দিহিং পাটকাই-সান্নিধ্য শইকীয়া

©Admin
0
 
সৌ সিদিনা অহা বাৰ্তাটো,,
দিহিং পাটকাই বৰ্ষাৰণ্যৰ বাবে অশ্ৰুৰ আলিংগন।।
প্ৰকৃতি আৰু পশুকুলৰ সকলো সম্বন্ধ,,
নিছিল ধ্বংসৰ অগ্ৰগতি।।
নীল-বৰণীয়া নভোমণ্ডলৰ তলত,,
প্ৰকৃতি তথা পশুকুলৰ,,
সপোনে লৈছিল এক নতুন পৰিচয়।।
কিন্তু প্ৰকৃতি লগতে পশুকুল,,
এতিয়া নিৰুপায়।।
কাৰণ, প্ৰকৃতিৰ লগত পশুকুলৰ,,
যি আনন্দময় লুকাভাকু,,
এতিয়া হৈ পৰিল লঠঙা, হেঁতা পৰাৰ,,
লগতে উদং মনৰ বেদনাৰ পৰিৱেশ।।
কোনে বাৰু বৰ্ষাৰণ্যক,,
কাঢ়ি নিব বিচাৰে ?
আজিকালি,,
কোনশত্ৰু, কোন মিত্ৰ,,
চিনিবকে নোৱাৰি।।
পথাৰ শইচৰ, পেটৰ ভাত,,
ঘৰ-বাৰী, জেওৰা-জপনা,,
বৰ্ষাৰণ্যই কেতিয়াও অনিষ্ট কৰা নাই।।
বৰ্ষাৰণ্যও আছে নিজৰ অস্তিত্ব,,
এক গভীৰ একতাৰ বান্ধোন।।
আহ ঐ আহ,,
ওলাই আহ- ভয়াতুৰ হৈ নাথাকি,,
সকলোৱে মিলি সংগ্ৰাম কৰোঁ,,
দিহিং পাটকাই বৰ্ষাৰণ্য বচাবলৈ বুলি।।

✍️সান্নিধ্য শইকীয়া
শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)