰি থকা বাবে যাবলৈ মন নগ'ল  । ভাবিলোঁ , তোমাৰ লগতে অলপ সময় বহোঁ । ৰেণুমনিক চানা আনিবলৈ দিছোঁ । ছাৰে কৰি  আনিবলৈ দিয়া গৃহকাৰ্যবোৰ কৰি আনিবা । নানা কিয় ? জানাই চোন , কৰি নানিলে পিটে বুলি । মাৰ খোৱা কাম কিয় কৰা  ? এতিয়া আৰু দুখ কৰি থাকিব নালাগে । উঠা , ব'লা বাহিৰলৈ যাওঁ । "

         নিৰ্জুমণিয়ে কথাবোৰ কৈ যাওঁতে  মই তাইৰ মুখমণ্ডলৈ চাই আছিলোঁ । মোৰ নয়নযুৰিয়ে হঠাতে  নিৰ্জুমণিৰ  মুখমণ্ডলৰ  বৃহৎ পৰিৱৰ্তন লক্ষ্য কৰিছিল । তাই মৌ সনা বচনে মধুৰভাৱে স্বৰবোৰ অনলত এৰি দিছিল আৰু সেইবোৰে মোৰ কুটিৰত স্পৰ্শ কৰি মনৰ  বেদনা সমুদ্ৰক উপশম ঘটাইছিল । ওঁঠ দুটি যি সুন্দৰকৈ দোলিত হৈছিল  মই বৰ্ণণা দিবলৈ  কোনো অলংকাৰ বিচাৰি পোৱা নাছিলোঁ । তাই সোঁ  হাতখন মোৰ চুলিখিনিত ৰাখি চুলিত আঙুলি বোলাই বোলাই কথাবোৰ কৈ গৈছিল । মোৰ মনটো হঠাতে পৰিৱৰ্তন হ'ল । মনত উদয় হ'ল  তাই  চাগে মোক খুব ভাল পায় । ময়ো  পাওঁ , কিন্তু মোৰ বন্ধুতকৈ কম । মই নিৰ্জুমণিৰ লগত কথা নাপাতাকৈ থাকিবও নোৱাৰোঁ । তাইয়ো নোৱাৰে , সেই কথাটো মই  জানোঁ । কিন্তু আমি এৰা-এৰি হ'বই লাগিব । মনৰ এনেধৰণৰ ভাৱনাবোৰ  একোণত থৈ লাহেকৈ মোৰ কণ্ঠৰ স্বৰত উত্তৰ ওলাল ---
" নাযাওঁ । অই , আৰু কিবা কোৱা চোন ,শুনি বৰ ভাল লাগিছে । কোৱা না আৰু  কিবা । ।" 
" কিনো কওঁ , ক'বলগীয়াখিনি ক'লোৱেই । কিন্তু এটা কথা আছিল ক'বলৈ , সেইটো নক'লেও তুমি জানা আৰু বুজা । " 
" ৱাও ! সেইটো নো কি কথা , মই জানোঁ  আৰু বুজোঁ । কি কোৱা না , তোমাৰ মাতেৰে শুনোঁ । " 
" তুমি যে আৰু  , এইটো কথাকে ক'ব লাগে নে  তোমাক ? "
" কি কথানো , সেইটো ক'বলৈ ইমান সময় লাগিছে যে ? ময়ো তোমাক কিবা কম বুলি এতিয়া ভাবিছোঁ ।"
" ঠিক আছে , তোমাৰ কথাটো আগতে কৈ লোৱা চোন ? "
" ওহোঁ নকওঁ । তুমি প্ৰথমে ক'ব লাগিব ।"
" হ'ব দিয়া কৈছোঁ তেন্তে  যিটো নক'লেও হয় । এইফালে আহা কাণত কম ।"
নিৰ্জুমণিয়ে এখন হাত মোৰ বাঁওফালৰ গালত আৰু এখন হাত মোৰ ডিঙিত ৰাখি তাইৰ গা ফালে টানি আনে আৰু  সোঁপক্ষৰ গালখনত এটি চুমা দি কয়  --তোমাক ভাল পাওঁ ।

মোৰ মন সাগৰত বগা তুলা  উপঙিল । তুলাবোৰে যেন অদ্বিতীয় বিচনা পাৰি দিছিল তেনে অনুভৱ হৈছিল । মনে নিতৌ শুনিবলৈ বিচাৰি থকা কথাষাৰ শুনি একেবাৰে আনন্দত নিমজিত হৈ গ'লোঁ । নিৰ্জুমণিৰ  চকুলৈ চালোঁ । তাইয়ো  কিছু পৰ চাই ৰ'ল । তেনে সময়তে পঞ্চম শ্ৰেণীত বেঞ্চ এখন বাগৰিল । নিৰ্জুমণিয়ে মোক এৰি দিলে ।
মই ক'লোঁ , " কি কথা কম কৈছিলা কোৱা ? নাই কোৱা যে ? "
" মোৰ কথাটো ক'লোৱেই । তোমাৰটো কোৱা । "
