মৰম

দুভৰিত জোটপোট লগা সময়ত
আৰু চাইকেলৰ চকা ৰৈ দিয়া বয়সতেই
বুকুৰ মাজলৈ উজাই আহিছিল
অচিন আৱেগ,
নদীখন আপোন আপোন লাগিছিল
আৰু পনীটেইল কৰা চুলিৰ সুৱাসত
সাৰ পাইছিল আহিনে ৷
হেপাঁহৰ অন্য নাম মৰম
ঠিক তেতিয়াই বুজিছিল কোনোবাই,
শেৱালি অকল শৰৎ নহয়
তেতিয়াই কৈছিল কোনোবাই ৷
সময় দৌৰিছিল 
লক্ষ্য হয়তো নাছিল,
লোকচক্ষুৰ আঁৰত
কবৰ দিয়া হৈছিল অপৈণত আৱেগক ৷
এতিয়া সময়লৈ উভতি চোৱাৰ
অৱকাশ নাই কাৰোৰে
হয়তো প্ৰয়োজনো নাই,
নদীখন কিন্তুু একেই আছে
শেৱালিও ফুলিছে
একেই আছে আহিনৰ সুৱাস
শৰতো আহিছে সেই একেদৰেই...

🖋️ প্ৰণৱ চক্ৰৱৰ্তী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send