শিৱসাগৰৰ ঐতিহ্যপূৰ্ণ ‘দিখৌ দলং’

©Admin
0
 ১৮২৬ চনৰ ২৬ ফেব্ৰুৱাৰী এই উক্ত দিনটোতে মান ৰজা আৰু ইংৰাজৰ মাজত সম্পাদিত ইয়াণ্ডাবু সন্ধিৰ মর্মে অসমৰ স্বাধীনতাৰ বেলি মাৰ গৈ অসমত ইংৰাজে খোপনি পুতিলে। 
         এই ইংৰাজ সকলেই কুৰি শতিকাৰ তৃতীয় -চতুৰ্থ দশকত ভাৰতবর্ষত অভিযান্ত্রিক দিশত বৈ‌শিষ্টপূর্ণ তিনিখন দলং নিৰ্মাণ কৰিছিল। সেই দলং কেইখনৰ ভিতৰত এখন দলং কলিকতা আৰু হাওৰা নগৰ সংযোগী হুগলী দলং, যাক বৰ্তমান ৰবীন্দ্র সেতু নামেৰে সর্বজনবিদিত। আনখন দলং হৈছে পূর্বৰ পূব পাকিস্তান (বাংলাদেশ) পদ্মা নদীৰ ওপৰত থকা ওপঙা দলং। 
        তৃতীয়খন দলং হৈছে ঐতিহ্যমণ্ডিত শিৱসাগৰৰ “দিখৌ দলং”।সেই সময়ত ইংৰাজে অসম টাঙ্ক ৰ'ডৰ ওপৰেদি পৰা হৈ যোৱা বিভিন্ন নদীৰ সংযোগী সেতু নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল। এই কামৰ মুখ্য দায়িত্বত আছিল অসমৰ অভিযন্তা সকলৰ পিতামহ হৰিপ্রসাদ বৰুৱা। শিৱসাগৰ আৰু যোৰহাট সংযোগী দিখৌ দলং নিৰ্মাণ কৰিবলৈ পৰিকল্পনা কৰোঁতে ইংৰাজ চৰকাৰ এক সমস্যাৰ সন্মুখীন হৈছিল। সেই সময়ত কলিকতাৰ লগত অসমৰ বাণিজ্যিক সেৱাত জন পৰিবহনৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছিল। নাজিৰাস্থিত অসম চাহ কোম্পানীৰ চাহপাত জলপথেদি কলিকতালৈ নিয়া হৈছিল। নিৰ্মাণ কৰিবলগীয়া দিখৌ দলঙখনে নাজিৰালৈ অহা- যোৱাৰ ক্ষেত্ৰত প্রতিবন্ধকতাৰ সৃষ্টি কৰিব। সেয়ে এই সমস্যাৰ সমাধানৰ হেতু ইংৰাজ চৰকাৰে দলঙখনৰ মাজ অংশ ওপৰলৈ তোলাৰ ব্যৱস্থা কৰিলে যাতে দলঙৰ তলেৰে জাহাজসমূহ হেলাৰঙে পাৰ হ'ব পাৰে। বিজ্ঞ সকলৰ মতে, এই দলঙখনেই পৃথিৱীৰ একমাত্র দলং।যিখন সম্পূৰ্ণৰূপে ওপৰলৈ তুলিব পাৰে। 
       দিখৌ দলং আৰু বহু দলং নিৰ্মাণৰ দায়িত্ব ন্যস্ত কৰা হ'ল ইংলেণ্ডৰ Braithwaite Company ক। তেওঁলোকে কলিকতাত Braithwaite Co(India)Ltd নামেৰে এটি কোম্পানী স্থাপন কৰি দলং নিৰ্মাণৰ কাম আৰম্ভ কৰছিল। ইংলেণ্ডৰ “ব্ৰিটিছ ষ্টিল কোম্পানী” আৰু ভাৰতৰ “টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী''ৰ পৰা নির্দিষ্ট জোখত নিৰ্মাণ কৰি লোৱা সামগ্ৰীসমূহ শিৱসাগৰলৈ আনাৰ ব্যবস্থা কৰছিল। ইংলেণ্ডৰ পৰা অহা সামগ্ৰীসমূহ কলিকতাত সৰু জাহাজলৈ স্থানান্তৰ কৰা হয় আৰু টাটা লোহাবিলাকো কলিকতাতে জাহাজত তুলা হয় আৰু দিখৌমুখেদি জাহাজ আহি বৰ্তমান থানাঘাটৰ ওচৰত সামগ্ৰী সমূহ নমোৱা হৈছিল। থানাঘাটৰ পৰা গৰু,ঘোঁৰা