জোনাকী

©Admin
0
আঘোণৰ ঘন কুঁৱলী ফালি জোনাকে ভূমুকি মাৰিছে। এজাক মৃদু বতাহত উৰি ফুৰিছে অনুভৱৰ টুকুৰাবোৰ। আকাশত লেশ মাত্ৰ ও ডাৱৰ নাই। জোনাকে ম্লান পেলাইছে আকাশৰ নীলিমাক। আগচোতালত বহি জোনাকিয়ে চাই ৰৈছে জোনাক ভৰা আকাশলৈ। জোনাকীয়ে ৰাতিৰ আকাশখন চাই বৰ ভাল পায়। আকাশখন যে ইমান বিশাল! এই আকাশতে তাই দেখে ৰঙীন সপোনবোৰ, চিৰসেউজ আৰু চিৰনতুন। আকাশ‌ চাবলৈ এদিন তাইক ৰূপমে শিকাইছিল।
              ৰূপম আৰু জোনাকী একেখন গাঁৱৰে। একেখন আকাশৰ তলত, একেখিনি হাৱা পানীতে দুয়ো ডাঙৰ দীঘল হৈছিল।সৰুতে তেনেদৰে খেলৰ লগৰীয়া আছিল, যৌৱনৰো লগৰীয়া আছিল।"জোনাকী বাহিৰত কি কৰিছ', আহ ভাত বাঢ়িলো।" মাকৰ মাতত তাই সম্বিত ঘূৰাই পালে।
              আজি তাইৰ মন আনন্দৰে ভৰি আছে। কিমান দিনৰ পাছত যে তাইলৈ ৰূপমে মেছেজ কৰিছে। সেই চাকৰি পোৱাৰ পাছৰপৰা আজি ছমাহ তাই অপেক্ষাত আছিল। তাইৰ অভিমানো হৈছে ইমান দিন তাৰ এবাৰো মনত নপৰিল নে তাইলৈ? তথাপি তাই আনন্দিত,কাইলৈ ৰূপমদা আহিব, তাইৰ মৰমৰ ৰূপমদা...
              ৰূপম আহি ঘৰ পালেহি। সি অহাৰ বাবে ভনীয়েকৰ যি আনন্দ। তাইৰ বাবে কি আনিছে কি নাই অনা..মাকৰ আকৌ তাৰ বিয়া পতাৰ চিন্তা। চাকৰি এটা পালে যেতিয়া সি এতিয়া বিয়াখন পাতিব লাগে। মাকৰো বয়স হৈছে। দেউতাক ভনীয়েক সৰু থাকোঁতেই তেখেত এজন আদৰ্শ সাংবাদিক আছিল। এবাৰ বাতৰি সংগ্ৰহৰ বাবে যাওঁতে তেওঁৰ সন্ত্ৰাসবাদীৰ গুলীত মৃত্যু হৈছিল।
              ৰূপম আবেলিপৰত জোনাকীহতঁৰ ঘৰলৈ বুলি ওলাই আহে। 'খুড়ী,অ' খুড়ী'। চোতালৰ পৰাই সি মাতি গ'ল। সি ড্ৰয়িংৰূমতে বহি মাকৰ লগত কথা পাতে। তেনেতে জোনাকীয়ে পিছ ফালৰপৰা আহি চকু ঢাকি দিয়ে। ৰূপম,,,চাওঁ আঁতৰ। জোনাকীয়ে তাক জোনাক চাবলৈ বুলি বাহিৰলৈ উলিয়াই নিয়ে। কিমান দিনৰ পাছত যে আকাশৰ জোনাক আৰু তাৰ জোনাকী জনীক সি একেলগে দেখিছে। জোনাকীয়ে অনৰ্গল কথা কৈ গৈছে আৰু সি মাত্ৰ শুনি গৈছে। ৰূপমে ক'লে,"অহা ব'হাগত মোৰ বিয়া, আৰু...কইনা তই হ'বি।" হঠাৎ তেনেকৈ কোৱাত জোনাকী লাজতে ভিতৰলৈ দৌৰিল.......
             
                                🖌️ শুভাংশী নেওগ
                                      চাৰিং, শিৱসাগৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)