এজাক বৰষুণৰ অপেক্ষাত দ্বিতীয় অধ্যায় (খণ্ড-২৯)

©Admin
0
বৰ্ষা_________ ৰ'বাচোন। তুমি তেনেকৈ নক'বা।কেতিয়াবা অসম্ভৱ যেন লগা কথা এটাও সম্ভৱ হব পাৰে। তই তেতিয়া পাখিক কি ক’লি?
__________ কি কম মই? তাইক চৰ এটা সুধালো আৰু ৰুমটো সলাই কালি ঘৰলৈ গুছি আহিলো। একেলগে থাকি যে তাই এনেকুৱা এটা কাম কৰিব মোৰ লগত মই কেতিয়াও ভবা নাছিলো।
বৰ্ষা__________ তাকে হে.... তোৰ ঠাইত মই হোৱা হ'লে তাইক কি কৰিলোহেঁতেন ঠিকেই নাই। তাই বাহিৰে যেনেকুৱা দেখিবলৈ ভিতৰি তেনেকুৱা নহয়। প্ৰথম লগ পাওঁতে মইয়ো তাইক বহুত ভাল ছোৱালী বুলি ভাবিছিলো। বহুত খং উঠিছে মোৰ তাইৰ ওপৰত। ভালকৈ দুটামান চৰ দি দিব নোৱাৰিলি। 
স্বাগত___________ নাই মই মানি ল’ব নোৱাৰো এইটো কথা। সি এনেকুৱা হ'বই নোৱাৰে।
__________ প্ৰথমতে মোৰো বিশ্বাস হোৱা নাছিল স্বাগত দা। যিটো প্ৰান্তিকে মোক ইমান ভাল পাইছিল সেই প্ৰান্তিক আজি অন্য কাৰোবাৰ লগত। মই নিজেই দেখা সিহঁতৰ মাজত হোৱা কথা বতৰাবোৰ জানো মিছা হ’ব পাৰে। আৰু গুৱাহাটীলৈ যোৱাৰ পাছত যেতিয়া প্ৰান্তিক প্ৰথম বাৰ ইয়ালৈ আহিছিল তেতিয়া মোক তেওঁ ভালপোৱাৰ চিন হিচাপে আঙুঠি এটাও দি গৈছে। ঘৰলৈ আহি এইবাৰ ঘৰত কথা বতৰা পাতিম বুলি কৈছিল। ঘৰত কোৱা নোকোৱালৈ বাৰু একো নাই।কিন্তু আঙুঠিটো.....? যদি প্ৰান্তিকে ইমান দিনে ভালপোৱাই নাছিল তেতিয়া তেনেকৈ জানো মূল্যবান বস্তু এটা কাৰোবাক দিব পাৰে। 
স্বাগত__________ কি আঙুঠি?

স্বাগত দাই অবাক লাগি এবাৰ মোৰ মুখলৈ চাইছে, এবাৰ বৰ্ষাৰ মুখলৈ চাইছে। হয়টো স্বাগত দাই গম নাপাই চাগে।

বৰ্ষা___________ অহ তোমাক কোৱাই নাই ইমান দৰকাৰী কথা নহয় কাৰণে। প্ৰান্তিক যোৱাবাৰ আহোতে জীয়াক আঙুঠি এটা দিছিল।
স্বাগত_________ চাওঁ কোনটো আঙুঠি?
মই হাততে থকা আঙুঠি টো দেখাই দিলো। স্বাগত দাই আঙুঠি টো দেখি আচৰিত হোৱা দি হ’ল।
স্বাগত___________ এইটোতো প্ৰেয়সীলৈ বনোৱা আঙুঠি।
__________ প্ৰেয়সী! কোন প্ৰেয়সী?
মই বৰ্ষা লৈ চাইছো তাই মোৰ লৈ চাইছে। মানুহ জনী ৰঙা - ছিঙা পৰি গৈছো। আকৌ এটা নতুন কাহিনী।
বৰ্ষা___________ কোন প্ৰেয়সী স্বাগত? তুমি কথা বোৰ ভালকৈ কোৱা চোন।
স্বাগত___________ প্ৰেয়সী প্ৰান্তিকৰ ফাৰ্ষ্ট গাৰ্ল ফ্ৰেণ্ড, মানে প্ৰাক্তন প্ৰেমিকা।

