প্ৰাপ্তিৰ বাটত অপ্ৰাপ্তিৰ ৰেঙণি

©Admin
0
মৰমীৰ আজি বৰ আনন্দ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত স্কুলৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে। মাক - দেউতাক ঘৰখনৰ লগতে সমগ্ৰ গাঁওখনত আজিৰ মৰমীৰ এই সফলতাৰ বাবে আনন্দৰ ঢৌ উঠিছে। গাঁৱৰ,স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীকে আদি কৰি ঘৰখনত অলেখ মানুহ। মাক - দেউতাক আৰু মৰমীক আজি সকলোৱে প্ৰশংসা কৰিছে । বিভিন্নজনে বিভিন্ন উপহাৰ দি তাইক আৰু প্ৰেৰণা যোগাইছে।
   
সকলোফালৰ পৰা আজি তাই আনন্দ অনুভৱ কৰিছে যদিও তাইৰ এনেকুৱা অনুভৱ হৈছে যেন আজিৰ পৰা তাইৰ দেউতাকৰ মূৰত আকৌ এটা গধুৰ বোজা আহি পৰিল। দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দি থকা দেউতাকক তাই কোনো উন্নত শিক্ষানুষ্ঠানত পঢ়িম বুলি জেদ কৰিব নোৱাৰে।তাইৰ ইচ্ছা থাকিলেও আজি তাই উন্নত উচ্চ শিক্ষা লাভৰ বাবে বিশেষ পাঠ্যক্ৰম অধ্যয়ন কৰিবলৈ সমৰ্থ নহয়।এই কথাবোৰ ভাবিয়েই তাইৰ দুচকুৰে দুধাৰী অশ্ৰু নিগৰি আহিছে।

🖋️প্ৰিয়ংকা গায়ন

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)