অহিংসাৰ পূজাৰী

সেয়া কি তেজৰ নদী বৈ আহিছে চাৰিওফালে! 
আই তুমি ক'ত
চৌদিশে নাই স্থবিৰতা
আত্মাৰো নাই নিৰাপত্তা
পুত্ৰ কন্যা ভাতৃ- বধূ 
নাই সবে চিনা-চিনি
চৌদিশ হাঁহাকাৰ বিননি
মহাত্মাৰ আদর্শক দিলে বিসৰ্জন, 
অহিংসাৰ বলেৰে বিদেশী 
    খেদাই
সত্যৰ পথেৰে দিলে আগুৱাই
অসহযোগ  আন্দোলন খাটি
     কাৰাবাস
৪৭ত ভাৰত মাতৃক কৰিলা স্বাধীন, 
হাতেৰে সূতা কাটি 
বিদেশী বস্ত্ৰ বৰ্জন কৰি
জ্বলাব দিলা, 
কপাহী বস্ত্ৰ পৰিধান কৰি
জগত পোহৰ কৰি 
অহিংসাৰ মূলমন্ত্ৰ জগাই 
তুলিকা। 
হিংসা, দ্বেষ-বিদ্বেষেৰে বিতাৰিত মানৱতা
এয়ে নেকি নিদৰ্শন শ্রেষ্ঠ
  মানৱতা, 
অহিংসা মন্ত্রেৰে শক্তিমান
মহাত্মা জাতিৰ পিতা
মন্ত্ৰ যাৰ মমতাৰ।
নানা ভাষা, নানা ধৰ্ম 
ভিন্ন জ্যোতি ৰূপ 
ভালপোৱা মিলাপ্ৰীতি 
কতনো হেৰাল, 
অমিয়া সৰগ বানী 
ক'তনো লুকাল, 
মানৱী প্রেমৰ গঙ্গা 
আকৌ এবাৰ ,
কিদৰে নমাই আনো
উদ্দীপ্ত ধৰাৰ,
ঈশ্বৰ আল্লা তেৰে নাম
সবাকো সুমতি দে ভগৱান
নাই উচ্চ-নীচ, ভিন-পৰ 
মৰিলে পুনৰ এই 
   পৃথিবীতেই জনম।। 

     🖋️ ৰুনু শর্মা
  গুৱাহাটী, পাঞ্জাবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send