পৃথিৱীৰ চৌদিশে
ঠগ -প্ৰৱন্চকেৰে ভৰিল
হত্যা লুন্ঠনেৰে ধন -সোণ কাঢ়ে,
ৰােধিব কােনে ?
"দেশৰ ধন -সম্পত্তিৰ" পাহাৰ গঢ়ি
আড়ম্বৰত থাকে লুভীয়াৰ দল ।
বিদেশীৰ শাসনৰ তলত
থাকিব লাগিব
দে-শী-বাে-ৰ - যদিহে সজাগ নহওঁ,
সেইদিন অচিৰেই আহিব ।
আমােদ- প্ৰমােদত ব্যস্ত জনগণ
জুই পুৰি হাত পালেহি,
তথাপিও নাই কোনাে হুচ্ ।
অসাধু ব্যৱসায়ীয়ে
ভেজাল খাদ্য প্ৰস্তুত কৰাত ব্যস্ত ।
অখাদ্যক- খাদ্য কৰিছে,
ৰাইজ - সজাগ হওক,
পানীয় ভেজাল,
মছলা ভেজাল,
মাছ ভেজাল,
মাংস ভেজাল,
সকলাে খাদ্যই ভেজাল ।
ঔষধ ভেজাল
ৰােগ নিৰাময় হ'ব
ক'ৰপৰা ??
ৰােধৰ নামত - একােনাই দেশত
অন্ধভাৱে ভেজালকে খাইছে ।
সজাগ হওক জনগণ
সজাগ হ'বৰে হ'ল।
সজাগ হ'বৰে হ'ল ।।
চাৰিওফালে সন্ত্ৰাসবাদীৰ দপদপনিত
নিৰীহৰ প্ৰাণ যায়,
কত' মাতৃ, সহােদৰৰ অন্তৰৰ
হৃদয় - কপোৱা বিননিত
হেৰায় যায় নিশ্বাস ।
ইফালে দিনে-দিনে শত্ৰুৰ আগ্ৰাসন
ভাৰতৰ ওপৰত সকলোৰে চকু
আজি সেনা-জোৱানে
শ্বহীদ হৈয়াে ৰক্ষা পোৱা নাই
দেশৰ প্ৰতিৰক্ষাৰ বাবে ।
আমাক নতুন লাচিত লাগে ।
আৰু, বহুত নতুন লাচিত লাগে ।
লাচিতৰ দৰে হলেহে
এই দেশ ৰােধিব পাৰিব ॥
এই অন্যায়বােৰ ৰুধিবলৈ
"লাচিতৰ দৰে মনােবল" , থকা যুৱশক্তিৰ
প্ৰয়ােজন ॥
🖋️মীনা পামে গাম
চিপাঝাৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