কিছু ধেমালি--পৰম্পৰা... ~অনুভৱ-হেমেন হাজৰিকা

©Admin
0
আজি ধন , সম্পদ , টকা পইচা,ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্রী দেৱী লক্ষ্মী দেৱীৰ আৰাধনাৰ দিন | শাৰদীয় দূৰ্গা পূজাৰ পিছৰ পূৰ্ণিমাৰ দিনাই লক্ষ্মীদেৱীক আৰাধনা কৰা হয় | জনসাধাৰণে বিশ্বাস কৰে যে লক্ষ্মী দেৱীক পূজা কৰিলে ধন , টকা , পইচা , সম্পদ,ঐশ্বৰ্য, বিভূতি আদি লাভ হয় | সেই পৰম্পৰা তাহানি কালৰে পৰা চলি আহিছে | লক্ষ্মীদেৱীৰ ভক্তসকলে বৰ উলহ-মালহেৰে এই পূজা পালন কৰে | পুৱাতে চাফ্ চিকুণ হৈ ঘৰ দুৱাৰ মচি দিনত উপবাস কৰি থাকে | তাৰ পাছত নিশাৰ ভাগলৈ পূজাভাগ কৰা হয় | লক্ষ্মী পূজা মূৰ্তি পূজা বিশ্বাসী সকলে উলহ-মালহেৰে পালন কৰে | দেৱীৰ মন্দিৰ চৌহদ আজিৰ তাৰিখত বিভিন্ন আলোক সজ্জাৰে সজ্জিত কৰি তোলে | ঢাক ঢোল বজাই , আৰতি কৰে ধূপ- দীপ নৈবেদ্য আগবঢ়াই , ঢুলীয়া কালিয়াই ৰজনজনাই থাকে | মুঠতে মানুহে খুউব উলহ মালহেৰে এই পূজা পালন কৰে |

    সমগ্ৰ অসমবাসীৰ লগতে দক্ষিণ কামৰূপবাসী জনগণেও বৰ উলহ- মালহেৰে এই পূজা পালন কৰে | দক্ষিণ কামৰূপ অঞ্চলটো বিভিন্ন সাহিত্য, সংস্কৃতি, ঐতিহাসিক,গৱেষণামূলক তথ্যৰে সমৃদ্ধ এটা অঞ্চল | অৱশ্যে এইবাৰ কোভিড-১৯ মহামাৰীৰ বাবে এই আনন্দ- উল্লাস বহু পৰিমানে হ্ৰাস হৈ পৰিছে | মানুহৰ মাজত আগৰ সেই উছাহ ,উদ্দীপনা নাই | মাথো নিয়ম মাফিক কামখিনি কৰিব | এইবাৰ সমগ্ৰ অসমবাসীৰ লগতে দক্ষিণ কামৰূপবাসীৰ জনগণৰ মাজতো সেই উল্লাস নাই | সকলো নিস্তেজ | আগৰ দিনবোৰত যে আজিৰ দিনটোত কি যে নকৰে | যাত্ৰা পাৰ্টীকে আদি কৰি সকলো হয় | অৱশ্যে এইবাৰ কোভিড মহামাৰীৰ বাবে যাত্ৰাপাৰ্টী সমূহো বন্ধ হৈ থাকিল | এই লক্ষ্মীপূজা দক্ষিণ কামৰূপবাসী ৰাইজে সকলো বৈদিক নীতি-নিয়ম সঠিক ভাৱেই পালন কৰে | দক্ষিণ কামৰূপৰ অন্তৰ্গত বৰিহাট এটা উন্নত অঞ্চল | ইয়াত অতি বহলভাৱে লক্ষ্মীপূজা পালন কৰে | কিন্তু পৰিতাপৰ বিষয় এইবাৰ এই সকলো আনন্দৰ পৰা অঞ্চলটো বঞ্চিত হ'ব | 
    লক্ষ্মীপূজাৰ দিনটো এই অঞ্চলবাসী ৰাইজে কিছু ব্যতিক্ৰমী ৰূপত পালন কৰি আনন্দ নিজৰ মাজত ভগাই লয় | এনে নিয়ম যথাসম্ভৱ আন ক'তো পালন কৰা নহয় কিজানি | ইয়াত নিহিত আছে কিছু নিৰ্দোষ ধেমালি , কিছু পৰম্পৰা , কিছু বিশ্বাস | এই কামটোত বিশেষকৈ সৰু ল'ৰা ছোৱালী আৰু চেঙেলীয়া ডেকা ল'ৰাবোৰ জড়িত হয় |
     নিশা ভাগৰ পূজাৰ কামকাজ সমূহ অন্ত পৰাৰ পিছত সকলোৱে প্ৰসাদ গ্ৰহণ কৰি ঘৰা-ঘৰি যায় | লক্ষ্মী পূজাৰ দিনা দক্ষিণ কামৰূপৰ জনগণ প্ৰসাদ হিচাপে বেছিকৈ বগা বস্তু ব্যৱহাৰ কৰে | নাৰিকল , চিৰা , পিঠাগুৰি আদি বগা বগা বস্তুৰে বিভিন্ন সোৱাদ লগা বস্তু তৈয়াৰ কৰি প্ৰসাদ হিচাপে ব্যৱহাৰ কৰে | গাখীৰৰ পৰাও কিছু খাদ্য তৈয়াৰ কৰে | সেই সমূহ লক্ষ্মী দেৱীৰ পূজাৰ প্ৰসাদ হিচাপে প্ৰদান কৰে | সেই সমূহ খাই বৈ অটাই ধেমালি-ধুমলা কৰি সকলো যেতিয়া ঘৰত সোমাই; মাজনিশা যেতিয়া সকলো শুইপৰে,তেতিয়া সেই ল'ৰাবোৰে মানুহৰ ঘৰৰ নাৰিকল , তামোল , আদা , হালধি , কল , অমিতা মুঠতে যাৰ বাৰীত যি পায় সেই বস্তু সমূহ চুৰি কৰে | কাৰোবাৰ ঢেঁকী তুলি আনি কাৰোবাৰ ঘৰৰ গছত বান্ধি থয় | কাৰোবাৰ ঘৰৰ জপনা , বেৰা খুলি কাৰোবাৰ বাৰাণ্ডাত থয় | এইবোৰ কৰি থাকোতে যদি গৃহস্থই সাৰ পাই ওলাই আহে তেতিয়া সিহঁতে চিঞৰ-বাখৰ কৰি ভিৰাই লৰ মাৰে | অৱশ্যে এই আনন্দৰ গইনা লৈ কোনো কোনোৱে অত্যাচাৰো নকৰা নহয় | সেয়া তেতিয়া ধেমালি হৈ নাথাকে | এনেবোৰ ধেমালিও ভাল নলগা নহয় , লাগে | গৃহস্থ সকলেও একো নকয় , কিন্তু ধেমালিৰ নামত অত্যাচাৰ হলে কেতিয়াবা কাজিয়াও হয় | সেইবোৰ কেতিয়াবাহে ঘটে | সকলোৱে বছৰৰ এটা দিনত সমূহীয়া ভাৱে এনেদৰে ধেমালি কৰে | 
     এনেদৰেই এই অঞ্চলত সমাপ্ত হয় লক্ষ্মী পূজা আৰু কিছু নিৰ্দোষ ধেমালি |

✍️হেমেন হাজৰিকা
মিৰ্জা
     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)