নাজনীন ~ গল্প - মীনা পামে গাম

©Admin
0
জনাৰ্ডনৰ জীয়ৰি নিশিতা মহাবিদ্যালয়ৰ শেষ বৰ্ষৰ ছাত্ৰী । তাইৰ পঢ়াতকৈ সংগীতত ৰাপ বেছি আছিল আৰু ধুনীয়া গীত গায় । গীতৰ বাবেই তাই বিহুৰ সময়ত বহু ঠাইত সংগীত পৰিবেশন কৰি বাহঃ- বাহঃ বুটলিবলৈও সক্ষম হৈছে । তেনেকৈ বিভিন্ন অনুষ্ঠান আদিত যাওঁতে প্ৰদীপক লগ পাই দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠিল । এই বন্ধুত্ব প্ৰেমলৈ ৰূপান্তৰ হ'বলৈ বেছি পৰ নালাগিল ।

 দুয়োৰে প্ৰেম ক্ৰমে গাঢ়ৰ পৰা গাঢ়ত্বৰ হ'বলৈ ল'লে । জনাৰ্ডন সেই গাওঁখনৰ ভিতৰতে ধনী মানুহ । তেওঁৰ একমাত্ৰ জীয়ৰি নিশিতাক দেউতাকে উচ্চ শিক্ষাৰে শিক্ষিত কৰি ভাল চৰকাৰী চাকৰি কৰা ল'ৰা এটাক গটাই দিয়াৰ সপোন পুহি ৰাখিছিল । কিন্তু , তেওঁৰ সপোন, সপোন হৈয়েই ৰ'ল । তেওঁ ভৱামতে একোৱেই নহ'ল । নিশিতা সন্তান -সম্ভৱা হ'ল । বাপেক জনাৰ্ডন কিন্তু নাচােৰ- বান্দা । কোনোপধ্যে প্ৰদীপলৈ ছোৱালী নিদিয়ে । কিন্তু কি কৰিব ! নিশিতা মাক হ'বলৈ ওলাল । ঔৰসত থকা সন্তানৰ পিতৃ প্ৰদীপ । তাইৰ সেই গৰ্ভত থকা সন্তানতো দেউতাকে নষ্ট কৰিবলৈ মাকৰ হতুৱাই কোৱালে । তেতিয়ালৈ বহুত দেৰি হৈ গ'ল । দেউতাকৰ আদেশত মাকে তাইক ডাক্তৰৰ ওচৰলৈ লৈ গ'ল । ডাক্তৰে ক'লে, " এই অৱস্থাত মাক বা কেচুৱা কাকো বচাব নোৱাৰিব । কেচতো অলপ জটিল হ'ব । আপোনালোকে কিছুমাহ বাট চাওঁক । সন্তানটো ভূমিষ্ট হ'বলৈ দিয়ক ।

