কাতি বিহু কঙালী ~ গল্প-দুলুমণি গগৈ

©Admin
0

              তাইৰ নাম মৰমী আছিল। মৰমীয়ে দুবছৰীয়া কেঁচুৱাটো লৈ আহিছিল। মোৰ বৰ মৰম লাগি গ'ল। ৰাস্তাত থিয় হৈ ৰ' লাগি আমাৰ ঘৰলৈ চাই থকা দেখি মাতি আনিছিলো। ওচৰৰ গাঁওখনৰে মহিলা। গিৰিয়েকে চাইকেল চলাই পাচলি বেপাৰ কৰি আছিল। লকডাউনত বজাৰ বহা নাই। সেইবাবে ডাঙৰ খৰাহীটো চাইকেলত বান্ধি ৰাস্তাই ৰাস্তাই ঘূৰি পাচলি বেচিছিল। মৰমী সদায় নাহে। ল'ৰাটোৰ অলপ পেটৰ অসুখ হোৱাত ওচৰৰে প্ৰাথমিক চিকিৎসা কেন্দ্ৰত দেখুৱাই যাবলৈ সেইদিনাহে গিৰিয়েকৰ লগত আহিছিল। বেছি দূৰ নহয়। গিৰিয়েকৰ পাচলি শেষেই হৈছিল। পাচলি বিক্ৰী কৰা টকাৰে তেল নিমখ কিনিবলৈ তেওঁ গৈছিল ওচৰৰে দোকানলৈ। সেয়ে তাই আমাৰ পদূলিতে থিয় হৈ তেওঁলৈকে অপেক্ষা কৰি আছিল। 
      মোৰ আকৌ বৰ মৰম লাগি গৈছিল কেঁচুৱাটিলৈ। ভিতৰৰ পৰা কে'ক অকণমান আনি হাতত ধৰাই দিয়াত মহা-আনন্দৰে খাবলৈ লাগিল। ময়ো লকডাউনৰ নিয়ম নীতিৰ দোহাই দি মোৰ দুটাক ভিতৰতে বন্ধ কৰি থ'লো। 
 মৰমীৰ লগত কথা পাতি থাকোঁতে গম পালোঁ যে তাই কৰিবলৈ কাম বিচাৰি ফুৰিছে। 
 

          লকডাউনত হেনো সকলোৱে জিৰণি লৈছে। শুনিছোঁহে! মই কেতিয়াও জিৰণি নাপালো। পৃথিৱীৰ জিৰণিৰ সময়ত অনলাইনত 'ঘৰৰ পৰা কাম' কৰাৰ নতুন বেমাৰটোৱে ৰাতি-দিন চিন নোহোৱা কৰি পেলালে। ইফালে ঘৰুৱা-সহায়িকাই নতুনকৈ চৰকাৰী আঁচনিৰ সুবিধা পাই 'আনলক'ৰ পাছতো কামলৈ নহা হ'ল। ল'ৰা ছোৱালীৰ স্কুল নাই। ঘৰত মাকক সদায় কাষতে পাই সাজে প্ৰতি বিধে বিধে ব্যঞ্জনৰ তাগিদা দিয়া হ'ল। 

        মৰমীয়ে উপযাচি কোৱা কথাটোত এক মূহুৰ্তও পলম নকৰাকৈ তাইক কামত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰি পেলালো। এনেয়ে আমাৰ মানুহৰ এইবোৰ কাম কৰাৰ ইচ্ছা নাথাকে। দুখত পৰিহে সুধিছিল বুলি জানিছিলোৱেই। কেঁচুৱাক শাহুৱেকে ৰাখিব বুলি কোৱাত নিশ্চিন্ত হ'লো। 
 
     পিছদিনা সঁচাই মৰমীয়ে আহিয়েই কামত ধৰিলে। দুদিন পাছত কাতি বিহুৰ উৰুকা। দেউতাকৰ হেপাঁহ ল'ৰা ছোৱালীক এইবাৰ কাতি বিহু কি- ঘৰতে ভালদৰে পালন কৰি দেখুৱাব। মাক ঘৰতে আছে। কামত সহায় কৰা সহায়িকাও আছে। তেওঁ যোগাৰ কৰি গ'ল। আগতে কেতিয়াও এনে সুযোগ অহা নাছিলেই ।
       
         পিছে মোৰ অফিচে কাতি বিহু নামানে। মোৰ কাম আছিল। মৰমীক বিহু বুলি মৰমতে টকা কেইটামান দিলোঁ। অৱশ্যে তাই নুখুজা হ'লে নিদিলোহেতেঁন। তাই দুদিন ঠিকেই আহিল। আগলৈও খতি নকৰাকৈ আহি থাকিব বুলি কথা দিলে। 
  
        উৰুকাৰ দিনা অফিচৰ কামৰ বোজাত মূৰ তুলিব নোৱাৰা অৱস্হা। মৰমীলৈ বাট চাই চাই তেওঁ নিজেই তিওৱা চাউলৰ পিঠা খুন্দিলে। পুতেক-জীয়েকৰ সৈতে বোকা খচি খচি তুলসীৰ গুৰিত ঢিপ বনালে। ল'ৰা ছোৱালী হালে পিঠা বুলি কিবাকিবি বনাই হাতত ঢৌ তুলি ল'লে। সন্ধিয়ালৈ তেৱেঁই চাকি-বাতি দিলে। মোৰ উৰুকাৰ ৰাতিটো সিহঁতৰ কাৰোবাৰ হাতত, কাৰোবাৰ মূৰত মলম ঘঁহি ঘঁহি পাৰ হ'ল। লগতে বোকা খচি নাকৰ পানী আৰু চকুৰ পানীৰে একাকাৰ হোৱা সৰুটোৰ কান্দোনে বিহুৰ আনন্দ ভালকৈয়ে অনুভৱ কৰালে। 
      দুদিন পাছত মৰমী আহিল।মোৰ কথা শুনি তাই ক'লে
      --" মই আহিবলৈ ওলাইছিলো বাইদেউ । মানুহটোৱেহে ক'লে কাতি বিহুৰ উৰুকাৰ দিনা কোনো তিৰোতা ঘৰৰ পৰা বাহিৰলৈ নাযায়। আৰু বোলে খেতিখোলা নথকা মানুহৰ নো কি কাতি বিহু?" 
  
মোৰ নিজৰ মানুহটোলৈহে খং উঠিছিল! 

 ✍️দুলুমণি গগৈ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)