নীলা খামৰ চিঠি

©Admin
0

মৰমৰ
           অনুৰাধা………
    পত্ৰে মোৰ মৰম পঠালো তোমালৈ বুলি। আশাকৰোঁ আকোঁৱালি ল'বা দুহাত মেলি! কুশলে  আছা বোধকৰোঁ! সদা কাম্য মোৰ তাৰেই । তুমি কুশলে থাকা প্ৰতিদিনে। মোৰ ভাল বুলি ক'ব নোৱাৰো এতিয়া। তথাপি ,আছো কোনোমতে জীয়াই!
        অনুৰাধা……। বৰ কঠিন এই ৰাস্তা। বহুত খলা-বমা। বহুত পাক। বহুত মেৰ-পাক। তুমি মোক ভুল নুবুজিবা অনুৰাধা। সকলো যোগ্যতা থাকিও যেতিয়া সামান্য কেইটামান টকাৰ অভাৱত চাকৰিটোৰ বাবে যোগ্যতা অৰ্জন কৰিব নোৱাৰিলোঁ। বৰ ধিক্কাৰ উপজিল মনত। জীৱনৰ ওপৰত । ৰাষ্ট্ৰ তন্ত্ৰৰ আৰু শাসন ব্যৱস্হাৰ ওপৰত উপজিছিল বিৰাট বিতৃষ্ণা। অসহায় মোৰ আইৰ উকা কপালখন চাই প্ৰচণ্ড জুই একুৰা দপ্-দপাই জ্বলি উঠিছিল সিদিনা। মোৰ বুকুত ,আৰু…… কি জানো কীট এটাই কুটি খাইছিল মনটো। সেইবাবেই আৱেগৰ তাড়নাত গুচি আহিছিলো বহুত দূৰলৈ। আইৰ পৰা…… তোমাৰ পৰা……। ৰাষ্ট্ৰ তন্ত্ৰৰ বিৰুদ্ধে সাহসী সৈনিক হ'বলৈ সীমান্ত পাৰ হৈ।
                 অনুৰাধা…! বৰকৈ মনত পৰে মোৰ সেই লঘোনীয়া দিনবোৰলৈ। বোপাই হীন ঘৰখনত আইৰ কষ্টবোৰলৈ। আৰু…… আমাৰ প্ৰতিশ্ৰুতিবোৰলৈ, প্ৰিয় নৈ খনলৈ, চিনাকি ঘাটৰ বালি চৰ বোৰলৈ………।
           বৰ কষ্ট অ' ! বৰ কষ্টকৰ এই পথ। সীমাহীন হাবিতলিয়া পথত অন্তহীন যাত্ৰা। হাতত নিষিদ্ধ মৰণাস্ত্ৰ। পিঠিত একোটা বোজা। পাহাৰৰ থিয় গৰা। স্তব্ধ হৈ যায় দুভৰিৰ গতি। যেতিয়া মনত পৰে মোৰ আইৰ দুচকুলে। তোমাক দিয়া প্ৰতিশ্ৰুতিবোৰলৈ… !
     অনুৰাধা ! দিনটো বহুত বাটকুৰি বায় ,এতিয়া পাহাৰটোৰ শিখৰত বহি আছো। বহুত দিনৰ পাছত আজি আকাশৰ জোনটো চাই চাই ভাবি আছো কথাবোৰ। তলৰ জুৰিটোত চঞ্চল সংগীতৰ সুৰ। তাৰ সিপাৰে অৰণ্য আৰু অৰণ্য।সীমাহীন সেউজীয়াৰ নয়নাভিৰাম দৃশ্য! মুক্ত আকাশ। উজ্জ্বল জোনাকৰ পথাৰ। যেন এখন ৰূপোৱালী চাঁদৰ।
           অনুৰাধা! অনুভৱ কৰিছো আজি। আৱেগৰ তাড়নাত ভুল সিদ্ধান্ত এটা লৈ পেলালো মই! মই যেন আজি এক ক্ষমা হীন অপৰাধী। বিবেক দংশনত ভুগা মই তোমাৰ পাগল প্ৰেমিক। অন্যায় অবিচাৰৰ বিৰুদ্ধে যুদ্ধ দিবলে নেলাগে হ'ব নিষিদ্ধ সৈনিক। মানুহৰ মাজত থাকি মানুহৰ বাবে কাম কৰি  হ'ব পাৰিলো হয় সাহসী সৈনিক। তোমাক আৰু মোৰ আইক সুখী কৰিব পৰাকৈ বহুত কামেই আছিল কৰিবলৈ। তথাপি কিয় জানো, মনে বুজনি নেমানিল সিদিনা আবেলি………………
             অনুৰাধা! আজি বৰকৈ মনত পৰিছে আইলৈ……তোমালৈ………আৰু মোৰ সোণালী শৈশৱৰ স্মৃতিৰে ভৰপোৰ মোৰ গাওঁখনলৈ। সেই বকুলজোপালৈ……থিয় গৰাৰ চিনাকী ঘাটটোলৈ। লোমা-লোমে ফুলা কৃষ্ণচূড়া ,এজাৰ আৰু সোণাৰু কেইজোপালৈ। তুমি বাৰু আগৰ দৰে এতিয়াও আহানে নদীৰ ঘাটলে!
            কেতিয়াবা ভাবো ,ঘুৰি যাম ।ন-পথৰ ন- আদৰ্শৰে উদযাপিত কৰিম জীৱন। সকলো শূণ্যতা সামৰি পূৰ্ণতাৰে পাৰ কৰিম জীৱন। তোমাক দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰি এখন সংসাৰ পাতিম ।আইৰ মুখৰ হাঁহিবোৰ ঘুৰাই আনিম! নেজানো কি হয়! দেখা হয় বা নহয় পুনৰ! কি ঠিক কোন দিনা সুলকি পৰে হাতৰ মুঠিৰ পৰা থুনুকা জীৱন!
          অনুৰাধা………! মই জানো। মোৰ অবিহনে শূণ্য তোমাৰ জীৱন। মই যদি উভটি যাওঁ মোক তুমি আগৰদৰেই ল'বানে আকোঁৱালি? দিবানে পুনৰ একেলগে আগবঢ়াৰ প্ৰতিশ্ৰুতি? ঘৃণা আৰু অবজ্ঞাৰে তাচ্ছিল্য নকৰাতো, বিদ্ৰোহী সৈনিক বুলি…?
           বহু ৰাতি হ'ল । সামৰিলো আজিলৈ। সময় পালে আকৌ লিখিম তোমালৈ এবুকু প্ৰীতিৰে ভৰা এখনি নীলা খামৰ চিঠি। কুশলে থাকিবা তুমি। আলেঙে আলেঙে ল'বা মোৰ আজলী আইৰ খৱৰ বাতৰি।
 পুনৰ এবুকু মৰমেৰে………………………………ইতি
                                                       তোমাৰ প্ৰিয়
                                                            অসীম


🖋️প্ৰবিন দত্ত 

                                                                     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)