সাৰঙ্গ ~ গল্প - হিৰণ্যময়ী বৰুৱা


  মহাভাৰতৰ দিনৰে সাৰঙ্গ পখীৰ নাম সকলোৱে শুনিছিল। এই সাৰঙ্গ পখীৰ কথাকে বাক্যত বিকয় গৈ ক'বলৈ আগবাঢ়িছো। 
আজিকালি সাংসাৰিক জীৱনত কোনো ভৰসা নাই।সেয়েহে এদিন লখিমীয়ে নিজৰ দাম্পত্য জীৱনৰ কিছুকথা জানিবলৈকে আইনজ্ঞ এজনৰ কাষ চাপিলে।মানুহে পখীৰ পৰাও কিছুমান শিক্ষা ল'ব পাৰে।সেয়েহে অধিবক্তা মণিকান্তাই তেওঁৰ কথাবোৰ লখিমীক ক'বলৈ ধৰিলে।
মানুহে এতিয়াও বহুত কথা জানিবলৈ বাকী আছে। উপমা হিচাপে সাৰঙ্গ পখীৰ কথাকে ক'ব বিচাৰিছো বুলি মণিকান্তাই ক'বলৈ ধৰিলে--.
আজিকালি দাম্পত্য জীৱনত বহুত কন্দল । ধৈৰ্য্যৰো সীমা নাইকিয়া হৈছে। পুৰুষসকলৰো চিন্তা শক্তি কমি আহিছে।এনেবোৰ কথাকে সমাজত চলিবলৈ ধৰিছে। আপোনালোকে তেতিয়াহ'লে সাৰঙ্গ পখীৰ কথাকে চাওকচোন বাৰু?সাৰঙ্গ পখীৰ কেইবাটাও পোৱালী জন্মিল।এনেতে সিহঁতে বাসকৰা হাবিডৰাৰ মাজত পুনৰ জুই জ্বলিলে।মতা সাৰঙ্গই হাবিত যেতিয়া বনজুই লাগিলে তেতিয়া সি তাৰ পোৱালি কেইটা আৰু তাৰ মাইকীজনীক বিপদকালীন অৱস্হাত তেনেকৈয়ে হাবিৰ মাজত এৰি থৈ গুচি গ'ল।বননিত লেলিহান জুইৰ অগ্নিশিখাই খাণ্ডৱ দাহ কৰিবলৈ ধৰিলে।মাতৃ সাৰঙ্গই বিলাপ কৰিবলৈ ধৰিলে। 'তহঁতৰ এতিয়া কি গতি হ'ব!পিতৃয়েও পৰিত্যাগ কৰিলে।


চিঞৰি চিঞৰি কান্দি থকা মাকক পোৱালীকেইটাই সান্তনা দিলে, আমাৰ বাবে চিন্তা কৰি তুমি ইমান বিতত নহ'বা। আমাক আমাৰ ভাগ্য ৰ ওপৰত এৰি দিয়া।এই জুইত যদিহে আমাৰ মৃত্যু হয়,পিছৰ জন্মত আমি
নিশ্চয় পক্ষীত কৈ উত্তম কুলত জন্ম লভিব পাৰিম।
কিন্তু, তুমি তোমাৰ নিজৰ প্ৰাণ  
ৰক্ষাকৰা। পুনৰ এটা লগ বিচাৰি তোমাৰ সংসাৰ আৰম্ভ কৰিব পাৰিবা।তেতিয়া মাতৃ সাৰঙ্গ ই ক'বলৈ
ধৰিলে--নেলাগে মই তহঁতক এৰি থৈ ক'লৈকো নেযাও । তহঁতৰ লগতে থাকিম।
মানুহে পক্ষীৰ পৰাও জ্ঞান ল'ব পাৰে।
এনেতে মানুহগৰাকীয়ে অধিবক্তাৰ পৰা বহুতো জ্ঞান সংগ্ৰহ কৰি গৃহমুখী হ'ল।

✍️হিৰণ্যময়ী বৰুৱা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send