কুঁৱলীৰ আঁচল টানি
ধৰালৈ নামিছে শাৰদী ৰাণী
শ্যামলী পাতৰ উৰণি গুচাই
শেৱালি পাহিয়ে মাৰিছে হাঁহি৷
বতাহে বতাহে শাৰদী সুৰভি
হালিজালি নাচিছে কহুৱা বননি
চিনাকি চিনাকি ছন্দেৰে
হৃদয়ত বাজিছে সুললিত ধ্বনি৷
সেউজীয়া পথাৰ,আশাৰ ৰেঙণি
পক্ষীৰ কাকলিৰে মুখৰিত ধৰণী
গছে বনে সজীৱতা,ভোমোৰাৰ গুঞ্জন
নিৰ্মল আকাশত তৰালিৰ নাচোন৷
ৰিব্ৰিব্ সমীৰণ,শাঁত পৰে দেহমন
দুচকুত ভাহিঁ উঠে সোণসেৰীয়া সপোন
সেউজীয়া ৰং সানি শৰতৰ আগমন
হে ঋতু ৰাণী,তোমাক স্বাগতম৷
✍️কানন গোস্বামী
ধুবুৰী৷
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