ৰুণজুন খণ্ড -২৯ (ধাৰাবাহিক উপন্যাস)

©Admin
0
   ৰুণৰ বিশ্ববিদ্যালয়ৰ বান্ধৱী পল্লৱীয়ে এনেকৈ বন্ধুত্বক বিশ্বাসঘাটক কৰিব বুলি ৰুণে সপোনতো ভবা নাছিল । ৰিহণতো ৰিহণেই । মতা মানুহক ধৰা পেলাবলৈ বৰ সহজ নহয় । বাহিৰত থকা মানুহে ক'ত কাৰ লগত সম্পৰ্ক কৰে
- একমাত্ৰ কৰাজনেহে জানে । ইমান দিনৰ পুৰণি প্ৰশ্নৰ উত্তৰ এনেকৈ পাব বুলি ৰুণে ভাবিবই পৰা নাছিল । ক'ৰ পৰা কি যে হৈ গ'ল । সপোন সপোন যেন লগা ঘটনাই - ৰুণৰ বুকুতে এনেকৈ বিন্ধিব বুলি ভবাই নাছিল । ৰুণে কাক, কেনেকৈ, কোনখিনিৰ পৰা কথাখিনি আৰম্ভ কৰিব, পৰিকল্পনাই কৰিব পৰা নাছিল । তাই ভাবিলে প্ৰথমে ফটোখিনিৰ তিনিটামান চেট প্ৰিন্ট কৰাই ল'লে ।
বুকুত অযুত দুখে খুন্দা মাৰি ধৰিলে ।
ৰিহণে ইমান ডাঙৰ কথা এটা লুকুৱাই ৰাখিছে !! ৰুণে মৰি যোৱাৰ সমান দুখ পালে । এই দুখখিনিৰ ভাৰ অকলে সহিব নোৱাৰিলে ।
মনটো বৰ দুৰ্ব্বল অনুভৱ কৰিলে । কিবা অলপ হলেওঁ আশা আছিল যদিওঁ সকলো শেষ হৈ গ'ল । কাম-কাজত মন নবহা হ'ল । টিউচন চেণ্টাৰৰ সকলো কাম মেনেজাৰৰ হাতত দিলে । ৰুণৰ গা ভাল নহয় বুলি জনালে ।
   আজি ইমান বছৰে ৰিহণে যি প্ৰতাৰণা কৰি আছে - তাকে ভাৱি পাৰ নাপালে !! মানুহ কেনেকৈ হঠাতে ইমান হৃদয়হীন হৈ যাব পাৰে ???
ইমান দিনৰ ৰহস্যৰ দুৱাৰ খুলি যি দেখা পালে তাৰ পাছৰ পৰা ৰুণজুন স্বাভাৱিক হ'ব পৰা নাছিল । 
চৰম প্ৰতাৰণা । 
ৰুণে ভাবিছিল, পল্লৱীক মাত্ৰ দুদিনহে মোৰ লগত পাইছিল, সেই দুদিনৰ চিনাকীতে কেনেকৈ এনেকুৱা হ'বলৈ পালে ?
ৰুণে অনুভৱ কৰিলে, " ময়েই পৃথিৱীৰ ভিতৰত সকলোতকৈ দুৰ্ভগীয়া নাৰী নেকি ? "
ভাগ্যৰ চৰম অন্যায় ।
আজি তাইৰ মনটােক নিজেই সান্তনা দিব পৰা নাই" ।
ৰুণে অন্তৰংগ বান্ধৱী মুনলিমালৈ ফোন কৰিলে আৰু তাইক মাতি পঠিয়ালে ।
মুনলিমা আজি আবেলি আহিব , ৰুণে অধীৰ অপেক্ষাৰে ৰৈ থাকিল ।
যথা সময়ত মুনলিমা আহিল আৰু মুনক দেখিয়েই ৰুণে হেঁপাহ পলুৱাই কান্দিলে॥
মুন হতভম্ব হৈ গ'ল !!
কি হ'ল ৰুণৰ ? মুনে
প্ৰশ্ন কৰাৰ আগতেই ৰুণৰ কান্দোন আৰম্ভ হোৱাত মুনে তধা লাগি চাই থাকিল !!
কিছু সময় কন্দাৰ পিছত ৰুণ অলপ শান্ত হ'ল ।
মুনেও একো নক'লে । গোটেই পৰিৱেশতো গোমা-গোমা হৈ গ'ল ।
ৰুণৰ দুচকুৱেদি মাত্ৰ চকুপানী ব'বলৈ ধৰিলে ।
মুন তাইৰ বান্ধৱী, সকলো কথা -বতৰাই দুয়োজনীৰ মাজত মুকলিকৈ চলে ॥
মুনে বুজিলে নিশ্চয় বহুত ডাঙৰ ঘটনা হ'ব লাগিব, নহ'লে এনেকৈ নাকান্দে ।
মুনে জোৰ কৰি নুশুধিলে ।
ৰুণে নিজে নিজে কওঁক বুলি অলপ অপেক্ষা কৰিলে । মুনে ৰুণৰ সেই অৱস্থা দেখি পাকঘৰত সোমাই কফি দুকাপ পগাই লৈ আহিল ।
ৰুণ শান্ত হ'ল । তাই হাত মুখ ধুই আহি সচাঁকৈয়ে চাহ নাইবা কিবা গৰম কিবা এটা খাবলৈ মন কৰোতেই হাতত গৰম কফিকাপ পাই তৃপ্তিৰে খালে ।
:ৰুণে মুনলিমাক গোটেই কথাখিনি ক'লে ।
: মুনে কৈছিল , "মই বহুত বছৰ আগতেই ভাবিছিলো ৰিহণৰ নিশ্চয় কোনোবা প্ৰেয়সী আছে, আৰু সেই ভবাৰ দৰেই হ'ল "।
পিছে , এতিয়া কি কৰিম বুলি ভাবিছ' ?
: তাকে মই ঠিৰাং কৰিব পৰা নাই । মুন অহাত দুখখিনি অলপ হলেও পাতল হোৱা।
যেন অনুভৱ কৰিলে । এই অন্তিম দুখৰ দিনৰ সংগীৰ সমান কোনো হ'ব নোৱাৰে । এইবােৰ কথা ৰুণে মাক দেউতাকক কয় কেনেকৈ ?
: তই দুদিনমান আমাৰ ঘৰলৈকে ব'ল ।
ৰুণে নাযাওঁ বুলি কৈছিল । মুনে একপ্ৰকাৰ জোৰ কৰি তেওঁলোকৰ ঘৰত কেইদিনমান থকাকৈ মাতিলে মানে এতিয়াই লগত নিবলৈ ওলাল ।
:দুৰ্ব্বল মনৰ ৰুণে না বুলি ক'ব নোৱাৰিলে । একো নোকোৱাকৈ লগত ওলাল ।কেয়াৰটেকাৰক কেম্পাচতোৰ চোৱা- চিতা কৰিবলৈ দি মুনৰ লগত আহিল ।
:মুনৰো ৰুণৰ বাবে বৰ বেয়া লাগিল ।
মুনৰ ঘৰত একোৰে অভাৱ নাই । গিৰিয়েক ডাক্তৰ, গোটেই দিনেই ব্যস্ত হৈ থাকি গধূলিহে ঘৰ সোমাইহি । ৰুণক যিমান পাৰে অলপ সংগ দিলে । মুনৰ সংগ পাই ৰুণ অলপ প্ৰকৃতিস্থ হ'ল । মুনে ধৈৰ্য্য ধৰিবলৈ বুজনি দিলে আৰু প্ৰতিটাে সমস্যাৰ বাবে লগত সহায় কৰিবলৈ কথা দি থ'লে । মুনে ৰুণক বুজালে ইমান ডাঙৰ কথাটো তই ঘৰত নজনােৱাকৈ থকাতো ভাল হ'ব জানো ? মাৰক হলেওঁ কথাখিনি কৈ থ' । নহলে আণ্টিহঁতে মনত দুখ পাব ।

