মোহ ‌(অণুগল্প)

©Admin
0
আহিনমহীয়া   নিয়ৰে সেমেকাই তোলা   দীঘল পদূলিটো  গচকি গৈ থাকোঁতে নঙলামুখৰ  শেৱালী জুপিৰ  কোমল সুবাসত   মোৰ মন পুলকিত হৈ পৰিছিল। আঁহতগুৰিৰ এই আপোন ঘৰখনলৈ মোৰ সঘনাই অহা যোৱা নহয় যদিও দৈৱকীপেহীৰ মৰম বৰষা মাতষাৰ শুনিলেই মোৰ ভোক পিয়াহ হৰি যোৱা যেন  অনুভৱ হয়। আজিও তাৰ ব্যতিক্ৰম নহল।

         ‌ দুৱাৰ মুখত ৰৈ " পেহীটি,  ঘৰত আছানে?" বুলি  মাত দিওঁতে লাখুটিত ভৰ দি শুৱনি মুখৰ আদহীয়া  বয়সৰ পেহীটি  আহি মোক সাৱটি ধৰি মৰমৰ চুমাৰে আদৰণি জনালে।যেন দৈৱকী পেহী  মোৰ আগমনৰ অপেক্ষাতেই  আছিল।  পেহীয়ে হাঁহি হাঁহি মোক ক'লে " আজি  মই তোৰ কথাই ভাবিছিলো অ' মানসীমা,  ভগবানেহে সংযোগ ঘটালে। আহ, ভিতৰলৈ আহ। মই তোৰ বাবে   চাহ- জলপানৰ   দিহা কৰোঁ"। কথাখিনি কৈ পেহীয়ে মোৰ হাতত ধৰি ভিতৰলৈ লৈ গ'ল।
 "মই চাহ খাম বাৰু পেহী। আহাচোন, অলপ ঘৰুৱা কথাকে পাতোঁ।"

          পেহীক কাষত বহুৱাই  সুখ-দুখৰ খা-খবৰ ল'লো। আজি দুবছৰ ধৰি জিতেন পেহা শয্যাগত হৈ আছে।  আঢ়ৈ বছৰ মানৰ পূৰ্বে  প্ৰাতঃ ভ্ৰমণলৈ যাওঁতে এটি পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জিতেন পেহাক চহৰৰ  চিকিৎসালয়ত ৰাখি চিকিৎসা কৰোৱা হৈছিল যদিও সম্পূৰ্ণ আৰোগ্য লাভ নকৰিলে। তেওঁৰ শুশ্ৰূষাৰ নিমিত্তে  বৰ্তমান চহৰত  কৰ্মৰত অভিযন্তা পুত্ৰ অনিৰুদ্ধই   গাঁৱৰ ঘৰখনত এজন মানুহ যোগাৰ কৰি দিছে । তেওঁ পেহাক ধৰি মেলি গা পা ধুৱাই দিয়াৰ 
উপৰিও নিত্য নৈমিত্তিক কামখিনি কৰাত  সহায় কৰি দিয়ে। ঘৰুৱা কাম খিনি চম্ভালি ল'বলৈ লীলাকাই আছে।  মুঠতে গাঁৱৰ আপোন ভেটিটো এৰি চহৰত থকা পুতেকৰ ঘৰলৈ যাব নোখোজা দৈৱকী পেহী আৰু‌ জিতেন পেহাই আঁহতগুৰিৰ আপোন ঘৰখনতে জীৱনৰ বিয়লি বেলাৰ দিনবোৰ কটাইছে। দিনটোত গাঁৱৰ ইযোৰা- সিযোৰা আহি পেহী-পেহাৰ খা-খবৰ লৈ যায়।    চাকৰিৰ ব্যস্ততাৰ  বাবে পুত্ৰ   অনিৰুদ্ধই  নিয়মীয়াকৈ আহিব নোৱাৰিলেও  মাহেকে পষেকে আহি পেহীহঁতৰ খা -খবৰ লয়।  দৈনিক ফোনত পেহী আৰু‌ পেহাৰ সৈতে কথা পাতে।  অনিৰুদ্ধৰ দায়িত্বজ্ঞানৰ কথা জানিব পাৰি ভাল লাগিল।  আহিবলৈ সময়ত  বিচনাত  জিৰণি লৈ থকা জিতেন পেহাক মাতষাৰ লগাই দৈৱকী পেহীক সেৱা জনাই  বিদায় লওঁতে পেহীয়ে এসোতা কান্দিলে। মোৰো দুচকু সেমেকি উঠিল। মোৰ হাতদুখনত ধৰি দৈৱকী  পেহীয়ে ক'লে" আপোন গাওঁখনৰ মায়া মোহ এৰিব পৰা নাই অ' মানসী মা,  বুঢ়া বয়সত আমাৰ হাড়-ছাল ইয়াতে পেলাব লাগিব!"
       পেহীৰ ঘৰলৈ আকৌ অহাৰ  প্ৰতিশ্ৰুতিৰে চিনাকি পদূলিয়েদি উভতি আহোঁতে মোৰ দুচকু পানীৰে ভৰিছিল।

🖋️ৰীতামণি বৰদলৈ ( গুৱাহাটী)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)