যাদুৰ পৰশৰ শাৰদ-বাণীকান্ত লহকৰ

©Admin
0
চকু দুটা ডাঙৰকৈ মেলি
বিৰিং বাৰাং অস্ফুট স্বৰত
মূৰত মেঘৰ কলীয়া টুপী পিন্ধি
নিশ্চয় যাদুৰ পৰশত শাৰদ
টুপুৰ টাপাৰ চকুৰে নিগৰিছে পানী

মোৰ বাদে আন কাৰো সাধ্য নাই
ক'বলৈ
কিয় এনেকুৱা কৰিছে শাৰদে
কথা আছিল শুকুলা চন্দ্ৰ তাপ আঁৰি
তাতে বাখৰ খুৱাবলৈ এআকাশ তৰা

বতাহত চটিয়াই দিবলৈ সুগন্ধ
-শেৱালী ফুলৰ
প্ৰকৃতিৰ চাৰিওফালে তোৰণ সাজিবলৈ
- কহুৱা ফুলেৰে

আৰু যাদুৰ দণ্ডৰে শাৰদ কোঁৱৰে
দুবৰিৰ কাণত ক্ষন্তেক সময়ৰ বাবে
পিন্ধাই দিব নিয়ৰৰ মুকুতা

মানুহৰ মন আৰু হৃদয় টানি নিব
প্ৰাৰ্থনা ময় সময় নদী সোঁতেৰে
পৱিত্ৰ কৰিবলৈ কলুষিত জ্ঞান গংগা
দেৱীপূজাত উবুৰি খাই পৰিব
বিশ্বাসৰ দোলেৰে বন্ধা ৰীতি নীতি ।

✍️বাণীকান্ত লহকৰ
ধনবাদ,ঝাৰখণ্ড

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)