ডাক্তৰৰ কথামতে কিছুমাহ বাট চালে আৰু যথা সময়ত এজনী ছোৱালী জন্ম হ'ল । দেউতাকে কেচুৱাতো পুতি পেলাবলৈ আদেশ দিছিল । দেউতাকৰ মতে এতিয়াই মাতৃত্বৰ বোজা ল'ৱ পৰা তাইৰ একোৱেই হোৱা নাই , তাই পঢ়ি শুনি
ডাঙৰ মানুহ হ'ব লাগিব । ইত্যাদি ইত্যাদি ।
সেই কথা গম পাই তেওঁলোকৰ ঘৰতে কাম কৰা 'আকবৰে', বৰ দুখ পালে আৰু নিজৰ বৰ জীয়ৰি 'ফাতেমাক' কেচুৱাতো তুলি ল'ৱলৈ ক'লে । আকবৰৰ বৰ জীয়ৰি ফাতেমাই দেউতাকৰ কথামতে কেচুৱাতো তুলি ল'লে আৰু নাম ৰাখিলে - "নাজনীন" -॥
 "নাজনীন" , দেখাত সাইলাখ নিশিতাৰ নিচিনাই হ'ল । তাইৰ ৰূপ, গুণ, মেধা আদি ফালৰ পৰা চাই তাইক ফাতেমাই উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ সপোন দেখিলে আৰু নিজৰ জীয়েকৰ দৰেই কিছু কষ্ট কৰি হ'লেও চিকিৎসা শাস্ত্ৰ পঢ়িবলৈ পথালে । তাই শেষত এজন ভাল চিকিৎসক হিচাপে সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ল । সকলো ফালৰ পৰাই ফাতেমাহঁতৰ ঘৰখনৰো উন্নতি হ'বলৈ ধৰিলে ।
পাছত সেই অঞ্চলৰ চিকিৎসালয়তে তাই চিকিৎসক হিচাপে কৰ্মত যোগদান কৰিলে । জনাৰ্ডন সেই সময়ত আলৰ বুঢ়া । পত্নীৰো মৃত্যু হ'ল । ছোৱালী নিশিতা বহু বছৰৰ মূৰতহে ঘৰলৈ আহে । দেউতাকৰ কথামতে এজন ইন্জিনীয়াৰৰ লগত বিয়া হৈছিল আৰু গিৰিয়েকে তাইৰ আগৰ কথাবােৰ গ'ম পাই খুৱ মাৰ - ধৰ
কৰিছিল । মুঠতে বিয়াৰ পাছত তাইৰ সংসাৰ বৰ ভালদৰে যোৱা নাছিল । এটা পুত্ৰ আৰু এজনী জী দুয়ো আই এছ অফিচাৰ । হ'লে কি হ'ব !! তাইৰ খবৰ ল'বলৈ সিহঁতৰ আহৰিয়েই নাই । এনেতে দেউতাক জনাৰ্ডনৰ যোৱা-থোৱা অৱস্থা বুলি ঘৰলৈ আহিল আৰু চিকিৎসাৰত দেউতাকক হস্পিতেললৈ চাবলৈ গ'ল আৰু দেউতাকৰ শেঁতাপৰা মুখখনলৈ চাই বৰ দুখ পালে ।
তেওঁলোকৰ ঘৰতে থকা আকবৰ তেতিয়া আৰু দেউতাকৰ ঘৰত নাছিল যদিও -
মালিকৰ অসুখৰ বাতৰি পাই চাবলৈ আহিল । হস্পিতেলত ডাক্তৰে তেতিয়া নিশিতাৰ দেউতাকক চাই আছিল । নিশিতাই ডাক্তৰ (সেই গৰাকী নাজনীন) গৰাকীৰ ফালে চাই মাজে-মাজে ৰ' লাগি চায় ! কিবা মুখখন নিজৰ নিচিনা লাগিছে । মােৰ চেহেৰাৰ লগত মিল আছে । তাই সেইবােৰ ভাৱি থাকোতে আগৰ লগুৱা "আকবৰে" আহি নিশিতাক ক'লে , " এই ডাক্তৰ গৰাকী কোন তুমি জানানে "?
:: নাজানো ॥
:: তোমাৰেই ছোৱালী "নাজনীন" ।
যাক তোমাৰ দেউতাই পুতি পেলাবলৈ মোক নিৰ্দ্দেশ দিছিল !! মই নুপুতি, মোৰ ছোৱালী ফাতেমাক নিজৰ ছোৱালী হিচাপে তুলি ল'ৱলৈ দিছিলো, আৰু আজি তাই প্ৰতিষ্ঠিত ডাক্তৰ !!!

:: নিশিতাই অলপ সময় তভক মাৰি বহি থাকিল । কৰ'বাত পুৰণি ঘা এডােখৰত আজি আকৌ বিষ হোৱা হেন অনুভৱ কৰিলে । তাইৰ চকুৰে চকুৰ পানী বাগৰি আহিল । তাইৰ প্ৰথম প্ৰেমৰ প্ৰতিদান, আৰু সাক্ষী আজি 'নাজনীন' !!