কথাটো শুনি বুকু খনে ধক্ ধক্ কৰিব লৈছে।
বৰ্ষা__________ তুমি যে এইবোৰ কথা মোকো কোৱা নাছিলা।
স্বাগত_________ ক'বলৈ দেখোন তেনেকুৱা একো কথা ওলোৱাই নাই। আৰু বহুত দিনতে হৈ যোৱা কথা এটা কৈ নো কি কৰিম?
বৰ্ষা__________ ঠিক আছে এতিয়া কথাবোৰ কোৱা।
স্বাগত__________ প্ৰেয়সী প্ৰান্তিকৰ প্ৰথম গাৰ্ল ফ্রেণ্ড আছিল। কিন্তু তাই এতিয়া এই পৃথিৱীত নাই।
প্ৰেয়সী তাৰ পেহীয়েকৰ ঘৰৰ ওচৰৰ। সি তেতিয়া হায়াৰ চেকেণ্ডেৰীত পঢ়ি আছিল। সি তাইক বহুত ভাল পাইছিল।সিহঁতৰ সম্পৰ্ক টো প্ৰায় একবছৰ হ'ব হৈছিল হে তেতিয়াই এটা এক্সিডেন্টত তাই ঢুকাই থাকিল।

স্বাগত দাৰ কথাই মোক যেন জোকাৰি গৈছে।তাতকৈয়ো বেয়া লাগিছে প্ৰান্তিকৰ প্ৰথম ভালপোৱা যে এই পৃথিৱীৰ পৰা হেৰাই থাকিল।

বৰ্ষা________ তাৰ পাছত।
বৰ্ষাই অধিৰ আগ্ৰহেৰে কথাবোৰ সুধি আছে। মই কিন্তু নিমাত।
স্বাগত________ সেই তেতিয়া প্ৰান্তিকৰ যিটো অৱস্থা হৈছিল মোৰ বাহিৰে আন কোনেও গম নাপাই।মোৰ এতিয়া মনত পৰিলেই ভয় লাগে। প্ৰেয়সীৰ অকাল মৃত্যুয়ে প্ৰান্তিকক ভিতৰৰ পৰা শেষ কৰি দিছিল।প্ৰেয়সীৰ প্ৰতি থকা ভালপোৱাৰ ঠাই আন কোনেও ল’ব পৰা নাছিল। সি হাঁহিবলৈ পাহৰি গৈছিল। যিটো ল'ৰাই কেতিয়াও উচ্চস্বৰত কথা কৈ পোৱা নাছিল সেইটো ল'ৰাই তেতিয়া অলপ কথাতে ডাঙৰ মাত উলিয়াই।তাৰ ভিতৰত লুকাই থকা সহনশীল প্ৰান্তিকটোৰ প্ৰেয়সীৰ মৃত্যুৰ দিনাই মৃত্যু হৈ গৈছিল। তাৰ মাক দেউতাকৰ লগতেই সি মোৰ কথাও শুনিছিল।কিন্তু তেতিয়া মই তাক বুজাই বুজাইয়ো ঠিক কৰিব পৰা নাছিলো। সি নিজকে আন্ধাৰ ৰুম এটাৰ ভিতৰতে আৱদ্ধ কৰি লৈছিল। সি প্ৰেয়সীক সিহঁতৰ সম্পৰ্ক একবছৰ হলে দিবলৈ এই আঙঠি টো বনাই আনিছিল।"P" মানে প্ৰান্তিক আৰু "P" প্ৰেয়সী।কিন্তু আঙুঠি টো প্ৰেয়সীক কেতিয়াও দিয়া নহ’ল।আৰু এদিন সি কৈছিল তাৰ জীৱনত যদি আন কোনোবা দ্বিতীয় প্ৰেয়সী আহে তেতিয়া তাইক দিব এই আঙুঠিটো। আৰু তাৰ পাছতে তুমি আহিছিলা তাৰ জীৱনলৈ।নাজানো আন ছোৱালী বোৰৰ মাজত তোমাক সি কি দেখিলে। তাৰ আগলৈকে সি কোনো ছোৱালীকে প্ৰেয়সীৰ ঠাই দিব বিচৰা নাছিল। লাহে লাহে তোমাক পোৱাৰ পৰা সি প্ৰেয়সীক পাহৰিবলৈ ধৰিলে। আৰু তোমাক ভালপায় কাৰণেই আঙুঠিটো তোমাক দিলে।কিন্তু এতিয়া তাৰ কি হ’ল নাজানো। মোকো সি একো কথাই খুলি কোৱা নাই।
____________ ওম.....
বেলেগ একো উত্তৰ দিয়া নাই মই।
স্বাগত__________ এতিয়া তুমিয়েই কোৱা সি তোমাক ভাল পোৱা নাছিল জানো? ভাল পাইছিল কাৰণেই প্ৰেয়সী লৈ বনোৱা আঙুঠিটো তোমাক দিলে।

