স্তৱক -১
বিষাদৰ গছজোপা নুৰুৱা
মনৰ পৰা আঁতৰাবলৈ চেষ্টা কৰা
যিমান পাৰা ভাল কথা ভাৱা
নহ'লে সুখী হ'ব নোৱাৰিবা ।
স্তৱক -২
========
দুখ আৰু সমস্যাক
আৱৰ্জনাৰ দৰে
আঁতৰাবলৈ চেষ্টা কৰা,
ন'হলে জীৱন বাটৰ
ই সদায় হেঙাৰৰ দৰে হ'ব ॥
স্তৱক-৩
========
কাৰো বেয়া নাভাৱিবা
শত্ৰুৰো অপকাৰ নাভাৱিবা
কিন্তু, শত্ৰুক চিনি থবা ॥
স্তৱক-৪
=======
প্ৰকৃত বন্ধুৰ বাদে
সকলোৱে তোমাক ভাল পায় বুলি নাভাৱিবা,
কাৰণ মানুহ চিনা বৰ টান ॥
📝মীনা পামে গাম
চিপাঝাৰ, দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