এখন প্ৰদূষণমুক্ত সমাজ গঢ়াত ছাত্ৰ ছাত্ৰী সকলৰ ভূমিকা

   মানৱ সমাজত বিভিন্ন দিশত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অভূতপূৰ্ব উন্নয়নে মানুহৰ জীৱন ধাৰণৰ প্রণালীক অধিক পৰিৱতনশীল কৰাৰ সময়ত আমি মুখামুখি হোৱা প্ৰদূষণৰ সমস্যাৰ বিষয়ে সজাগ হোৱাৰ সময় আহি পৰিছে। সাধাৰণ অৰ্থত আমাৰ পৰিবেশ গঢ় লৈ উঠে মাটি, পানী আৰু বায়ু এই তিনিটা উপাদানৰ জৰিয়তে। ইয়াৰ লগত এবাৰ নোৱাৰাকৈ জড়িত হৈ পৰা আনটো দিশ হৈছে সামাজিক পৰিৱেশ। 
        প্ৰাকৃতিকভাৱে সৃষ্ট মাটি, পানী, বায়ু প্ৰদূষণ আমাৰ সকলোৰে জ্ঞাত। কিন্তু ডাঙৰ কথা হৈছে আমি বাস কৰা সমাজখন যদি প্ৰদূষিত হয়, ই নষ্ট কৰি পেলাব মানুহৰ চিন্তা জগতখনক। বিদ্যালয় অধ্যয়নৰ বা মহাবিদ্যালয় ছাত্র হিচাপে এই সকলো দিশৰ প্ৰদূষণৰ পৰা মুক্ত হবলৈ আমাৰ কৰণীয় কি? তাক চিন্তা কৰি চোৱাটো সময়োপযোগী হব।
      প্ৰাকৃতিক উপাদান স্থলভাগ, জলভাগ আৰু বায়ুমণ্ডল প্ৰদূষণমুক্ত কৰাৰ বাবে বিস্তৃত কাৰ্য্যসূচী গ্ৰহণ কৰি থকা হৈছে। চৰকাৰীভাৱে গ্ৰহণ কৰা এনে অলেখ আঁচনি ৰূপায়নৰ দায়িত্বত থকা বিষয়া কৰ্মচাৰীৰ দুর্নীতিগ্ৰস্ত মন, আদর্শ চিন্তা -চৰ্চা আৰু সামাজিক দায়িত্বহীনতা আদিয়েই প্ৰধান। এই দিশত ছাত্র সমাজে উচিত আৰু সময়োপযোগী চিন্তা চৰ্চাৰে নিজ হাতে কামে পদক্ষেপ গ্ৰহণৰ লগতে প্ৰদূষণৰ পৰা হব পৰা সম্ভাৱ্য বিপদৰ বিষয়ে এক সামাজিক সজাগতা আনিব লাগিব। 
       আজিৰ ছাত্র সমাজ বিশেষকৈ অৰ্থনৈতিকভাৱে পিছপৰা অসমৰ ছাত্র সমাজৰ বিভিন্ন দিশৰ দুঃচিন্তাৰে ভাৰাক্ৰান্ত। এনে পৰিৱেশ আমাৰ বাবে ভৱিষ্যত প্ৰজন্মৰ বাবে নিশ্চয় চিন্তাৰ কাৰণ। এক সুস্থ সবল মানসিক চিন্তাধাৰাই আমি আগুৱাই যাব লাগিব। আমাৰ মনক সংশোধন ঘটাব লাগিব সমাজত থকা প্রতিটো দুৰ্নীতি,নৈতিক অৱক্ষয়, এলেহুৱা মানসিকতা, সস্তীয়া বিলাসীতা আদি নেতিবাচক দিশসমূহ প্রত্যাহবানৰূপে লৈ আমি এক সুস্থ সবল ভৱিষ্যত গঢ়াৰ লক্ষ্য বান্ধিব লাগিব। 
        বিদ্যালয়ৰ বা মহাবিদ্যালয় এজন ছাত্ৰ হিচাপে ছাত্র ছাত্ৰী মাজত অনুষ্ঠিত হোৱা বিভিন্ন প্ৰতিযোগিতাৰ বাবে সমস্থানীয় বিদ্যালয় মহাবিদ্যালয়ৰ সমূহলৈ যাওঁতে মোৰ সামান্য অভিজ্ঞতা হৈছে। মই লক্ষ্য কৰিছোঁ বহু বিদ্যালয় মহাবিদ্যালয়ৰ চৌহদৰ যি কদর্য পৰিবেশ, ছাত্র-ছাত্ৰী উশৃংখল পৰিৱেশ পৰীক্ষাৰ সময়ৰ প্রস্ৰাৱ ঘৰ আৰু পায়াখানাৰ যি নিলজ্জা পৰিৱেশ সেয়া দেখি মৰ্মাহত হওঁ। এনে পৰিবেশ একক প্ৰচেষ্টাৰে কেতিয়াও শুধৰাব পৰা নায়ায়। ইয়াৰ বাবে লাগিব ছাত্র সমাজৰ সমূহীয়া আৰু ঐক্যবদ্ধ প্ৰচেষ্টা।ভৌতিক পৰিৱেশৰ কথা ক'লে মোৰ মনলৈ আহে মই নিতৌ দেখি থকা স্থানীয় চহৰ মটৰ বাট-পথ, গেলা নর্দমাৰ অবৰ্ণনীয় ৰূপ, অসংখ্য যান-বাহনে সৃষ্টি কৰা যান্ত্ৰিক হৈ - চৈৰ উপৰিও বিকট শব্দ প্ৰদূষণ। নগৰ চহৰৰ প্রতিখন দোকানত বাজি থকা উচ্চ তৰংগৰ গীত-মাত। এনেবোৰ দিশৰ উপৰিও ছাত্ৰ সমাজে জনমত গঠন কৰি এনে উশৃংখল ৰোধ কৰাৰ যত্ন কৰিব লাগে। 
       এজন ছাত্রৰূপে মই ছাত্র সমাজৰ এজন অংশীদাৰ। আকৌ ছাত্র সমাজ মানে এখন চৰকাৰ নহয় বা মন গ'লেই কিবা এটা কৰিব পৰা শক্তিৰ ভাণ্ডাৰ নহয়। শেষত মই ইয়াকে ক'ব বিচাৰো যে মানৱ জাতিৰ স্বাৰ্থত কেৱল বৌদ্ধিক দিশতে নহয়, মানসিক দিশতো আমি এক প্ৰদূষণমুক্ত সমাজ গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। 


 ✍️লোকেন্দ্র কুমাৰ দাস 
 অসমীয়া বিভাগ তথা শিৱসাগৰ জিলাৰ সাহিত্য সমাজৰ ভাৰপাপ্ত সাধাৰণ সম্পাদক ,শিৱসাগৰ অসম

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send