" মই জানোঁ , তুমি মোক ভাল পোৱা । তথাপিও বুজিব নোখোজা কচুৰ মনটোৱে তোমাৰ মুখৰ পৰা এই কথাষাৰ শুনিবলৈ বিচাৰি ফুৰিছিল । আজি শুনিলোঁ , ভাল লাগিল । ময়ো তোমাক ভাল পাওঁ । কিন্তু মই তোমাক বেলেগ এটা কথাহে সোধিম বুলি ভাবি আছোঁ । " 
" কি কথা ? মই আৰু কাৰোবাক ভাল পাওঁ নেকি বুলি ? "
" সেইট্ , অভিমানীজনী । সেইটো নহয় । শুনা মই সোধিম বুলি সদায় ভাবি থাকোঁ যে  তুমি ক'ত নামভৰ্তি কৰিবা । তোমাৰ কোনখন স্কুলত পঢ়িবলৈ মন আছে । চাগে অষ্টম শ্ৰেণীৰপৰা  বেলেগ বেলেগ স্কুলত পঢ়িলে তুমি নতুনক পাই পাহৰি যাবা ন ।"
" কিয় পাহৰিম । তুমি লগত আজিৰ দৰে থাকিবাই দেখোন । মই জয়পুৰ হাইয়াৰ চেকণ্ডৰীতে লগাম বুলি ভাবিছোঁ । আশা তাতেই  আছে পঢ়াতো । পাম নে নেপাম জানোঁ । তুমিতো পাবাই । মোৰহে কি হ'ব । কিয় সোধিলা  । এতিয়াও দেৰ বছৰ আছে । " 
" তুমি দুখ নকৰিবা আৰু নাকান্দিবা হাঁ , কথা এটা কওঁ ।  নাকান্দোঁ কোৱাঁ ।" 
" বাৰু নাকান্দোঁ । কিন্তু নাকান্দা কথা ক'বা হাঁ ।" 

             কওঁ নকওঁ কৈ  ক'লোঁ ---" তোমাক কিমান ভাল পাওঁ নিজেও নাজানোঁ । সাত সাগৰৰ পানীৰ সমান নে বিশাল শূন্যৰ সমান । কিন্তু তোমাক যে ভাল পাওঁ , তোমাৰ অবিহনে যে মনটো উকা উকা লাগে তাতেই অনুভৱ কৰোঁ । স্কুল ছুটীৰ পাছত মনটোৱে কয় , স্কুল ছুটী নোহোৱাহেঁতেনেই ভাল আছিল । ঘৰত থকা সময়কণেও তোমাকে স্মৰায় থাকে । তুমি কথা ক'লে , তুমি মোৰ কাষত থাকিলে দুখ -ভাগৰে একোৱে সাৱটি নধৰে । মাথোঁ মোক ঘেৰি থাকে তোমাৰ মৰমবোৰে ।  কিন্তু , তোমাতকৈ বেছি মই আৰু আন কাৰোবাক খুব ভাল পাওঁ । যাৰ বাবে নিতৌ ভগৱানকো প্ৰাৰ্থনা কৰোঁ যাতে আমি সোনকালে মিলন হওঁ । কিন্তু  সময়ে দেখোন এতিয়ালৈকে দিয়া নাই । " 
" অ' মানে আন কোনোবা এজনী আছে । মই এনেই তোমাক আমনি কৰি আছোঁ । হ'ব দে ।"   
         নিৰ্জুমণিয়ে অভিমানি মনেৰে কথাষাৰ বতাহত এৰি দিলে । হঠাতে বেঞ্চখনৰপৰা  উঠি যাবলৈ লওঁতে তাইক সোঁ-হাতত ধৰি বেঞ্চত টানি বহালোঁ । সেই সময়তে শ্ৰেণীকোঠালৈ যোগেশ্বৰ-ৰেণুমনিহঁত সোমাই আহে । মই নিৰ্জুমণিক হাতত ধৰি বেঞ্চত বহোৱা সিহঁতৰ দৃষ্টিগোচৰ হয়। ৰেণুমণিয়ে কয় উঠিব নালাগে , আমি তালৈয়ে গৈছোঁ । সিহঁতি আহি  জুমপাতি বহিল ।মোৰ মনৰ কথাবোৰ নিৰ্জুমণিৰ আগত প্ৰকাশ কৰা নহ'ল । চানা আৰু পকৰী ভাগ কৰিল । আমি খাবলৈ আৰম্ভ কৰিলোঁ , কিন্তু তাই খোৱা নাছিল । মন মাৰি বহি আছিল । 
      ৰেণুমনিয়ে নিৰ্জুমণিক ক'লে ," অই , তুমি কিয় খোৱা নাই ? "
ৰেণুমনিয়ে মোৰ ফালে চকু থৈ কয় --" তুমি কিবা ক'লা নেকি ?" 
