শৰতৰ বতৰত শেৱালীবোৰ
ফুলিছে থোপাথোপে ৷
জোনাকৰ আকুলতাত নিয়ঁৰ
সৰিছে টোপাটোপে ৷৷
মলয়াই চৌপাশে শেৱালিৰ
সুগন্ধি সুৱাস বিলাইছে ৷
কঁহুৱাই হালি জালি মতলীয়া হৈ
শৰতৰ গুণ গাইছে ৷৷
ধলপুৱাই তলসৰা শেৱালীয়ে
দূৱৰিক আলিঙ্গন কৰিছে ৷
"ক্ষন্তেকীয়া জীৱনৰ" কথা কৈ
উচুপি কান্দিবলৈ ধৰিছে ৷৷-
বুকুত আছে অপ্ৰকাশ্য যন্ত্ৰণাৰ দাৱানল ৷
মৃত্যুনুভৱে জীয়াই থকাৰ ক্ষুধা তিয়াই গ’ল ৷৷
এবুকু হেঁপাহ জন্ম লয় হৃদয়ৰ আঁহে আঁহে ৷
উজলি উঠে এমুঠি সপোন জীৱনৰ কোঁহে কোঁহে ।।
স্বাৰ্থত অন্ধ হোৱা ৰূঢ় বাস্তৱৰ এয়া অভিলেখ ।
স্বপ্নও জিয়াই থকাৰ ক্ষুধা ক্ৰমশঃ হয় নিঃশেষ ৷৷
হয়তো এয়াই অৰ্থ আমাৰ "ক্ষন্তেকীয়া" জীৱনৰ ৷
এয়াই জীৱৰ স্বীকাৰোক্তি অনাদি অনন্তৰ ৷৷
✍🏻 ৰঞ্জুমা ৰহমান
বাইহাটা চাৰিআলি
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