কিন্তু, মুকলিকৈ একো ক'বও নোঁৱাৰে ।
চিকিৎসক নাজনীনক কি বুলিনাে ক'ব - "তুমি মোৰ জীয়ৰি" আৰু মই তোমাৰ "মা" বুলি !
নাই ! নিশিতাই একোৱেই ক'ব নোৱাৰিলে !

আকবৰৰো, নিশিতাৰ চকুৱেদি চকুলো ওলাই অহা দেখি তেওঁৰো ধাৰাসাৰে চকুলো ববলৈ লাগিল আৰু নিশিতাই আকবৰ গাত ধৰি 
শোকৰ চকুলোৰে দুগাল তিয়াই পেলালে ! ডাক্তৰে (নাজনীনে) একো বুজি নাপাই অলপ সময় চাই থাকি নিজৰ কোঠালৈ বুলি খোজ ল'লে ।

সেই সময়তে দেউতাক জনাৰ্ডনক চেলাইন দি থোৱা আছিল । কি হ'ল জানো তেওঁ অচানক কথাবােৰ মন কৰি আকবৰ আৰু নিশিতাৰ মাজত হোৱা কথোপ-কথনবােৰ শুনি তেওঁ কান্দিবলৈ লাগিল আৰু আকবৰক ক'লে ," আকবৰ মই বহুত পাপী দেউতাক । মই নিশিতাৰ ক্ষেত্ৰত বহুত ভুল কৰি পেলালো, যাৰ বাবে তাই বিবাহিত জীৱনত কেতিয়াওঁ তাই সুখী হ'ব নোৱাৰিলো !! তেতিয়া জনাৰ্ডনে ডাক্তৰ নাজনীনক মাতি দিবলৈ ক'লে । নাজনীন আহিল ।
জনাৰ্ডনে থোকাথুকি মাতেৰে কৈছিল,"
ডাক্তৰ, তুমি মােৰ নাতিনী ! তুমি নাজানা !
মই বহুত ভুল কাম কৰি পেলালো ! যাৰ বাবে তোমাৰ জন্মদাত্ৰী মাৰ (নিশিতাৰ) পৰা তোমাক আঁতৰাই পথিয়াইছিলো !! মােৰ শাস্তি এতিয়া কাম্য !! মােক বিষ বেজী দি মাৰি পেলোৱা !! নিশিতাই ক'লে ,' চিকিৎসকে তেনে কাম কেতিয়াও কৰিব নোঁৱাৰে !

তাৰ পিছত নিশিতায়ো থিৰেৰে ৰৈ থাকিব নোঁৱাৰিলে ! তাই ডাক্তৰক ক'লে তুমি মোৰ জীয়ৰি ! নাজনীনে একো বুজি নাপাই - ৰৈ গ'ল আৰু সকলোৰে মুখলৈ প্ৰশ্নবোধক দৃষ্টি নিক্ষেপ কৰিলে ।
তেতিয়া আকবৰে ভাৱিলে ," আজিৰ এই নাটকীয়হেন লগা ক্ষণত প্ৰকৃত কথাতো কোৱাই ভাল হ'ব বুলি সংক্ষেপতে ক'থাখিনি ক'লে - তাই শুনিলে যদিও হৃদয়ঙ্গম কৰিব নোৱাৰিলে কিন্তু গোমা পৰিৱেশে কিছু ক্ষণৰ বাবে হ'লেই অলপ চিন্তিত হ'বলৈ বাধ্য কৰিলে !!

তাৰ পিছত নিশিতাই তাইক সাৱতি ধৰি কান্দিলে আৰু নাজনীনেওঁ আচল কথা গম পাই মাকৰ গাত সাৱতি ধৰিলে ।

 নিশিতাই নিজৰ দেহৰ পৰা কিবা এটা সৰি যোৱা হেন পালে । অজানিতে দেউতাকক চাবলৈ আহি কি জানিলে আৰু কি দেখিলে !! নিজৰ চকুকে যেন বিশ্বাসত ল'ৱ পৰা নাই । সকলো নাটক নাটক যেন লাগি গ'ল - যদিও কথাখিনি সত্য আছিল !!

