মা, ভাত দে, ভোক লাগিছে! পেট পুৰিছে,
ঃবোপাই,ভাত ৰান্ধিবলৈ ঘৰত এটাও চাউল নাই!
ভাত নাই যদি ৰুটিকে দে,
বোপাই আটাও নাই,
তেন্তে কি খাই পেটৰ জুই নুমুৱাও, আকাশত ওলমি থকা ৰুটি যেন জোনটোকে পাৰি আনি দে মা, চা চোন কেনেকৈ জোনটোৱে মোক খা,মোক খা কৰি আকাশত ওলমি আছে, তাকেই খাই পেটৰ পোৰণি মাৰো! তাক খাই পেলালে সি অন্ততঃ ভোকাতুৰ পেটটোৰ সন্মুখত পুনৰ অগা-দেৱা কৰি আমনি কৰিব নোৱাৰিব!
✍বিজয় লক্ষ্মী বৰা (দেৰগাঁও)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