হৃদয় জুৰুৱা এটি শব্দ - কলিজা
মন পৰশা অবুজ শিহৰণ- আলিংগন
জনম জনম হৃদয়ৰ যন্ত্ৰণা !!
বুজিও নুবুজা বহনা...
যৌৱনৰ ভাটিয়ালি গীত জুৰি সাগৰৰ সীমনাবিচাৰি
আবেলিটি ৰ' লাগে ।
সপোনে আনে আগলি বতৰা
হৃদয়ে মৰম এবুকুভৰা !!
কলিজা নামেৰে কিয়নো মাতিলা
প্ৰেম যে আধৰুৱা !!
ফাগুণ নহয় এতিয়া উন্মনা
পলাশ ফুলাৰ মাথোঁ অপেক্ষা
সুকোমল শেৱালি লওঁ কোঁচভৰি
অতীত থাকে স্মৃতি দোলাদি ।
✍️ৰুমী কলিতা দত্ত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