   মই নিৰ্জুমণিৰ মুখলৈ চাই ক'লোঁ --" নাই  , নাই কোৱা একো ,  কি হ'ল  ? খোৱা আক তুমি । "

            মই নিৰ্জুমণিৰ মুখমণ্ডললৈ প্ৰত্যক্ষ কৰি আছিলোঁ  এক নোচোৱা দৃষ্টিৰে । তাইৰ মুখমণ্ডলত ঘেৰি ধৰিছিল হয়তো হৃদয়ৰপৰা উটলি আহা বিষাদবোৰে , যিবিলাকে তাইৰ মুখমণ্ডলক কৰি পেলাইছিল ৰঙচোৱা । মই ভাবিছিলোঁ তাইক সাৱটি ধৰি মনত দুখ নিদিয়াকৈ কথাবোৰ বুজাই দিওঁ । কিন্তু সেয়া সম্ভৱো নহয় । মোৰ হৃদয়টো বিষাদৰ জলে সমুদ্ৰ সৃষ্টি কৰি ঢৌ তুলি গঢ়াত কোবাইছিল । ঢৌৰ কোবনিত মই অনুভৱ কৰিছিলোঁ মই যেন হঠাতে কোনো এক মূহুৰ্ততে ধৰাত  বাগৰি  পৰিম । নিৰ্জুমণিয়ে বেছি পৰ মোৰ সম্মুখত ৰৈ থাকিব নোৱাৰিল । তাই শ্ৰেণীকোঠাৰ পৰা ওলাই গৈ প্ৰেসাৱগাৰৰ ওচৰত পেলেগৈ । হৃদয়ৰ বিষাদক অশ্ৰুৰে শান্তনা দিবলৈ প্ৰয়াস কৰিছিল যদিও বিফলতাই কণ্ঠেৰে বিষাদক বহি: প্ৰকাশ ঘটালে । তাই চিঞৰি চিঞৰি কান্দিল । লগৰ দুগৰাকী মানে আহি সুৰভিক ক'লেহি , নিৰ্জুমণিয়ে পাছফালে কান্দি আছে , কিবা হৈছে চাগে । কথাষাৰ শুনিয়েই  আমাৰ দলটোৰ সকলোৱে দৌৰি গ'ল ।
                    প্ৰথমে মাজনীয়ে গৈ তাইক সাৱটি ধৰিলে আৰু চিঞৰি  মাতিবলৈ ধৰিলে --" কি হ'ল অই তোৰ ? কি হৈছে ? " 
সকলোৱে সোধাত লাগিল ----" কি হৈছে ? ৰ'বা চোন নাকান্দিবা । আহা , ইয়াত বহা । " 
মোৰ মাত-কথা নাই । মই সেই ক্ষণত নিমাত হৈ ৰ'লোঁ । মনলৈ মাথোঁ এটাই ভয় আহিল ,যদি নিৰ্জুমণিৰ কিবা হৈ যায় কি হ'ব ?   কি হ'ল আজি এইবোৰ । এতিয়া কি হ'ব ?  নিদাৰুণ পৰিস্থিতিত মই নিৰ্জুমণিৰ ফালে চাই আছিলোঁ , কিন্তু একো ক'ব পৰা নাছিলোঁ । 
এনেতে ৰেণুমনিয়ে কয় , "ধৈৰ্য্য ধৰা চোন , চোৱা মিণ্টুৱে তোমাক দেখি ভয় খাইছে । " 
ৰেণুমনিয়ে কথাষাৰ কোৱা সময়তে যোগেশ্বৰে কয় , " অই কি থৰ লাগি আছ ,ধৰহি ইয়াক । মই ছাৰক খবৰ দি আহোঁগৈ । "
যোগেশ্বৰৰ কথাষাৰ শুনি মোৰ আৰু ভয় লাগিল এতিয়া কি হ'ব । মই গৈ নিৰ্জুমণিক ধৰি তাৰ কান্ধত মোৰ মূৰটো থৈ ক'লোঁ --" তুমি কেনেকুৱা কৰিলে মোৰ জীৱনটো কি হ'ব ?  ৰ'বা চোন নাকান্দিবাঁ , চোৱা সকলোৱে কান্দিছে ।"

নিৰ্জুমণি নিৰৱ হৈ ৰ'ল । ছাৰ-বাইদেউসকল আহি ওচৰত উপস্থিত হ'লহি । নিৰ্জুমণিক ছাৰ-বাইদেউসকলৰ জিৰণি কোঠালৈ লৈ গ'ল । নিৰ্জুমণিক ডাক্তৰ ঘৰলৈ নি বাহিৰে বাহিৰে ঘৰত থৈ আহিল । সেইদিনটোত বিৰতিৰ পাছত এটা ক্লাছ কৰিয়েই সকলোকে ছুটী দিলে । 

