এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায়-২৮

Rinku Rajowar
0
বৰ্ষাই ফোন কৰিছে।
___________ ওম বৰ্ষা! ক"
বৰ্ষা________ কি কৰিছ?
__________ কাম দুটামান কৰি আছিলো।
বৰ্ষা_________ ঘৰ আহিলি নেকি?
__________ ওম কালি আহিলো।
বৰ্ষা__________ ভালেই হ'ল তেতিয়া। স্বাগতে আজি তোক লগ কৰা কথা কৈছিল। আজি আহিব পাৰিবি নেকি? সি লৈ আহিব তোক তেতিয়া ঘৰৰ পৰা।
___________ নাই নাই মই নিজেই যাম। ৰ" মাক সুধি লওঁ।
বৰ্ষা_________ ওম ঠিক আছে।

কাণত ফোন টো লৈয়ে মাক সুধিলো।
___________ অ" মা বৰ্ষাই টাউনলৈ মাতিছে আজি।যাওঁ নেকি?
মা_________ যাব বিচাৰিছ যদি যা.... সোনকালে আহিবি খালি।
_________ হ'ব।
_________ ঐ মই যাম। ক'ত থাকিবি তহঁতি?
বৰ্ষা___________ টাউনতে থাকিম।আহোঁতে ফোন কৰিবি।
__________ ঠিক আছে মই ওলাই লওঁ এতিয়া।
ফোনটো কাটি সোনকালে ওলাব লৈছো। বহুত দিনৰ মূৰত আজি আকৌ গোটেই কেইটা লগ হ'ম।ভালেই লাগিছে মনটো।

       ঘৰতে ১২ টা মান বাজিল। মই ওলাই হৈ যোৱাৰ পাছত যাবলৈ লৈছো। ঘৰৰ ওচৰত অলপ দেৰি ৰৈয়ে গাড়ী পালো।অলপ পাছত টাউন পাবৰে হ'ল আৰু ৫ মিনিট মান আছে। বাটত বৰ্ষালৈ ফোন কৰোতে তাই আৰু স্বাগত দা ৰৈ আছে বুলি ক'লে।
      টাউন পালো গৈ। গাড়ীৰ পৰা নামিয়েই দুয়োটাকে ৰৈ থকা দেখিছোঁ। অলপ সময়ৰ কাৰণে এনেকুৱা লাগিল যেন প্ৰান্তিকো মোৰ কাৰণে ৰৈ আছে। যেতিয়াই আমি কেইটা লগ হওঁ তেতিয়া আমি চাৰিওটা থাকো।কিন্তু এইবাৰ তাৰে কোনোবা এজন নাই। বুকুখনৰ কোনোবা খিনিত শোকে খুন্দা মাৰি ধৰিছে।সিহঁতক দেখি হাঁহো নাহাঁহো কৈ মুখত জোৰ কৰি উলিওৱা হাঁহি  এটা ফুটি উঠিল।মোক দেখি বৰ্ষা অলপ আগবাঢ়ি আহিল।
বৰ্ষা_________ আহিলি।
__________ ওম,ক'লৈ যাবি এতিয়া?
বৰ্ষা_________ সেইখিনিত ৰেস্তোৰাঁ এখন আছে তাৰলৈকে যাওঁ ব'ল।

তিনিওটা তাতে গৈ বহিলোগৈ।বিহুত বৰ্ষালৈ অনা ফুলি যোৰ তাইক আজি উলিয়াই দিলো।
বৰ্ষা__________ মোৰ লৈ আনিছ?
____________ ওম আকৌ।
তাই হাঁহি এটা মাৰি নিজৰ বেগটো খুলিছে।
বৰ্ষা___________ হো ল" ময়ো তোৰলৈ কিবা এটা লৈ থৈছোঁ বুলি কৈছিলো নহয়। পলিথিনৰ ভিতৰত কাপোৰৰ নিচিনা কিবা এটা তাই মোক উলিয়াই দিছে। তাতে মই খুলি নাচাই সামৰি থৈ দিলো।
" আৰু মোৰ লৈ....?"
ইজনীয়ে সিজনিক বস্তু দিয়া দেখি ওচৰতে বহি থকা স্বাগত দাই কলে।
হাঁহি মাৰি মই স্বাগত দাক ক'লো।
__________ তোমাক পাছত দিম দিয়া।
স্বাগত___________ ঠিক আছে হব বাৰু।এতিয়া কোৱা খবৰ কেনেকুৱা?
___________ খবৰ নো কি আৰু আছো ঠিকে থাকে।
স্বাগত_________ ওম বুজিছো বাৰু।
___________ লাইফটো আজিৰ পৰা  নতুনকৈ start কৰিম বুলি ভাবিছোঁ।
বৰ্ষা__________ কিয় কি হল?
__________ তই দেখোন জানই কি হল?
বৰ্ষা_________ নহয় নতুন লাইফ স্তাৰ্ত কৰা কথা ক'লি যে....?
_________ এনেই
বৰ্ষা___________ এনেই নহয়।কথা লুকুৱাবলৈ নালাগে তই।কি হল মোক খুলি ক"
__________ উহু... একো হোৱা নাই।
বৰ্ষা__________ নহয় তই মোক কবই লাগিব। ক" তোক আজি সেইকাৰণে মাতিছিলো।

