এটা দুষ্ট গাধৰ কাহিনী ~চানেকিৰ শিশু চ'ৰা ( শিশুবোৰ ফুলৰ দৰে ) - হেমেন হাজৰিকা


   এখন দেশত এজন ধনী সদাগৰৰ এটা গাধ আছিল | সদাগৰজনে গাধটোক মৰমো কৰিছিল | গাধৰ পিঠিত চাউলৰ বস্তা বোজাই দি এখন দূৰৰ ঠাইত বিক্ৰী কৰিবলৈ নিছিল,আৰু মাজ ৰাস্তাত তাক কিছু বস্তু খাবলৈকো দিছিল | তাৰদ্বাৰা সদাগৰজন লাভান্বিতও হৈছিল | 
    এদিন সদাগৰৰ ঘৈণীয়েকে সদাগৰক ক'লে এয়া দূৰ্গা পূজাৰ সময় গতিকে বজালৈ অধিক চাউল বিক্ৰীৰ বাবে নিবা | গাধৰ পিঠিত বোজা বেছিকৈ দিবা | দূৰ্গাপূজাত মানুহে খীৰ খায় আৰু তাৰ বাবে চাউলৰ অধিক প্ৰয়োজন হ'ব | সেয়েহে বজাৰত চাউল বেছিকৈ বিক্ৰী হ'ব | তেতিয়া আমাৰ লাভো অধিক হ'ব | সদাগৰে কৈছিল ঠিক আছে | তুমি যি কোৱা সেয়ে হ'ব | কিন্তু দুষ্ট গাধটোৱে এই সকলোবোৰ কথা মনে মনে শুনি আছিল আৰু ভাবিছিল বাৰু মই তহঁতক ভাল শিক্ষা দিম | মোৰ পিঠিত অধিক বোজা দিয়াৰ কথা চিন্তা কৰি আছা কিন্তু মোৰ কষ্টৰ কথা হ'ল ভবা নাই |
    ভবা মতে কাম পিছ দিনা সদাগৰে গাধটোৰ পিঠিত আন দিনাতকৈ অধিক বোজা দি বজাৰলৈ গৈ আছিল | এনেদৰে বজাৰলৈ যাওঁতে সিহঁতে এখন নৈ পাৰ হ'ব লাগিছিল | এইবাৰ গাধটোৱে এটা বুদ্ধি কৰিলে | নদীৰ মাজ পাওঁতেই সি পৰি যোৱাৰ অভিনয় কৰিবলৈ ধৰিলে | এনেদৰে পানীত পৰি গ'লে চাউলখিনি ভিজি যায় আৰু সেই চাউল বজাৰত বিক্ৰী কৰাৰ অনুপযোগী হৈ পৰে | এনেদৰে কৰোঁত কৰোঁত সদাগৰৰ লোকচান হ'বলৈ ধৰিলে | সদাগৰ বিপাঙত পৰিল | গতিকে এদিন তাক এজন ধোবীৰ তাত বিক্ৰী কৰি দিলে | 
   ধোবাজনে এইবাৰ তাৰ পিঠিত কেতিয়াবা শুকান কাপোৰ , কেতিয়াবা ভিজা কাপোৰৰ বোজা অধিক দি তাৰ কাম কৰাবলৈ ধৰিলে | এই কাম কৰোতে যদি গাধটোৱে কিবা দুষ্টামী কৰে তেতিয়া তাৰ পিঠিত এচাৰীৰ কোব পৰিবলৈ ধৰিলে | ধোবীজনে তাক খুউব কোবাই | কোব খাই খাই , অধিক বেজা টানি টানি সি লেবেজান হৈ সি ভাবিবলৈ ধৰিলে , মই সদাগৰৰ তাত থকা হ'লেই ভাল আছিল | তাত ইয়াৰ দৰে কষ্ট পোৱা নাছিলো | মাৰ খাব লগাও হোৱা নাছিল | খাদ্যও ভালদৰে পাই আছিলো | এতিয়া ইয়াত মোৰ সকলোফালে লোকচান কৰিবলৈ ভাবোতে , অহিত চিন্তা কৰোঁত এতিয়া মই তাৰ পৰিণাম ভোগ কৰিব লগাত পৰিছো | 
দেখিলানে মইনাহঁত গাধটোৰ বাৰু কিয় এনে দশা হ'ল | আনৰ অহিত চিন্তা কৰোঁত হয়নে নহয় বাৰু ? 
   গতিকে কেতিয়াও আনৰ বেয়া চিন্তা কৰিব নালাগে | কথাতে নকয় জানো আনলৈ বুলি হুল পুতিলে নিজেই মৰে ফুটি |

✍️হেমেন হাজৰিকা
মিৰ্জা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send