একো কোৱা নাই মই।হয় বাৰু কথাটো। প্ৰান্তিকে মোক ভাল নোপোৱা হ'লে নিদিলেহেঁতেন। তেওঁ তেতিয়াই কোৱাৰ দৰে দ্বিতীয় জনী প্ৰেয়সীক আঙুঠিটো দিলে।যিটো এতিয়া মোৰ হাতত আছে। পাখিৰ লগত প্ৰান্তিক কেনেকৈ তেতিয়াহ'লে সম্পৰ্কত আহিব পাৰে? স্বাগত দাই কোৱাৰ নিচিনাকৈ প্ৰান্তিক হ'বই নোৱাৰে তেতিয়া সেইটো।
স্বাগত_________ তোমাক যে প্ৰান্তিকে অচিনাকি নম্বৰ এটাৰ পৰা মেচেজ কৰিছিল বুলি কৈছিলা নম্বৰটো চাওঁ।
__________ অ দিছো।

নম্বৰ টো উলিয়াই স্বাগত দাক দেখাই দিলো।স্বাগত দাই নিজৰ ফোন টো উলিয়াই নম্বৰ টো মিলাই চালে।
স্বাগত_________ অ’ এইটো নম্বৰ দেখোন প্ৰান্তিকৰ নহয়। সি ফোন নম্বৰ সলোৱাটো হয় কিন্তু এইটো নম্বৰ দেখোন তাৰ নহয়।
___________ কি......?
স্বাগত দাৰ পৰা ফোনটো লৈ মই নম্বৰ টো নিজেই মিলাই চালো। মিলা নাই।
___________ নহয় চোন। তেতিয়া হ’লে কাৰ নম্বৰ এইটো।আৰু মোক ইমান বেয়াকৈ কৈছিল যে....?প্ৰান্তিক বুলিয়েই কৈছিল সোধাত।
বৰ্ষা___________ আৰু এটা আচৰিত হ’বলগীয়া কথা। প্ৰথমতে পাখিয়ে তোৰ লগত সেইয়া কৰিলে। তাৰ পাছত প্ৰেয়সীৰ কথা গম পালো আৰু এতিয়া ফোন নম্বৰ টো অচিনাকি কাৰোবাৰ......
__________ সঁচাকৈ মানে কি হৈছে মোৰ লগত? এতিয়া কি কৰো বাৰু।অচিনাকি নম্বৰ এটাৰ পৰা তেনেকৈ মেচেজ আহিছে। কোনোবাই এইবোৰ কৰো বুলি কৰি থকা নাইতো। নহ’লে মই প্ৰান্তিকক ভাল পাওঁ বুলি কেনেকৈ গম পাব,কেনেকৈ নিজকে প্ৰান্তিক বুলি চিনাকি দিব?
বৰ্ষা________ তোৰ কোনোবা চিনাকি মানুহেই তেনেকুৱা কৰি আছে নেকি বাৰু।নহ’লে এইবোৰ.....? 
বেলেগ কোনোবাইয়ো গম পাই নেকি? নহ'লে আগৰ বাৰ তেনেকুৱা কৰা নিচিনাকৈ তোৰ বৰ্তাৰ ল'ৰাটোৱে কৰি আছে নেকি?
____________ সুমন দা! নাই নাই সি তেনেকুৱা নকৰে। সি এতিয়া ভাল হ’ল।ঘৰলৈ যাওঁতে এইবাৰ সি মোক নিজেই মাতিছে। তাৰ ওপৰত সন্দেহ কৰাটো ভুল হ’ব। আৰু বেলেগ কোনেও গম নাপাই এইবোৰ কথা।
বৰ্ষা__________ তেতিয়া হ’লে পাখি.....?
__________ নাজানো কিন্তু মোৰ অলপ অলপ তাইৰ ওপৰতো সন্দেহ হৈছে। তাই মোক কিছুমান কথা এনেই কৈছে নেকি?
স্বাগত___________ তুমি এটা কাম কৰা ফোন নম্বৰ টো ক'ৰ হয় ,কাৰ হয় সেইটো উলিওৱা।বাকী খিনি মোৰ দায়িত্ব।
_________ ওম...
বৰ্ষা_________ হ’ব এতিয়া বহুত কথা পাতিলো। ঘৰ যাবৰ হ’ল।কিবা এটা খাই লওঁ।
স্বাগত দাই খাবলৈ কিবা কিবি অৰ্ডাৰ দিলে।

         অলপ পাছত খাই বৈ মই ঘৰলৈ যাবলৈ গাড়ীত উঠিলো। বৰ্ষা আৰু স্বাগত দা ও যাবলৈ ওলাল।

আগলৈ....?

🖋️পূৰ্ণিমা হালৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)