        নিশা উজাগৰে কটালোঁ । দীঘল দি মাটিত পৰি ৰ'লেও চিন্তাই হৃদয়ত বিচনা পাৰি লোৱা হেতুকে টোপনিয়ে আখৈয়ে নাপালে । মাথোঁ এটাই চিন্তা ---নিৰ্জুমণিৰ কিবা হৈছে নেকি বাৰু ? যদি কিবা হৈ যায় কি হ'ব বাৰু ? কথাবোৰো ক'বলৈ নাপালোঁ । হয়তো কথাবোৰ ক'বলৈ সুবিধাকণ পোৱাহেঁতেন নিশ্বয় বুজিব পাৰিলেহেঁতেন । মইতো তাইক ভাল নাপাওঁ বুলি কোৱা নাছিলোঁ । তাইহে মই কাৰোবাক ভাল পাওঁ বুলি সন্দেহ কৰিছে । কিন্তু মইতো মোৰ সপোনৰ ভাইটি আৰু বন্ধুকহে ভাল পাওঁ । সিহঁত দুয়োকহে মোৰ মন দাপোনত ভৰাই ৰাখিছোঁ ।
মই তাইক মোৰ নিজৰ প্ৰাণতকৈও ভাল পাওঁ । তাই যদি এই সেউজী পৃথিৱীত নাথাকে , মই কেনেকৈ থাকিম । তাইৰ দৰে ময়ো তাইক এৰি থাকিব নোৱাৰোঁ । মোৰ মনে ভিন্ন ভিন্ন চিন্তাক আসন দিছিল । মনটোৱে বিবেকক বাৰে বাৰে কৈ আছিল এতিয়াই নিৰ্জুমণিৰ ঘৰলৈ যাওঁ , তাইৰ খবৰ লওঁ আৰু কৈ দিওঁ মই তোমাকেই হিয়া ভৰাই ভাল পাওঁ  । আৰু আজীৱন তোমাকেই ভাল পাই থাকিম ।
     পুৱা সূৰুযৰ কিৰণে ধৰণীত খোজ দিলে । সকলো কিৰণত জাগ্ৰিত হৈ নিজ নিজ কামত মগ্ন হ'ল । মই বিচনাৰপৰা উঠি আহি বাহিৰত মনতে ক'লোঁ --প্ৰভু দয়া কৰিবা । শক্তি আৰু সাহস দিবা । আজি নিৰ্জুমণিক মোৰ মনৰ কথাবোৰ শুনিবলৈ ধৈৰ্য্য শক্তি দিবা । আমাৰ মাজত কোনো ব্যাঘাত নজন্মাবা । মই মোৰ ভাইটিটোক আৰু  বন্ধুক দিঠকত পাব বিচাৰোঁ । মোক শকতি দিয়া । 
       মই পুৱা সোনকালে বিদ্যালয়লৈ গ'লোঁ । নিৰ্জুমণিয়ে আহি পোৱা আগতেই স্কুলত পালোঁগৈ । নিৰ্জুমণিক আহা দেখিলোঁ । মই আগবাঢ়ি গ'লোঁ । ওচৰত গৈ পায় ক'লোঁ ,--"  ভালদৰে গা ভাল পালা জানোঁ , স্কুললৈ আহি দিলা যে ? দিয়া বেগটো মই লৈ দিওঁ । ডাক্তৰে কি কি দিলে ? "
" হ'ব নালাগে বেগটো লৈ দিবলৈ , পাৰিম । নাহাহেতেঁন, তুমি জানোঁ চিন্তা কৰি নাথাকিলাহেঁতেন । হ'ব দিয়া , চিন্তা কৰিব লগা একো নাই । মই নমৰোঁ । কিন্তু আজি হ'লে তুমি সেই ডুমিনিজনীক দেখুৱাব লাগিব । নহ'লে কিন্তু কথা বেয়া হৈ যাব আৰু কেতিয়াও নামাতো তোমাক । এতিয়া সুখীতো ।"--- নিৰ্জুমণিয়ে কথাৰ অন্তত এটা মন মোহা হাঁহি মাৰিছিল ।
        হাঁহিটি দেখি ময়ো মিচিকিয়াই হাঁহি ক'লোঁ --" আকৰীজনী ,  তেনেকুৱা মোৰ কোনো নাই । যদি আছে তেন্তে তুমি । পিছে কথা বেয়াহৈ যাব কথাষাৰে কি কৰিবা তাকেহে নুবুজিলোঁ । জোমিম বুলি ভাবিছা নেকি ? "
