কহুঁৱাৰ উল্লাসৰ জোৱাৰ তুলি
ঘন কুঁৱলীৰ বুকুফালি
দুৱাৰদলিত শৰৎ ।
সেউজীয়া দুৱৰীত
শুকুলা শেৱালিৰ দলিচাত
সৰে নিয়ৰৰ মুকুতা মণি ।
হৃদয়ত জগাই এক শিহৰণ
বাজি উঠে এক কম্পন ।
হালধীয়া সঁৰিয়হডৰাত
প্ৰাণৰ পখিলা জাকে
পাতে মৌমেল
জোনাকে হাঁহে
শাৰদীয় আকুলতা বাঢ়ে ।
✍🏻 পৰিস্মিতা তালুকদাৰ
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