ৰুণে ভাবিলে, " হয়, মই এতিয়া দুৰ্ব্বল হ'লে নহ'ব" । সকলোবােৰ কথা জানিওঁ নজনাৰ ভাওঁ ধৰি থাকিল । এই কথাখিনি জনাৰ আগতে, ৰিহণৰ লগত যি চুক্তি কৰিছিল - সেই চুক্তিমতে সকলোবােৰ আদায় কৰি লৈহে তাই ৰিহণ আৰু পল্লৱীৰ সম্পৰ্কতোৰ কথা দুই ঘৰত ফাদিল কৰি দিব বুলি পাঙিলে । অহা মাহত ৰিহণ দিল্লীৰ পৰা আহিব । সেয়ে তাই মনে মনে ঘৰত গেট টুগেদাৰ এটা পতাৰ কথা দুয়াে ঘৰকে জনাই থৈছিল যে দিনবাৰ ঠিক কৰা নাই জুলাই মাহৰ তাৰিখৰ ভিতৰত পাতিব বুলি জনাই থলে ।
হৃদয়ৰ একোণত ৰুণৰ কোনোবা খিনিত
বৰকৈ বিষাই আছিল !
নাৰীয়ে নিজৰ স্বামীক আনৰ হোৱাতো সহ্য কৰিব পাৰে জানো ?
কিমান কষ্টকৰ !! নিজে নিজকে প্ৰশ্ন কৰিলে -"মই ইমান অপদাৰ্থনে মােক এৰি পল্লৱীক ৰিহণে আকোৱালি ল'লে" !!
নিজকে শেষ কৰি দিওঁ বুলিওঁ ভাৱে !
কি কৰো ?
মই অকলে সংসাৰত নাই । ল'ৰা দুটাক কেনেকৈ এৰি থৈ যায় ? এনে নানান প্ৰশ্নৰ উত্তৰ নিজে-নিজেই দি ভাবিবলৈ ল'লে।

নাই, নাই, এনেকৈ সিহঁতক আলাই- আথানি কৰি যাব নোৱাৰোঁ । সিহঁতক ঘৰখন পাতি দিয়া আৰু সিহঁতৰ নামত সম্পত্তিবােৰ কৰি দি ল'ব । তাৰ পিছত ৰুণে ভাবিলে যি মন যায় তাকেই কৰিম ।
দুদিনমান মুনৰ ঘৰত থকাৰ পিছত ৰুণ গুচি আহিল নিজৰ চেণ্টাৰলৈ ।

( আগলৈ)

✍️মীনা পামে গাম
চিপাঝাৰ, দৰং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)