ছাত্ৰ-ছাত্ৰীৰ জীৱনত বিদ্যালয়ৰ প্রভাৱ

©Admin
0

পৰবৰ্তী দেশৰ সু নাগৰিক ছাত্ৰ-ছাত্ৰী সকলৰ জ্ঞান বিকাশৰ ক্ষেত্ৰখন হৈছে -তেওঁলোকে বিভিন্ন পৰ্যায়ত অধ্যয়ন কৰি অহা নিজ নিজ বিদ্যালয় সমূহ | বিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ এক বহল আৰু বিস্কৃত ৰূপত মানৱীয় মূল্যবোধক জাগ্রত কৰাৰ এক অক্লান্ত প্রয়াস | সেয়ে আমি বিদ্যালয়ক ছাত্র/ছাত্ৰীৰ অবিচ্ছেদ্য অঙ্গ বুলি ক'ব পাৰো | ছাত্ৰ/ছাত্ৰীৰ মহান উদ্দেশ্য আৰু লক্ষ্যক পৰিকল্পিত শিক্ষাৰ্থী কেন্দ্ৰীক ব্যৱহাৰে সিহঁতৰ ভৱিষ্যত জীৱনৰ গতি ধাৰাক আগুৱাই নিয়াটো বিগ্যালয় সমূহৰ  দায়িত্ব অপৰিসীম | বিদ্যালয় এখনৰ মৌলিক সম্পদ হৈছে ছাত্ৰ-ছাত্ৰী | ছাত্ৰ-ছাত্ৰী অবিহনে আমি বিদ্যালয় এখনৰ কথা ভাবিবই নোঁৱাৰো | বিদ্যালয় এখনত ছাত্ৰ-ছাত্ৰী থাকিলেহে বিদ্যালয়ৰ সকলো কাৰ্য পৰিচালনা কৰাৰ বাবে প্রয়োজন হোৱা সম্বল যেনে শিক্ষক , শিক্ষয়িত্ৰী ,কৰ্মচাৰী , বিদ্যালয় পৰিচালনা সমিতি, মাতৃগোট , স্থানীয় নিকায় , ৰাইজ অভিভাৱক ,অভিভাৱিকা আদিৰ প্রয়োজন হ'ব | ছাত্ৰ-ছাত্ৰীয়ে আগ্রহেৰে মোকাবিলা কৰিব বিচৰা শিক্ষাৰ ক্ষেত্ৰফলৰ ভিতৰত নিজকে ব্যস্ত ৰাখি নিজ নিজ মনোৰঞ্জক বিষয়বোৰৰ প্ৰতি আসক্তি হৈ তাৰ ফল লাভ কৰাৰ যি জাগ্রত মনৰ চেতনা , বুদ্ধি বৃত্তি তাক বাস্তৱিক ৰূপত কাৰ্যক্ষম কৰি তোলাটোৱেই শিক্ষক শিক্ষয়িত্ৰীৰ মহান কৰ্তব্য | 
   যিহেতু শিক্ষাৰ্থী সকলৰ ভৱিষ্যত জীৱনৰ কৰ্মৰাজী বিদ্যালয়খনৰ সৈতে জড়িত হৈ থাকে,সেয়ে বিদ্যালয় সমূহৰ পৰিচালকৰ দায়িত্বত থকা পৰিচালক গোষ্ঠীৰ নীতি আৰু আদৰ্শ শিক্ষাৰ্থী কেন্দ্রীক আৰু সুন্দৰ হোৱাটো বাঞ্চনীয় | এক সুষ্ট পৰিয়াল কেন্দ্ৰীক মনোভাৱেৰে শান্তি আৰু সমন্বয়ৰ ভেটিত আমি বিদ্যালয়ৰ পৰিবেশ ( Environment of School)  গঢ় দিয়া উচিত | বিদ্যালয়ৰ সামগ্ৰীক সুস্থতাই ছাত্ৰ ছাত্ৰী তথা মানৱ সম্পদ কেইটাৰ ভৱিষ্যত জীৱনৰ কৰ্মৰাজী সুস্থ আৰু জ্ঞানৰ দিশত প্রতিষ্ঠা কৰাত সহায় কৰিব বুলি নিঃসন্দেহে কব পাৰি |
      সেয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত নিদ্ধাৰণ কৰাৰ ক্ষেত্ৰত বিদ্যালয়ৰ ভূমিকা অধিক গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি | সেয়ে আমি ক'ব পাৰো সুস্থ বিদ্যালয় সুস্থ ছাত্ৰ ছাত্ৰী |

      🖋️হেমেন হাজৰিকা,মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)