তাই নেৰানেপেৰাকৈ কথাটোতে লাগি থকা দেখি মই কবলৈ বাধ্য হ'লোঁ।
___________ মই সব ফালৰ পৰা প্ৰতাৰিত হ'লোঁ। প্রেমে ঠগিলে,বন্ধুৱে ঠগিলে। মোৰ অন্তৰত থকা শেষৰ কণ ভালপোৱাও কালি শেষ হৈ গল। মোৰ ভালপোৱা,মোৰ বিশ্বাসক হত্যা কৰা হল ।
চকুপানী ওলাই আহিল।
বৰ্ষা_________ ঐ পাগল হ'লি নেকি তই? ওচৰত মানুহ আছে দেখা নাই। কিয় কান্দিছ" আকৌ?
মই একো কোৱা নাই। তললৈ চাই চকুপানীৰ টোপাল বোৰ সৰকাই আছো।
বৰ্ষা_________ ঠিক আছে কান্দি ল"।যিমান মন যায় কান্দ। কান্দি হোৱাৰ পাছত কথা কবি।
তাই তেনেকৈ কোৱা দেখি চকুপানী খিনি মোহাৰি আকৌ কথা খিনি কবলৈ নিজকে প্ৰস্তুত কৰি ল'লো।
স্বাগত__________ কি হল জীয়া। কি বন্ধুৰ কথা কৈছা।আমিটো একো কৰা নাই।
__________ তোমালোকৰ কথা একো কোৱা নাই। মই প্ৰথমৰ পৰা কৈছোঁ কথাবোৰ। স্বাগত দা তুমিটো প্ৰান্তিকৰ কথাবোৰ গম পালাই। প্ৰান্তিক এনেকুৱা হব বুলি কেতিয়াবা ভাবিছিলা নে? প্ৰান্তিক এতিয়া মোৰ বাবে এটা নামৰ বাদে আন একো নহয়।
বৰ্ষা___________ কি কৈ আছ এইবোৰ তই।প্ৰান্তিক এনেকুৱা হব বুলি আমি কেতিয়াও ভবা নাছিলো। স্বাগতেটো সৰুৰ পৰা লগ পোৱা। প্ৰান্তিকৰ এই অদ্ভুত আচৰণ দেখি স্বাগটো আচৰিত হৈ গৈছে।কিন্তু তই ইমান সলনি কেতিয়াৰ পৰা হ'লি? প্ৰান্তিক এটা নাম হে মাথো, নতুন লাইফ start কৰিবি.... কি কৈ আছ এইবোৰ আমি একো বুজি পোৱা নাই।
____________ যোৱা তিনি / চাৰি মাহত প্ৰান্তিকৰ একো খবৰ নাই।ফোন নম্বৰ সলনি কৰিলে।না ফোন কৰে না মেচেজ কৰে। এতিয়া তুমিয়ে কোৱা স্বাগত দা মানুহে কিমান খিনি পালে একেবাৰে তললৈ নামিব পাৰে। অলপ দিনৰ আগত অচিনাকি নম্বৰ এটাৰ পৰা মেচেজ আহিছিল।মই সোধাত প্ৰান্তিক বুলি কলে। আৰু মেচেজত যিটো কথা কৈছে মই তোমাক এতিয়া কব নোৱাৰো। প্ৰান্তিকে অশ্লীল ইংগিত দিছিল।
মই সপোন দেখা যেন লাগিল সেইদিনা।নিজৰ ওপৰতে পুতৌ জন্মিছিল। মই ইমান দিনে লগ পোৱা প্ৰান্তিক যে এদিন ইমান তললৈ নামি যাব পাৰে নে। সেইদিনা ময়ো প্ৰান্তিকক কিবাকিবি কৈ চিৰদিনৰ কাৰণে তেওঁক মনৰ পৰা উলিয়াই দিলো। প্ৰান্তিকৰ কাৰণে এতিয়া মোৰ মনত একো নাই। কিন্তু কেতিয়াবা খং উঠে কিয় মোৰ লগৰ এনেকুৱা কৰিলে। আৰু এতিয়া কি হল জানা? প্ৰান্তিক যি দিনা ঘৰলৈ আহিছিল তাৰ পাছদিনাই পাখি হঠাতে ক'ৰ'বালৈ যাবলৈ ওলাইছিল।মই সোধাত কিবা কাম আছে  কলে।কিন্তু কালি সকলো কথা ধৰা পৰিলে। পাখিয়ে মোক ফাকি দি দি ইমান দিনে প্ৰান্তিকৰ লগত কথা পাতি আছিল।কালি তাইৰ ফোন চাওঁতে মই তাই আৰু প্ৰান্তিকৰ যিবোৰ মেচেজ দেখিলোঁ কাকো কব নোৱাৰিম। পাছত পাখিক সোধাত তাই সব কথা মোক কলে।তাই আৰু প্ৰান্তিক এতিয়া সম্পৰ্কত আছে। সেইদিনা তাই প্ৰান্তিক ক লগ কৰিবলৈ গৈছিল। জান" বৰ্ষা কথাটো শুনি মোৰ কেনেকোৱা লাগিছিল। 
স্বাগত___________ কি........... নাই এনেকুৱা হবই নোৱাৰে।অসম্ভৱ কথা।প্ৰান্তিক অন্য কাৰোবাৰ লগত relationship ত আহিবই নোৱাৰে। তাকো তোমাৰ ৰোমমেত পাখিৰ লগত। 

আগলৈ.....

🖋️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)