জাতিৰ পিতা

©Admin
0
এটা চিনাকী নাম 
ই নাম নহয় 
যুগ যুগান্তৰৰ ই এক পূৰ্ণিমাৰ জোন 
জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধী |
পিতা, তোমাৰ আদৰ্শৰ অবিহনে 
মোৰ জীৱন নিৰৰ্থক |
তোমাৰ সততাৰ বিনে 
পৃথিৱী নিস্তব্ধ |
তুমি যে মুকুতাৰ মালা ;
জাতিৰ পিতা তুমি ;
তুমিয়েই হ'লা দেশৰ জয়শ্ৰী |
মহামানৱ তুমি ;
অভ্ৰভেদী বীৰ ;
সত্যৰ অস্ত্রৰে কৰিলা মৃত্যুঞ্জয় |
তোমাৰ আছে আৰু বহু অনাখৰী ভাষা..... 
মাথো মই এটাই জানো... 
তোমাৰ সত্যৰ বিনে পৃথিৱী নিস্তব্ধ |
ক'ত বাৰু উপজিছিল 
তোমাৰ এই সত্য আদৰ্শ! 
শদিয়াত নে ধুবুৰীত ?
পূবত নে পশ্চিমত? 
নে দক্ষিণৰ নীলৰ পাৰত??? 

🖋️অবিনাশ বড়া 
আমগুৰি মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)