" হ'ব হ'ব থোৱা । এতিয়া কথা লুটিয়াব নালাগে । কালি নিজে কৈছিলা ।" 
" মই জানোঁ তোমাক গোটেই কথাবোৰ ক'বলৈ পালোঁ  । আজি কম , বৈ বেগটো থৈ আহোঁ গৈ প্ৰথমে ।"
" ঠিক আছে বাৰু হ'ব দিয়া ।"
বেগটো থৈ আহি দুয়ো  বিদ্যালয়খনৰ সম্মুখৰ খেলপথাৰখনত বহিলোঁগৈ । নিৰ্জুমণিয়ে শিলিখা আনিছিল । মোক এটা খাবলৈ দিছিল , কিন্তু মই শিলিখাটো নাখাই হাতত লৈ আছিলোঁ ।
নিৰ্জুমণিয়ে অভিমান কৰি কয় , " মই দিয়া বস্তু খাবলৈও তোমাৰ ঘৃণ লগা হ'ল । বাহ:  বাহ: খাটৰা হ'লা আৰু ।"
" নহয়  অ' , তুমি মোক ভুল বুজি আছাঁ । মই কাকো ভাল নাপাওঁ । মাত্ৰ তোমাকে ভাল লাগে সকলোতকৈ । সেয়া ভাল পোৱা নে অন্য কিবা নাজানোঁ । তুমি এদিন কাষত নাথাকিলেই সকলো শেষ হৈ যোৱা যেন লাগে । বুকুখন উকা উকা যেন লাগে । কিন্তু ---------"
" কিন্তু কি ----? "
" তোমাক কোনো দিনেই কোৱা নাই । ক'বলৈও প্ৰয়োজনবোধ কৰা নাছিলোঁ । কিন্তু পৰিস্থিতিয়ে ক'বলৈ বাধ্য কৰাইছে । তুমি মোক কিন্তু ভুল নধৰিবা । "
" নধৰোঁ কোৱা চোন ?  নাকান্দোঁ কোৱা । কালি কান্দিলোঁ নহয় । মই ভাগি পৰিলে তুমিও ভাগি পৰিবা । মই ভালদৰে জানোঁ ।"
"ওম হয় । তুমি কান্দিলে মই সহ্য কৰিব নোৱাৰোঁ । নিজকে কি কৰোঁ , কি নকৰোঁ লাগে । আজি নিশা অলপো টোপনি নগ'লোঁ । তোমাৰ কথাই মনত পেলাই পেলাই চকুলো টুকিলোঁ । মোৰ জীৱনলৈ চকুলোৰ বাহিৰে আৰু একোৱেই নাহে । ভাগ্যত সুখৰ পল চাগে নাই ।"
" সেইহ্ , কিয় তেনেকৈ কৈছা । ভগৱান আছে নহয় । বাৰু মূল কথাটো কোৱা ।"
" সঁচা কথা ক'বলৈ গ'লে মোৰ মন দাপোনত মোৰ এজন ভাইটি আৰু এজন বন্ধুক পুহি ৰাখিছোঁ । আজিলৈকে সিহঁতক লগ পোৱা নাই । সিহঁতক জীৱনত লগ পোৱা আশাৰে মই ব্ৰত ৰাখোঁ । বৃস্পতিবাৰে একো নাখাওঁ । সেয়ে তুমি দিয়া শিলিখাটোও খোৱা নাই । মোৰ জীৱনত তেওঁলোকক বিচাৰোঁ ।"
" নিশ্বয় লগ পাবা । চিন্তা নকৰিবা ।" 
" তাকেই আশা কৰিছোঁ । আশা কৰিছিলোঁ পঞ্চম শ্ৰেণীত বন্ধুজনক লগ পাম ; বন্ধুৰ পৰিৱৰ্তে মোৰ জীৱনলৈ তুমি আহিলা । হিয়া ভৰাই মৰম-চেনেহ দিছা । তোমাৰ মৰম-চেনেহত ব্যাকুল হৈ মই ভাইটি-বন্ধুৰ কথা পাহৰি গৈছিলোঁ । তেওঁলোকক লগ পোৱাৰ উদ্যোমেৰে  যেনেদৰে পূৰ্বতে পঢ়িছিলোঁ , তেনে স্পৃহা এতিয়া নোহোৱা হৈ গৈছে । সেইবাবেই এইবাৰ পঞ্চম স্থান পালোঁ । কালি  ছাৰে দিয়া গালি আৰু কোবে মোৰ ভাইটি আৰু বন্ধুলৈ মনত পেলাই দিলে । মই চাগে সঁচাকৈয়ে বেয়া ল'ৰা হৈ গৈ আছোঁ । সেয়ে ভাবিছোঁ এনেদৰে থাকিলে ফেল কৰিম আৰু মোৰ মন জগতৰ বন্ধুজনক কেতিয়াও লগ নাপাম । গতিকে সিদ্ধান্ত লৈছোঁ যে মই ভালদৰে পঢ়িম , মোৰ ভাইটি আৰু বন্ধুক লগ পাবলৈ । তোমাৰ লগত কথা পাতি থাকিলে মোৰ পঢ়াত মন নবহে। সেইবাবে ভাবিছোঁ তোমাৰ লগত আৰু কথা নাপাতোঁ । আমাৰ মাজৰ গভীৰ সম্বৰ্ন্ধ হ্ৰাস কৰি দিওঁ । তুমি ভাল ছোৱালী । তুমি বহুত ভাল ভাল বন্ধু-বান্ধৱী পাবা ; কিন্তু মই নিচেই দৰিদ্ৰ পৰিয়ালৰ সন্তান । সেয়ে হয়তো জীৱনত তোমাৰ দৰে আৰু ভাল ছোৱালী কেতিয়াও লগ নাপাম । মই তোমাক ভাল পাওঁ , তুমি সুখত থকাতো বিচাৰোঁ  । "
        নিৰ্জুমণিৰ মুখৰ স্বাভাৱিক ৰূপৰ দৃপ্তীক মোৰ কথাবোৰে ম্লান কৰি পেলাইছিল । মোলৈ তাই অচিনাকী কোনো ব্যক্তিক থৰ লাগি চোৱা দৰে চাই ৰ'ল । কিছুপৰ দুয়ো নিমাত হৈ ইজনে-সিজনক চাই ৰ'লোঁ । মই ভাবিছিলোঁ , তাই মোক উত্তৰ দিব । কিন্তু আশানুপ্ৰদ ফল নাপালোঁ । চমৎকিতভাৱে বা বলাৰ দৰেই তাইৰ নয়নযুৰিত মুকুটা জিলিকিল । হয়তো আশা কৰা নাছিল মোৰ মুখৰ পৰা এনে কথা শুনিব । মই তাইৰ চলচলীয়া চকুযুৰি দেখি ভয় খালোঁ যে  আজি আকৌ তাই চাঞৰি নেকান্দেতো ।  
গহীন মাতেৰে ক'লোঁ , " দুখ নকৰিবা । মোৰ মনৰ কথা তুমি নুবুজা নহয় । বুজিও নুবুজাৰ অভিনয় কৰিলে আমাৰ মৰম-চেনেহৰ ৰচাডাল জানোঁ সঁচা বুলি ক'ব পাৰি । তুমি সাহসী ছোৱালী । জীৱনৰ তুমিয়েই মোৰ প্ৰথম প্ৰাণৰ শান্তিদায়িনী । কিন্তু নিয়তিৰ কোলাত জানোঁ আমি ইচ্ছানুসাৰি সকলো কামৰ গৰাকী হ'ব পাৰোঁ । আমাৰ ভাগ্য দাতাই যদি তুমি মই এক বুলি স্ৰজিছে নিশ্বয় এক হ'মেই । মথোঁ তুমি মই থাকিব লাগিব নিৰ্জুমণি । " 
" ধেইৎ , হ'ব দিয়া বুজিছোঁ । দুখো লাগিছে । কিন্তু দুখৰ মাজতো সুখক আদৰিবলৈ প্ৰয়াস কৰিছোঁ দিয়া । এটা কথা মন কৰিছা নে তুমি ? "
" কি ? মই বুজা নাই ।"
" সময় বাগৰাৰ লগে লগে আমি চিনাকি হৈও অচিনাকি হৈ যাবলৈ আগবাঢ়ি গৈ আছোঁ । আজি  তোমাক পাহৰি যাবলৈ কৈছা । মই তোমাক পাহৰিব নোৱাৰিলেও  হাজাৰ হাজাৰ বাৰ প্ৰচেষ্টা চলাই যাম হয়তো এদিন সফল হ'ম  আৰু গুচি যাম তোমাৰপৰা দূৰলৈ । তুমিও এদিন তোমাৰ আপোন ভাইটি-বন্ধুক কাষত পাবা আৰু মই হৈ ৰ'ম  এক অচিন ব্যক্তি । বাহ ! কি ভাল লাগিব ---ক'বলৈ মনত থাকিব বহুত কথা , কিন্তু তুমি মই মনৰ কথাবোৰ আদান-প্ৰদান কৰাটো বাদেই দিয়া চকুত চকু থৈও হৃদয়ৰ বেথাবোৰক ওমান দিবলৈ ক্ষণ নহ'ব ।"
