আমাৰ দেশ ভাৰতবৰ্ষ তেত্ৰিশকোটি দেৱতাৰ বাসভূমি | এইখন দেশতেই চাৰিবেদ , চৌধ্য শাস্ত্ৰ , ওঠৰ পুৰাণে ভাৰতীয় লোক সকলক যুগে যুগে অনুপ্ৰাণিত কৰি আহিছে | দেৱ-দেৱতা অথবা দেৱী পূজা-অৰ্চনাৰ লগতে জীৱকুল-প্ৰাণীকুল আৰু বিনন্দীয়া বিশ্বখন কেনেদৰে শান্তি-সম্প্ৰীতিৰ মাজত বাস কৰিব পাৰে , তাৰবাবে ভাৰতৰ বিভিন্ন প্ৰান্তত ভিন ভিন দেৱ-দেৱীৰ পূজা অৰ্চনাৰ যোগেদি সমাধানৰ পথ বিচৰা হয় | দুৰ্গা দেৱীৰ পূজাও তাৰেই নামান্তৰ মাত্ৰ | সমগ্ৰ মানৱ জাতিৰ মনৰ দুখ , হতাশা , দৰিদ্ৰতা , কলুষ কালিমা , অসূয়া -অপ্ৰীতি , মনৰ সংকীৰ্ণতা , ৰোগ -ব্যাধি , আদি নানান অপায় অমংগল আঁতৰাই শান্তি প্ৰতিষ্ঠাৰ এক উপায় অথবা পথ |
দুৰ্গাপূজা কোনে, কোন সময়ত কেনেকৈ কৰিছিল , সেই সম্পৰ্কে বিভিন্ন শাস্ত্ৰত উল্লেখ আছে | ঐতিহাসিক দৃষ্টিকোণৰ পৰা পুৰাণত উল্লেখ থকা দুৰ্গাপূজাৰ উদ্দেশ্য আছিল শক্তি আহৰণ অৰ্থাৎ আসুৰিক শক্তিক দমন কৰিব পৰা শক্তিৰ আৰাধনা |
সৃষ্টিৰ বাবে শক্তিৰ প্ৰয়োজন |
সেয়েহে গকুলত আৰু বৃন্দাবনত কৃষ্ণই দেৱী পূজা কৰিছিল | অকল শ্ৰীকৃষ্ণই কিয় স্বয়ং ব্ৰহ্মা আৰু মহাদেৱেও দেৱী পূজা কৰাৰ কথা আমি শাস্ত্ৰত পঢ়িবলৈ পাওঁ | মধুকৈতব দৈত্যৰ ভয়ত ব্ৰহ্মাই আৰু ত্ৰিপুৰাসুৰৰ পৰা ৰক্ষা পাবলৈ মহাদেৱে দেৱী পূজা কৰিছিল | দুৰ্বাসাৰ দ্বাৰা শাপভ্ৰষ্ট হৈ স্বৰ্গৰ ৰজা ইন্দ্ৰয়ো দূৰ্গাপূজা কৰাৰ কথা শাস্ত্ৰত উল্লেখ আছে | ৰজা সুৰথ আৰু বিখ্যাত সদাগৰ সমাধি বৈশ্যই মেধশ ঋষিৰ পৰামৰ্শ মতে দুৰ্গা পূজা কৰাৰ কথা পুৰাণত উল্লেখ আছে |
দুৰ্গাপূজা সাধাৰণতে বছৰটোৰ দুটা বিশেষ ঋতুত পালন কৰা হয় | স্বৰ্ণ লংকাৰ অধিপতি ৰাৱণক বধ কৰিবৰ বাবে অযোধ্যাৰ ৰজা ৰামচন্দ্ৰই বসন্ত কালৰ দুৰ্গাপূজা শৰৎ কাললৈ আনে | বসন্ত কালত অনুষ্ঠিত হেৱা বাবে এই পূজাক বাসন্তী পূজা আৰু শৰৎ কালত হোৱা বাবে এই পূজাক শাৰদীয় দূৰ্গাপূজা ৰূপে জনা যায় | মহাশাস্ত্ৰ গীতা আৰু মহাভাৰতত এনে দুৰ্গাপূজাৰ কথা উল্লেখ আছে | এই দুৰ্গা পূজাক আমি কেৱল পৌৰাণিক আখ্যান বা পূজা বুলিয়েই অভিহিত কৰিব নোৱাৰো | পুৰাতাত্বিক বিশ্লেষণেও এই দূনুৰ্গাপূজাৰ অস্তিত্ব স্বীকাৰ কৰিছে | মহেঞ্জোদাৰো আৰু হৰপ্পাৰ খননত আৱিস্কৃত তথ্যসমূহৰ পৰা আমি এই কথাত নিশ্চিত হ'ব পাৰো যে দুৰ্গাপূজাই ভাৰতীয়লোকৰ অতীত আৰু বৰ্ত্তমানক প্ৰতিনিধিত্ব কৰি আহিছে |
পুৰণি কামৰূপত কেতিয়াৰ পৰা দুৰ্গাপূজা আৰম্ভ হৈছিল তাক জানিবলৈ দুঃসাধ্য কৰিব নালাগে ।দ্বাদশ শতিকাতে ৰচিত কালিকা পুৰাণো ইয়াৰ জলন্ত সাক্ষী | বাৱন্নখন শক্তিপীঠৰ ভিতৰত কামাখ্যা হ'ল প্ৰাচীন কামৰূপৰ অজেয় দুৰ্গ | দেৱী উপাসনাৰ প্ৰধান গ্ৰন্থ কালিকাপুৰাণে বৰ্তমান সময়তো অসমীয়া জাতীয় সংস্কৃতি আৰু পৰম্পৰা ঐতিহ্য বহন কৰি আহিছে |
ছয়শ বছৰৰ আহোমৰ ৰাজত্ব কালতো শক্তি পূজা বা দূৰ্গাদেৱীৰ পূজা প্ৰচলন হৈছিল | ৰুদ্ৰসিংহই পৰ্বতীয়া গোঁসাইক আনি দেৱী দুৰ্গাৰ পূজা অনুষ্ঠিত কৰাইছিল | ইয়াৰ দ্বাৰাই ৰাজধৰ্মৰ মৰ্যাদ লাভ কৰিছিল |
সেয়েহে আজিৰ ভাৰতীয়ই তথা প্ৰতিজন অসমীয়াই শাৰদীয় দুৰ্গাপূজাভাগত অনিতঃকৰণে নিজকে অৰ্পণ কৰি সমাজত থকা সকলো ধৰণৰ অসূয়া ,অপ্ৰীতি , সংকীৰ্ণতা আঁতৰাই সম্প্ৰীতিৰে জীয়াই থকাৰ বাবে দূৰ্গা দেৱীৰ চৰণত সাষ্টাংগে সেৱা জনায় |
✍️হেমেন হাজৰিকা
মিৰ্জা |
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