গাড়ী আৰু মানুহৰ কান্ধটো সামগ্ৰী সমূহ নিৰ্মাণথলীলৈ অনা হৈছিল। দলঙখনৰ Screw Pile Diving নিয়মত নিৰ্মাণ কৰিছিল আৰু খুঁটাবিলাক Monkey Dive কৰি পুতিছিল। দলঙখনৰ মাজ অংশ কাঠেৰে নিৰ্মিত। এই অংশ কপিকলেৰে দাঙিব পৰা ব্যৱস্থা আছে। কপিকলেৰে দাঙিবৰ বাবে ওপৰত এটা টঙীঘৰ আছে। উঠোৱা নমোৱাৰ বাবে দঙা অংশৰ দুয়োমুৰে ওজন থকা আয়ত ক্ষেত্ৰকাৰ কংক্রীট শ্লেব আছে। উঠাবৰ সময়ত কপিকলৰ দুয়োকাষৰ কংক্রীট শ্লেবৰ ঘৰৰ ৰচী দুডাল ঢিলা কৰি দিয়া হয় আৰু উঠাবলগীয়া অংশ লাহে লাহে ওপৰলৈ উঠি যায় আৰু ওলোটা প্রক্রিয়াৰে পুনৰ নমাই অনা হয়। 
         জাহাজ আহিলে এক মাইল দূৰৈতে উকি মাৰে আৰু লাগে লগে চকীদাৰে মাজৰ অংশৰ দোয়ো মূৰে থকা জপনা বন্ধ কৰি দলংখন ওপৰলৈ তোলাৰ ব্যৱস্থা কৰে। ১৯৩৫ চনত এই দলংখন পথচাৰীৰ বাবে মুকলি কৰে আৰু দুজন মাছুল সংগ্ৰহকাৰী আৰু চাৰিজন চকীদাৰক নিযুক্তি দিয়ে। মাচুল সংগ্ৰহকাৰী দুজন আছিল যদুনাথ ওজা আৰু যোগানন্দ বৰুৱা আৰু চকীদাৰ চাৰিজন আছিল— নামতিৰ সৰুপাই, জেঙণিকটীয়াৰ পিয়াৰমহম্মদ, টিয়ক বনাইৰ বলো কলিতা আৰু বাৰেঘৰ সত্রৰ এগৰাকী ব্যক্তি। তদুপৰি অভাৰচিয়াৰ ৰূপে সীতাৰাম দাসে কার্য্যনির্বাহ কৰছিল। সেই সময়ত মাচুল আছিল এনেধৰণে —
     প্রতিজন ব্যক্তিৰ—২ পইছা
      চাইকেলসহ ব্যক্তি —১ (এট) অনা ২ পইচা
      মটৰ গাড়ী —১ টকা 
      গৰু গাড়ী—৬ (ছয়) অনা
      মাল ভর্তি ট্রাক—২ টকা 
      খালী ট্রাক—১টকা ৮ অনা
      ব্যক্তি বা গাড়ী একেদিনাই ঘূৰি অনিলে,ওভতনি যাত্ৰাৰ মাচুল দিব নালাগিছিল। এই মাচুল সংগ্ৰহৰ ব্যৱস্থা ১৯৩৫ চনৰ পৰা ১৯৩৭ চনলৈকে প্ৰযোজ্য আছিল।
        আশী(৮০) বছৰীয়া এই ইতিহাস প্ৰসিদ্ধ দলংখনৰ সমসাময়িক ৰবীন্দ্র সেতু বৰ্তমান অচল অৱস্থা। সেয়ে সকলোৱে মিলি আমাৰ গৌৰৱ ধ্বজাবাহক স্বৰূপ দিখৌ ললংখন সংৰক্ষণ কৰিব লাগে। শিৱসাগৰ জিলাৰ মাজমজিয়াৰ দিখৌ নৈৰ ওপৰত গৌৰৱে থিয় হৈ আছে। 
      দিখৌ দলংখনৰ চাৰিসীমা —
      পূৱে—নাজিৰা মহকুমা আৰু চৰাইদেউ জিলা।
      পশ্চিমে —ব্ৰক্ষ্মপুত্ৰ নৈ আৰু মাজুলী 
      উত্তৰে— শিৱসাগৰ জিলাৰ সদৰ আৰু ডিব্ৰুগড় জিলা। 
      দক্ষিণে— আমগুৰি সমষ্টিৰ, টিয়ক আৰু যোৰহাট জিলা। 
   
✍️লোকেন্দ্র কুমাৰ দাস 
অসমীয়া বিভাগ তথা শিৱসাগৰ জিলাৰ সাহিত্য সমাজৰ সাধাৰণ সম্পাদক ,শিৱসাগৰ ,অসম। 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)