" তুমি দুখ নকৰিবা নিৰ্জুমণি। প্ৰকৃতিৰ চিৰন্তন আৰু ৰহস্যময় প্ৰজ্ঞাৰ তুলনাত আমি নিচেই নগণ্য । জীৱনৰ অৰ্থ আৰু মহত্ব প্ৰকৃতিৰ বিধানৰ অনুসৰিয়েই নিয়ন্ত্ৰিত হয় । বিধাতাই যদি তুমি মই এক হোৱাকৈ স্ৰজিছে , তেন্তে আমাক কোনেও পৃথক কৰিব নোৱাৰে । "
" মই বুজিছোঁ । তথাপিও , জনোঁ কিয় আকস্মিকভাৱে আকৌ অবুজন হৈ পৰোঁ । "
" হয় ,  ময়ো দুখৰ সমুদ্ৰত নিমজ্জিত হৈ আছোঁ । তোমাক এৰা আৰু তোমাৰ পৰা দূৰত থকাতো মনে কোনো দিনে ভাবা নাই , চাগে নাভাবেও । কিন্তু আজি বিবেকৰ বিবেচনাই  মোৰ আশা পূৰণৰ বাবে তোমাক আঁতৰাব খুজিছে ।"
" আৰু একো নক'বা । হ'ব দিয়া । এটা কথাই বুজি পোৱা নাই । মইনো তোমাৰ কি অপকাৰ কৰিছোঁ নিজেই নাজানোঁ । মইতো অকল তোমাৰ স'তে অলপ আনন্দত থাকিব বিচাৰোঁ । তুমি আজি যাৰ বাবে মোক এৰিব খুজিছাঁ , এদিন সিহঁতেও তোমাক পাহৰি যাব ৰ'বা । তেতিয়া কন্দি কান্দি মোৰলৈ মনত পেলাবা । ভাল পোৱাৰ অৰ্থ সেইদিনাই তুমি আটাইতকৈ বেছি বুজি পাবা ।যিটো আজি মই বুজি পাইছোঁ । তোমাৰ ভাইটি আৰু বন্ধুক ভগৱানে তোমাৰ কাষত দিয়ক । তোমাক কোনো দিনেই আমনি নকৰো  দিয়া । তোমাক কথা দিলোঁ । সময় থাকিলে ৰৈ থাকিম , মোৰ জীৱনৰ কোমল হিয়াৰ গৰাকীৰ আসনখনো সময়ৰলৈকে খালি থাকিব । জীৱনৰ ৰংবোৰ বুজিব নোৱাৰা এক ব্যঞ্জনাৰ্থক । কেতিয়া সলনি হৈ কি ৰং লয় একোৱেই ক'ব নোৱাৰি ।  খুব দুখ অনুভৱ কৰিলে  মোৰ কাষলৈ আহিবা । মোৰ বুকুৰ কোমল বিচনাখন তোমাৰ বাবে খোলা থাকিব । প্ৰয়োজন হ'লে ক'বা প্ৰাণকো আহুতি দিম । তুমি নাকান্দিবা , ভাল নালাগে । তুমি কান্দিলে মোৰো হৃদয়খন ভাগি পৰে । তুমি সুখী হোৱা । সফলতাৰে আগবাঢ়ি যোৱা ।"

                 মই আৰু বেদনাবোৰ বুকুত লৈ ধৈৰ্য্য ধৰি থাকিব নোৱাৰিলোঁ । আপুনা-আপুনি চকুযুৰি অশ্ৰুসিক্ত হৈ দুগালেদি লোতক প্ৰৱাহিত হৈ আহিল । মনটোৱে মথোঁ কৈ আছিল --" চাগে , নোৱাৰিম তোমাক এৰি থাকিবলৈ নিৰ্জুমণি । তুমি ভাবিছাঁ মই সুখী ; কিন্তু কিমান সুখী মইহে জানোঁ । তুমি কৈছা সুখী হৈ থাকা । কিন্তু তোমাৰ অবিহনে কেনেকৈ সুখী হৈ থাকিম কোৱা ? কিন্তু মই নিৰুপায় হৈ শোকৰ অগ্নিত দগ্ধিত হৈ পৰিছোঁ ,  দগ্ধিত হৈ গৈছোঁ ---------" 

