জোনাক ফুলা ৰাতি শব্দ বোৰ বাজে
অনুৰণন হৈ অন্তহীন নীলিমালৈ
শুভ্ৰ শেৱালিৰ বুকু তিয়াই যায়
আকাশৰ মুধছেদি সৰি পৰি
নিয়ৰৰ টোপালে ........
আহিনৰ বোকোচাত শৰত আহে
সুবাস ছটিয়াই ঐনিতমৰ সুৰত।
থোৰ ধৰা ধানৰ বুকু
গাভৰু হয় ভৰুণ ভৰত !
খেতিয়কৰ মেজাংকৰি মনবোৰত
হেঁপাহে গৰ্ভৱতী হৈ
ঘৰে ঘৰে বাজে গধূলিৰ আৰতি,
সোণোৱালী হ'ব ধৰা সেউজীয়া পথাৰে
হেঙুলীয়া আভাৰ আশা ছটিয়াই
খেতিয়কৰ হৃদয় চাপৰিত .....
বানে শালিনতা কাঢ়ি নিয়া পথাৰৰ
দোঁ-খাই পৰা আশাই
আহিনৰ বৰ্ণাঢ্য ৰূপত মূৰ দাঙি চায়
এতিয়া সকলোতে বাজিছে
কেঁচাধানৰ গোন্ধৰ ঢৌত
খেতিয়কৰ প্ৰেমৰ জুনুকা ।
🖋️হীৰামনি শৰ্মা উপমন্যু
গুৱাহাটী,বেলতলা -28
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