যিমান সত্য হ'লেওঁ নিশিতাই সমাজ আৰু গিৰিয়েকৰ কথা ভাৱি মনে মনে থাকিল ।
হৃদয়ৰ এটা কোণত "নাজনীনক" বহোৱাই ল'লে, যেন প্ৰদীপৰ প্ৰেমৰ টুকুৰাতো আজি আকৌ বিচাৰি পালে !!!

নিশিতাই নাজানে আজি প্ৰদীপ ক'ত ?
সময়ে, পৰিস্থিতিয়ে সকলো আঁতৰাই তাইক নতুন পৰিৱেশত থাকিবলৈ দিলে আৰু তাই মানি ল'ৱলৈ বাধ্য হ'ল !!

নিশিতাৰ দেউতাকৰ মাত-কথা লাহে লাহে চুটি হৈ আহিল আৰু আকবৰৰ জীয়েক ফাতেমাক তেওঁৰ সকলো স্থাৱৰ-অস্থাৱৰ সম্পত্তি লৱলৈ লিখি দিলে । সেই ৰাজ -অট্টালিকা সদৃশ ঘৰতোৰ নামাকৰণ ," নাজনীন" কৰিবলৈ দিলে । 
আকবৰৰ চকুপানী ওলাবলৈ লাগিল ।
শেষত সকলো বুজিৱ পাৰি নাজনীনৰো চকুলো ওলাই আহিল । নিশিতাই আকবৰ আৰু ফাতেমাক নিজৰ জীয়েকৰ প্ৰাণ বচোৱাৰ বাবে শত -কোটি ধন্যবাদ জ্ঞাপন কৰিলে । হঠাৎ এক শোকাকুল পৰিৱেশৰ সৃষ্টি হ'ল !!
জনাৰ্ডনে শেষত ক'লে," আমি মিছাতে হিন্দু -মুছলিম বুলি ভাৱি তফাৎ আনি থাকো । মানুহ - মানুহেই । সেয়া নাজনীনৰ জীৱনেই প্ৰমাণ কৰি দেখুৱালে !! জনাৰ্ডন
অনুশোচনাত দগ্ধ হ'ল । নিজৰ অমানবীয় ভুল সিদ্ধান্তৰ বাবে জীয়েকে দুৰ্ব্বিসহ জীৱন-যাপন কৰিব লগীয়া হ'ল ।
কিন্তু, নিশিতাই সেই জীৱন আৰু ঘূৰাই নাপায় ।
দেউতাকে নিশিতাক ক'লে," মই তোৰ জীৱনত বহুত দুখ দিলো এইবুলি কৈ তেওঁ বহুত অনুতপ্ত হ'ল । শয্যাগত দেউতাকক নিশিতাই সেইবােৰ নাভাৱিবলৈ ক'লে । জনাৰ্ডনে দীঘলকৈ উশাহ এটা লৈ চকুলো মুদিলে ॥

জনাৰ্ডনৰ মৃত শৰীৰৰ ওপৰত তিনিওজনে পৰি হুক-হুকাবলৈ লাগিল ॥

ইতিমধ্যে ফাতেমায়ো খবৰ পাই হস্পিতেললৈ দৌৰি আহিল আৰু নিশিতা আৰু ফাতেমাই বায়েক - ভনীয়েকৰ দৰে 
দুয়াে- দুয়োলৈকে চাই সাৱতা-সাৱতি কৰি সিক্ত চকুবােৰ মোহাৰি থাকিল !!!!!
হস্পিতেলত এক শোকাকুল পৰিৱেশে বিৰাজ কৰিলে ।

ডাক্তৰ নাজনীনে দুয়োকে দেখি স্তম্ভিত হ'ল আৰু অনুভৱ কৰিলে মই কোন, ক'ৰ ??????

✍️মীনা পামে গাম 
চিপাঝাৰ, দৰং 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)