       নিৰ্জুমণিয়ে হাত দুখনেৰে মোৰ লোতকক মুঁচি কয় ," ইমান দুৰ্বল হ'লে ভাইটি- বন্ধুক বিচাৰি যাবলৈ সাহস ক'ত পাবা । নাকান্দিবাঁ । দূৰে দূৰে থাকিলেও সময়ে ওচৰ চপালে এক হ'ম দিয়া ।"

" অ' সেইটোৱে বিচাৰোঁ । তুমিও দুখ নকৰিবাঁ। ঘৰত ভাত-পানী খাবাঁ । মন মাৰি থাকিলে মোৰো মনটো বেয়া লাগিব । মোৰ পঢ়িবলৈও মন নাযাব । কিন্তু কৈ থ'লো মই কেৱল তোমাকহে ভাল  পাওঁ । আজিৰ পৰা আমি অলপ কথা পাতাটো পাতল কৰিম । দুয়ো পঢ়াত মনোযোগ দিম হা । তুমি নৱম শ্ৰেণীত যিখন বিদ্যালয়ত পঢ়িবা , তাত মই  নপঢ়োঁ । তোমাক কথা দিছোঁ , তোমাৰ নতুন জীৱনৰ নতুন পলৰ সুখক বাধা নিদিওঁ । "

" হ'ব দিয়া , তোমাৰ সুখকো মই  বিষাদলৈ নিব নিবিচাৰোঁ । তোমাৰ বিষাদক আঁতৰাই তোমাক সুখী কৰিব পৰাটোৱেই তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱা । কিন্তু মনত ৰাখিবা ভাইটিজনক লগ পোৱাৰ পাছত মোক চিনাকী নকৰাকৈ নাথাকিবা ।" 

     প্ৰাৰ্থনাৰ বেল বাজি উঠিল ---টং টং টং টঙকৈ । প্ৰৱিত্ৰই চিঞৰিল -- কথা পাতি হ'ল নে নাই ? আহ আহ , সোনকালে । দুয়ো উঠি সমানত আগবাঢ়ি গ'লোঁ । যাওঁতে  কৈ গৈছিল , সুন্দৰ  ভাৱনাবোৰ থাকি গ'ল । আশা আশাই হৈ ৰ'ল । তোমাৰ লগত থাকিয়েই তোমাৰ সপোনৰ ভাইটিক কাষত পোৱাৰ আশা অতীত হৈ ৰ'ল । নদীৰ সুঁতিও এতিয়াৰ পৰা দুমুখী হৈ গ'ল । মন কিন্তু তোমালৈয়ে সাঁচটি হৈ ৰ'ল । ( সুখী মনেৰে কোৱা দৰে  কবিতা ভংগীৰে কথাবোৰ হাঁহি হাঁহি কৈ গৈছিল । কথাবোৰ শুনি ভাল লাগিছিল । শব্দত যি সংগীতৰ দৰে সুৰ-লয় দিছিল হয়তো খোজৰ পৰশত আঘাত পোৱা বনবিলাকেও এইবোৰ শুনি বিষবোৰ অনুভৱ কৰা নাছিল । মই মাত্ৰ শুনি গৈছিলোঁ । কথাবোৰত বিভোৰ হৈ পৰিছিলোঁ ।) শেষত ক'লে ---" ভাইটিজনেও আজি দৰে তোমাক কন্দুৱাব । মোৰলৈ তেতিয়া মনত পেলাবা হাঁ । আজি মই তোমাৰ কাষত আছোঁ অশ্ৰুক মুঁচিবলৈ , সেই ক্ষণত কিন্তু  তোমাৰ ভাইটিয়ে তোমাক এৰি আনৰ লগত আনন্দত আত্মহাৰা হৈ থাকিব । তুমি ক'ত , কি অৱস্থাত থাকিবা খবৰেই নাথাকিব ।  তেতিয়াই মোৰলৈ মনত পেলাবা । প্ৰকৃত ভাল পোৱাৰ এক আভাস পাবা ।  বাই , বাই । "
      
🖋️মিন্টু দোলাকাষৰীয়া 
     ডিব্ৰুগড় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)