তুলসীৰ তলে তলে

©Admin
0
    অসমীয়াৰ বাপতি সাহোন আজি কাতি বিহু | আহিন মাহৰ সংক্ৰান্তী ( দোমাহী )ৰ দিনা প্ৰতিজন অসমীয়াই অতি গৌৰৱেৰে এই বিহু পালন কৰে | এয়া প্ৰতিজন অসমীয়াৰ স্বাভিমানৰ প্ৰতীক বিহু আমাৰ প্ৰাণৰ, হৃদয়ৰ স্পন্দন , আমাৰ জাতীয় উছব |
    কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয় | কাৰণ এইখিনি সময়ত যোৱা বছৰৰ সাঁচতীয়া ধানখিনি শেষ হয় আৰু পথাৰৰ খিনিও আনিবৰ নহয় | সেয়েহে খেতিয়ক সকলৰ খাদ্যৰ কিছু নাটনি হয় বাবে এই বিহুক কঙালী বিহু বুলিও কয় | এই বিহুত কোনো উলহ মালহ , জাক-জমকতা নাথাকে | আন বিহুৰ দৰে এই বিহুৰ উৰুকা নাথাকে | আহিন মাহৰ সংক্ৰান্তীৰ দিনাই বিহু | বিহু বিহুৱেই | বিহুৰ দিনা পুৱাৰ পৰাই গৃহস্থ আৰু গৃহিণীৰ গাত তত নাথাকে | ঘৰ দুৱাৰ মচা , চাৰিও ফাল চাফাকৰা আদি | মূলতঃ কাতি বিহুৰ দিনা গধুলি পথাৰত চাকি দিয়া , ভঁৰালত চাকি দিয়া , আকাশবন্তি জ্বলোৱা আদি কামবোৰ কৰা হয় | পথাৰত খেতিদৰাত চাকি জলোৱা মূল উদ্দেশ্য, ইয়াৰ ঘাই কাৰণ হ'ল খেতিত হোৱা ফচলখিনি যাতে কোনো অপকাৰী কীট-পতঙ্গই অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হয় | তাৰ বাবে কবিয়ে কবিতা লিখি কৈছে......
কাতি মাহত    আকাশ বন্তি
     জ্বলাই শাৰী শাৰী |
আঘোণ মাহত   সোণালী ধান
      থাকে পথাৰ ভৰি || 
তাৰোপৰি চোতালখন মচি এটা তুলসীৰ পুলি ৰুব লাগে | সন্ধিয়ালৈ তুলসীৰ তলত এগছি বন্তি জ্বলাই একেই প্ৰাৰ্থনা জনোৱা কৰা হয় যাতে খেতি দৰাৰ কোনো অনিষ্ট নহয় আৰু নদন বদন হয় | সাধ্যানুসাৰে গধুলিলৈ তুলসীৰ তলত বহি নাম এফাঁকি গায় নৈবদ্য আগ বঢ়োৱা হয় | বিহু সংস্কৃতিৰ অন্যতম উপাদান | সংস্কৃতি পৰিবৰ্তনশীল , সংস্কৃতি কেতিয়াও স্থিতাৱস্থাত নাথাকে, থাকিব নোৱাৰে | গতিকে সময়ে সময়ে সমাজলৈ পৰিবৰ্তন আহে | সমাজেও তাক আঁকোৱালি লয় | আমাৰ বিহুলৈকো পূৰ্বৰ তুলনাত পৰিবৰ্তন আহিছে আৰু আমি সেয়া মানি লৈ সকলোৱে আদৰি লৈছো | দক্ষিণ কামৰূপ অঞ্চলটোৰ জনসাধাৰণে অতি উলহ মালহেৰে বাপতি সাহোন কাতি বিহু পালন কৰে | আন ঠাইৰ তুলনাত ইয়াত অকনমান বেলেগ ধৰণেৰে তেওঁবিলাকে কাতি বিহু উদযাপন কৰে | ইয়াৰ দ্বাৰা তেওঁলোকৰ সামাজিক বান্ধোনৰ কথাটো স্পষ্ট হয় | মানুহে চুবা পাতি বাস কৰে | এয়া মানুহৰ স্বভাৱ | চুবাই প্ৰতি যি কেইঘৰ মানুহে বাস কৰে সন্ধিয়া সময়ত সকলোৱে চোতালত আবেলিতে তুলসী পুলিৰ সৈতে পুতিথোৱা কলপুলিৰ তলত নৈবদ্য আগবঢ়ায় | চাকি বন্তী জ্বলায় , আকাশ বন্তী জ্বলায় , কিছুমান আলোক সজ্জাৰো ব্যৱস্থা কৰে | দেখি ভাল লাগে | সন্ধিয়া হোৱাৰ লগে লগে চুবাটোৰ মানুহখিনি ওলাই আহি লগ লাগে | তাৰ পিছত খোল, তাল, নাগাৰা লৈ ঘৰে ঘৰে নাম গাবলৈ যায় | নাম গাই উঠি প্ৰসাদ খায় | এনেদৰে প্ৰত্যেক ঘৰ গৃহস্থৰ ঘৰলৈ যায় | কোনো অঞ্চলত আকৌ প্ৰত্যক ঘৰ গৃহস্থৰ পৰা প্ৰসাদখিনি লৈ নামঘৰ বা হৰি মন্দিৰত লগ লাগি তাত নিয়মানুসৰি প্ৰসাদ বিতৰন কৰি চাহ মিঠাই খাই ঘৰাঘৰি যায় | তেওঁলোকে তুলসীৰ তলত এনে ধৰণে নাম পৰিবেশন কৰে.....
     তুলসীৰ তলে তলে
      মৃগ পহু চৰে 
     তাকে বধিবলৈ 
      ৰামে যতন কৰে  |
     জয় অ হৰিবোলা
      জয় অ ৰামবোলা  |
  এনেদৰে হৰি ধ্বনি দি গৃহস্থৰ কুশল মংগল কামনা কৰে | এনেদৰেই কাতি বিহু উদযাপন পৰ্বৰ সামৰণি পৰে ৷  

  🖋️ হেমেন হাজৰিকা
         মিৰ্জা |

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)