প্ৰতিশ্ৰুতি-হিৰণ্যময়ী বৰুৱা


কেতিয়াবা সুখ -কেতিয়াবা দুখ
ডেউকাভগা পখীৰ দৰে
উচুপি উঠো মনে-মনে
কংক্ৰীটৰ উদংগৃহত অকলশৰে
তথাপি কিয় জানো
অচিন উল্কাৰ জুইৰ ফিৰিঙতিত
শেষ হৈ যোৱা নাই এতিয়াও
জীয়াই থকাৰ প্ৰতিশ্ৰুতিৰে
মোৰ হৃদয়ৰ গভীৰকোণত
তোমাৰ প্ৰতিচ্ছবিৰ ছাঁ
এচেৰেঙা ৰ'দৰ জিলিঙণিত
সাৰপাই উঠো অজানিতে
তোমাৰ হাঁহিত মাধৈমালতী ফুলে
এৱাসূতাৰে বন্ধাহৈ আছে বান্ধোন
দুয়ো বন্ধু অগাপিছাকৈ আহে
জীৱনটো বৰ জটিল

নিশাটো নিৰৱ যন্ত্ৰণাত
মৃন্ময় হৈ পৰো--শয়নপাটীত
কথাৰ মূৰকত কথাৰ বিনিময়
মৰম এতিয়াও জীয়াই আছে ইয়াতে ।

✍️হিৰণ্যময়ী বৰুৱা

Post a Comment

Previous Post Next Post